নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰ ২০২৪ : অ’পেনহেইমাৰে লাভ কৰিলে সাতটা বঁটা

🔹 শ্রেষ্ঠ অভিনেতা চিলিয়ান মাৰফি, শ্রেষ্ঠ অভিনেত্রী ইমা ষ্ট’ন

বিশেষ বাৰ্তা, ১২ মার্চ : বিশ্ব চলচ্চিত্রৰ সর্বোচ্চ সন্মান অস্কাৰ প্রদান কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত আয়োজিত বর্ণাঢ্য কার্যসূচীৰ মাজত যোৱানিশা ৯৬সংখ্যক একাডেমী বঁটাসমূহ ঘোষণা কৰাৰ লগতে আনুষ্ঠানিকভাৱে প্রদান কৰা হয়৷ এইবেলি অস্কাৰ বঁটাত অ’পেনহেইমাৰ চলচ্চিত্রখনে সর্বাধিক সাতটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ শ্রেষ্ঠ ছবি অস্কাৰ বঁটা অ’পেনহেইমাৰ, শ্রেষ্ঠ পৰিচালক ক্রিষ্টোফাৰ ন’লান, শ্রেষ্ঠ অভিনেতা চিলিয়ান মাৰফি, শ্রেষ্ঠ সহঃঅভিনেতা ৰবার্ট ডাউনী জুনিয়ৰ, শ্রেষ্ঠ চলচ্চিত্র সম্পাদনা জেনিফাৰ লেম, শ্রেষ্ঠ চিত্রগ্রহণ হয়টে ভান হয়টেমা, শ্রেষ্ঠ শব্দ সম্পাদনাৰ বঁটাও অ’পেনহেইমাৰে লাভ কৰিছে৷ ইপিনে, পুৱৰ থিংছ চলচ্চিত্রখনৰ বাবে ইমা ষ্ট’নে শ্রেষ্ঠ অভিনেত্রীৰ অস্কাৰ বঁটা লাভ কৰিছে৷ দ্য হল্ড’ভার্ছ ছবিখনৰ বাবে শ্রেষ্ঠ সহঃঅভিনেত্রীৰ বঁটা দ্য ভিনে লাভ কৰিছে৷ শ্রেষ্ঠ আন্তর্জাতিক ছবিৰ বঁটা দ্য জ’ন অৱ ইণ্টাৰেষ্টলৈ আগবঢ়োৱা হৈছে৷ শ্রেষ্ঠ ডকুমেণ্টৰী বঁটা লাভ কৰিছে টুৱেণ্টী ডেজ ইন মেৰিপুল, শ্রেষ্ঠ ডকুমেণ্টৰী (চুটি) দ্য লাষ্ট ৰিপেয়াৰ ছপ, শ্রেষ্ঠ ভিজুৱেল এফেক্ট গডজিলা মাইনাছ ১, শ্রেষ্ঠ সাজসজ্জা পুৱৰ থিংছ, শ্রেষ্ঠ ৰূপসজ্জাৰ বঁটা পুৱৰ থিংছৰ নাডিয়া ষ্টেচি, মার্ক কৌলিয়াৰ আৰু জ’ছ উইনে লাভ কৰিছে৷ শ্রেষ্ঠ মৌলিক চিত্রনাট্য এনাটমী অৱ এ ফল বেগছ, শ্রেষ্ঠ এনিমেটেড ছবি দ্য বয় এণ্ড দ্য হেৰন, শ্রেষ্ঠ এনিমেটেড চুটি ছবি ৱাৰ ইজ অ’ভাৰ আৰু শ্রেষ্ঠ প্রডাকচন ডিজাইনৰ অস্কাৰ বঁটা লাভ কৰি পুৱৰ থিংছে৷

You might also like