নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থগিত আই পি এলঃ ২,০০০ কোটি টকা লোকচান হ’ব বিচিচিআইৰ

নিয়মীয়া বাৰ্তা ৫ মেঃ  বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণটো অনির্দিষ্টকাললৈ স্থগিত হোৱাত বৃহৎ লোকচানৰ সন্মুখীন হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ ক’ৰোনাৰ আতংকৰ মাজতে ভাৰতত পূর্ণগতিত আই পি এলখন চলি আছিল যদিও শেহতীয়াভাৱে প্রতিযোগিতাখনৰ ফ্রেনছাইজীৰ খেলুৱৈ ক’ৰোনাত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত বি চি চি আয়ে মঙলবাৰে আই পি এলৰ পৰৱর্তী মেচসমূহ তৎকালীনভাৱে কার্যকৰী হোৱাকৈ অনির্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে৷

আই পি এলখন আধাতে স্থগিত ৰাখিবলগীয়া হোৱাত উদ্যোক্তা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে অতিকমেও ২০০০ৰ পৰা ২৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব৷ ৯ এপ্রিলৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখনৰ এতিয়ালৈকে মাত্র ২৯খন মেচহে সমাপ্ত হৈছিল৷ ৫২ দিন ধৰি চলিবলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন ৩০ মে’ত আহমেদাবাদত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু এতিয়াও ৩১খন মেচ খেলিবলৈ বাকী থকা অৱস্থাত প্রতিযোগিতাখন স্থগিত ৰাখিবলগীয়া হোৱা বাবে ব’ৰ্ড বৃহৎ লোকচানৰ সন্মুখীন হ’ব৷

বি চি চি আয়ে আই পি এলৰ সম্প্রচাৰৰ বাবে ষ্টাৰ স্প’টছৰে ১৬,৩৪৭ কোটি টকাত পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে৷ চলিত ছিজনৰ আই পি এলৰ ৬০খন মেচৰ প্রতিখন সম্প্রচাৰৰ বাবে ষ্টাৰ স্প’টছে বি চি চি আইক ৫৪.৫ কোটি টকা আদায় দিয়ে৷

ইপিনে, আই পি এলখনৰ স্পনছ’ৰাৰ ভিভ’ৰ পৰা প্রতিটো ছিজনৰ বাবদ বি চি চি আয়ে ৪৪০ কোটি টকা লাভ কৰি আহিছে৷ তদুপৰি অন্যান্য সহযোগী স্পনছ’ৰাৰৰ পৰা বি চি চি আয়ে লাভ কৰে ১২০ কোটি টকা৷ কিন্তু আই পি এলখন আধাতে স্থগিত ৰাখিবলগীয়া হোৱাত সম্প্রচাৰক, স্পনছ’ৰাৰ আৰু সহঃ স্পনছ’ৰাৰৰ পৰা বি চি চি আয়ে আধাসংখ্যক ধনহে লাভ কৰিব৷ গতিকে বি চি চি আয়ে আই পি এলখন স্থগিত ৰখাৰ বাবদ ২০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাটো খাটাং৷

ইপিনে, আই পি এলখন স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা বি চি চি আইক সমর্থন আগবঢ়াইছে সম্প্রচাৰক ষ্টাৰ ইণ্ডিয়াই৷ খেলুৱৈ, ছাপ’ট ষ্টাফ আৰু প্রতিযোগিতাখনৰ সৈতে জড়িত লোকসকলৰ স্বাস্থ্য আৰু জীৱনৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে আই পি এলখন স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় সম্প্রচাৰকে৷

You might also like