নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৌদি তৰুণী মিছ ইউনিভার্ছ প্রতিযোগিতাত

🔹 কট্টৰ ইছলামিক ৰাষ্ট্রত ঐতিহাসিক ঘটনা

বিশেষ বাৰ্তা, ২৮ মার্চ : কট্টৰ ইছলামিক ৰাষ্ট্র ছৌদি আৰবৰ তৰুণীয়ে প্রথমবাৰলৈ মিছ ইউনিভার্ছ প্রতিযোগিতাত অংশগ্রহণ কৰিব৷ দেশখনৰ ইতিহাসত এয়া এক গুৰুত্বপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ ইতিমধ্যে কেইবাখনো আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণ কৰিছে ৰামী আলকাহটানি নামৰ তৰুণীজনীয়ে৷ অলপতে মালয়েছিয়াত অনুষ্ঠিত এক প্রতিযোগিতাতো অংশগ্রহণ কৰিছিল ছৌদি তৰুণীজনীয়ে৷ ছৌদি সুন্দৰী ৰামী হৈছে এগৰাকী প্রভাৱশালী মডেল৷ অলপতে নিজৰ ইনষ্টাগ্রাম হেণ্ডেলত ৰামীয়ে মিছ ইউনিভার্ছ প্রতিযোগিতাত অংশগ্রহণ কৰিব বুলি নিজেই ঘোষণা কৰিছে৷ সুন্দৰী ৰামীয়ে নিজৰ বিভিন্ন আলোকচিত্রও মুকলি কৰি দিছে ছ’চিয়েল মিডিয়াত৷ লক্ষণীয়ভাৱে ২০২৪ৰ মিছ ইউনিভার্ছ প্রতিযোগিতাত অংশগ্রহণৰ সুযোগ লাভ কৰি অত্যন্ত সুখী বুলি ঘোষণা কৰিছে ৰামীয়ে৷ খালিজ টাইমছৰ প্রতিবেদন অনুসৰি ৰিয়াধত জন্মগ্রহণ কৰা ৰামীয়ে সদায় নাৰী স্বাধীনতাৰ কথা কৈ আহিছে৷ বিভিন্ন সময়ত ছৌদি আৰবত মডেলৰ পেছাক জনপ্রিয় কৰি তুলিবলৈ চেষ্টা চলাই আহিছে ৰামীয়ে৷ উচ্চ শিক্ষিতা ৰামীয়ে সাধাৰণতে ছৌদি আৰবৰ সংস্কৃতিক ৰক্ষা কৰি সৌন্দর্য প্রতিযোগিতাত অংশগ্রহণ কৰি আহিছে৷ তথাপি নিজ মিছ ইউনিভার্ছ বা মিছ ৱর্ল্ড প্রতিযোগিতাত অংশগ্রহণৰ বাবে ছৌদি মহিলাক অনুমতি প্রদান কৰা নাছিল প্রশাসনে৷ কিন্তু শেহতীয়াকৈ ছৌদি আৰবত নাৰীৰ অধিকাৰৰ ক্ষেত্রত থকা বিভিন্ন নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে৷ ক্রীড়া ক্ষেত্রতো ছৌদি নাৰীয়ে বিশেষ অধিকাৰ লাভ কৰিছে৷

You might also like