নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাক্ষী, মীৰাবায়ে নাপালে অর্জুন বঁটা

চূড়ান্ত তালিকাত অসম কন্যা লাভলিনা বৰগোহাঁই

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ দেশৰ সর্বোচ্চ ক্রীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা পূর্বে লাভ কৰাৰ বাবে সাক্ষী মালিক আৰু মীৰাবাঈ চানুক এইবাৰৰ অর্জুন বঁটাৰ চূড়ান্ত তালিকাত অন্তর্ভুক্ত কৰা নহ’ল৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ মুকুন্দকাম শর্মা নেতৃত্বাধীন নির্বাচন কমিটীয়ে অর্জুন বঁটাৰ বাবে সাক্ষী আৰু চানুকে ধৰি মুঠ ২৯গৰাকী খেলুৱৈৰ নাম ক্রীড়া মন্ত্রালয়লৈ প্রেৰণ কৰিছিল যদিও কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৱে আজি এই তালিকা ২৭গৰাকীলৈ হ্রাস কৰে৷ তালিকাখনৰ পৰা বাদ দিয়া হয় ৰি’ অলিম্পিকৰ ব্রঞ্জ বিজয়ী মল্লযুঁজাৰু সাক্ষী মালিক আৰু ২০১৭ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ স্বর্ণ বিজয়ী মীৰাবাঈ চানুক৷ তেওঁলোকে পূর্বে খেলৰত্ন বঁটা পোৱাৰ বাবে অর্জুন বঁটাৰ তালিকাৰ পৰা বাদ দিয়া বুলি ক্রীড়া মন্ত্রালয়ে স্পষ্ট কৰিছে৷

You might also like