নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ ইষ্ট জু-জিৎসু চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ অলংকৃতাৰ

গুৱাহাটীৰ মালিগাঁওস্থিত এন এফ ৰে’লৱে ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা জু-জিৎসু North east & Assam Open Ranking Championship-2026 প্ৰতিযোগিতাখনিত অসমৰ গোলাঘাট জিলাই মুঠ ২৯টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰ ভিতৰত গোলাঘাট নগৰৰ গোলাঘাপট্ৰিৰ বিপিন ফুকন নগৰৰ নিবাসী তুলসী তামুলী আৰু জিনুমণি তামুলীৰ দ্বিতীয় কন্যা অলংকৃতা তামুলীয়ে (U-14.U-48kg) ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। এনে সাফল্যৰ বাবে গোলাঘাট নগৰৰ লগতে অঞ্চলটিৰ লোকসকল আনন্দিত হৈ পৰিছে।

নিয়মীয়া বাৰ্তা, বাদুলীপাৰ, ৭ ফেব্ৰুৱাৰী
You might also like