নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূপধৰা আৰক্ষীৰ জালত পলাতক গৰু ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ২ জুনঃ গোৱালপাৰা জিলাত একাংশ অসাধু চক্ৰই অসমৰ পৰা মেঘালয়লৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছে। সমান্তৰালভাৱে এনে দুষ্কাৰ্য ৰোধ কৰাৰ বাবে গোৱালপাৰা আৰক্ষী প্ৰশাসনেও তৎপৰ হৈ বিভিন্ন সময়ত তেনে সৰবৰাহকাৰী তথা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে জব্দ কৰি আহিছে অবৈধভাৱে মেঘালয়লৈ সৰবৰাহ কৰিবলৈ লোৱা গৰু। ইয়াৰ মাজতে জিলাখনৰ ধূপধৰা আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা কুখ্যাত গৰু ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধূপধৰা আৰক্ষী। পলাতক হৈ থকা বাবুল গাজি (২৮) নামৰ ব্যৱসায়ীজনক জিলাখনৰ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, কিছুদিন পূৰ্বে ধূপধৰা আৰক্ষীয়ে ধূপধৰাৰ বিমানপাৰাৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰি থকাৰ সময়তে বলেৰ পিকআপসহ জব্দ কৰিছিল আঠটাকৈ গৰু। গৰু সৰবৰাহৰ ঘটনাৰ সতে জড়িত আছিল বাবুল গাজি। আৰক্ষীয়ে গৰুকেইটা জব্দ কৰাৰ কথা অৱগত হোৱাৰ পিছৰে পৰা নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাইৰ বাসিন্দা বাবুল গাজি পলায়ন কৰি আছিল। এক গোপন সূত্ৰৰ পৰা জানিব পাৰি ধূপধৰা আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰপাৰা বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে বাবুল গাজিৰ বিৰুদ্ধে ধূপধৰা আৰক্ষী থানাত ৩৭/২৩ নম্বৰ ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৯/৪১৩/৩৪ আৰু পশু সুৰক্ষা আইন ২০২১ ৰ ১৩(১) ধাৰা আৰু জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ ১১(ডি) ধাৰাত গোচৰ ৰুজু কৰি আজি জেল-হাজোতলৈ প্ৰেৰণ কৰে ।
প্ৰেৰক পংকজ মাহাতো
You might also like