নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই মেৰুত বিচিচিআই–ৰাহুল দ্রাবিড়

🔹 ঘৰুৱা ক্রিকেটৰ ব্যস্ত সূচীত অসন্তুষ্টি প্রকাশ প্রশিক্ষকৰ

বিশেষ বাৰ্তা, ১১ মার্চ : আই পি এলৰ যুগত টেষ্ট ক্রিকেটক অধিক গুৰুত্ব দিব বিচাৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ কেন্দ্রীয় চুক্তিৰ অধীনত থকা ক্রিকেটাৰক যিমান পাৰি সঘনাই প্রথম শ্রেণীৰ ক্রিকেট খেলিবলৈ নির্দেশ দিয়া হৈছে৷ টেষ্ট ক্রিকেটৰ প্রতি ক্রিকেটাৰসকলৰ আগ্রহ বৃদ্ধিৰ বাবে ‘উদ্দীপনা’ ঘোষণা কৰিছে বিচিচিআইৰ সম্পাদক জয় শ্বাহে৷ অৱশ্যে ভাৰতীয় দলৰ প্রশিক্ষক ৰাহুল দ্রাবিড় প্রথম শ্রেণীৰ ক্রিকেটৰ ব্যস্ততাৰ পক্ষপাতী নহয়৷ কিছুদিন পূর্বে শ্বার্দূল ঠাকুৰে এই সূচীক লৈ অসন্তুষ্টি প্রকাশ কৰাৰ পিছত ক্রিকেটাৰৰ কাষত থিয় দিছে টীম ইণ্ডিয়াৰ প্রশিক্ষক দ্রাবিড়৷ নিয়মীয়াকৈ ঘৰুৱা ক্রিকেট খেলা কেইজনমান ক্রিকেটাৰৰ পৰা তেওঁলোকৰ ব্যস্ততাৰ কথা শুনিছে বুলিও দ্রাবিড়ে কয়৷ বিচিচিআইৰ বিষয়াসকলে এই বিষয়ত ক্রিকেটাৰসকলৰ পক্ষ চাব লাগে বুলি তেওঁ পৰামর্শ আগবঢ়ায়৷ এইবাৰ ৫ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৰঞ্জী ট্ৰফী৷ ১৪ মার্চত প্রতিযোগিতাৰ অন্ত পৰিব৷ ডেৰ–দুমাহ নৌহওঁতেহ ৰঞ্জি ট্ৰফীৰ দৰে প্রতিযোগিতা সমাপ্ত কৰা হৈছে৷ শনিবাৰে ব’ৰ্ডৰ সম্পাদকৰ উদ্দীপনামূলক ঘোষণাৰ পিছত দ্রাবিড়ে কয় যে ‘মই শ্বার্দূলৰ কিছু বক্তব্য দেখিছোঁ৷ দলৰ নতুন ল’ৰা কেইজনমানেও ঘৰুৱা ক্রিকেটৰ ব্যস্ততাৰ কথা কৈছে৷ আমি ক্রিকেটাৰসকলৰ কথা শুনা উচিত৷ যেন তেওঁলোকৰ ওপৰত হেঁচা অলপ বেছি হৈ আহিছে৷ শৰীৰৰ মানসিক চাপ পৰিচালনা কৰাটো গুৰুত্বপূর্ণ৷ আমি ঘৰুৱা ক্রিকেটৰ সূচী সম্পর্কে চিন্তা কৰিব লাগিব৷ ভাৰতীয় ক্রিকেট ছিজন ইতিমধ্যে ডাঙৰ হৈ পৰিছে৷ খেলুৱৈসকলৰ বাবে ই যথেষ্ট কঠিন৷’ তেওঁ আৰু কয়- ৰঞ্জি ট্ৰফী এখন ডাঙৰ প্রতিযোগিতা৷ দুলীপৰ দৰে প্রতিযোগিতাত যোগদান কৰিলে দেওধৰ ট্ৰফীয়ে ছিজনটো যথেষ্ট দীঘলীয়া কৰি তোলে৷ জুন মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে দুলীপ ট্ৰফী৷ আই পি এলৰ এমাহ পিছত৷ সমস্যাটো হ’ল ভাৰতীয় দলত স্থান লাভৰ চেষ্টা কৰাসকলৰ ওপৰত হেঁচা৷ কাৰণ তেওঁলোকে সকলো মেচ খেলিব বিচাৰে৷ ফলত তেওঁলোকৰ কাম খুব কঠিন হৈ পৰিছে৷ ভাৰতীয় দলৰ অলৰাউণ্ডাৰ শার্দূলে মুম্বাইৰ হৈ ঘৰুৱা ক্রিকেট খেলে৷ তামিলনাডুৰ বিৰুদ্ধে ছেমিফাইনেল খেলৰ পিছত তেওঁলোকে অতি সঘনাই খেল খেলিব লগা হয় বুলিও তেওঁ কয়৷ তেওঁৰ বক্তব্য আছিল- ‘মাত্র তিনি দিনতে প্রথম শ্রেণীৰ মেচ খেলিব লাগিব৷’ ৰঞ্জী ট্ৰফীৰ ইমান কঠিন সূচী কেতিয়াও হোৱা নাই৷ যদি এনে সূচী অব্যাহত থাকে, তেন্তে দুবছৰৰ পিছত ক্রিকেটাৰৰ আঘাতৰ সমস্যা বৃদ্ধি পাব৷’ বিচিচিআয়ে টেষ্ট ক্রিকেটক অধিক গুৰুত্ব দিয়াত কাৰো আপত্তি নাই৷ অৱশ্যে ক্রিকেটাৰৰ হেঁচা মনত ৰাখি এহ সূচী তৈয়াৰ কৰাটো বিচাৰে দ্রাবিড়, শার্দূলে৷ তেওঁলোকে অনুভৱ কৰে যে জিৰণি ল’বলৈ যথেষ্ট সময় থাকিব লাগে৷

You might also like