নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ জুলাইত শ্রীহৰিকোটাৰ পৰা চন্দ্রযান-৩ উৎক্ষেপণ

বিশেষ বাৰ্তা, ২৯ জুনঃ বিশ্বৰ মহাকাশ খণ্ডত আন এক ইতিহাসৰ লক্ষ্যৰে আগবাঢ়িছে ভাৰত৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই অহা ১৩ জুলাইত চন্দ্র অভিযান চন্দ্রযান–৩ উৎক্ষেপণ কৰিব৷ ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে চন্দ্রযান–৩ৰ অভিযানৰ বিষয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে৷ উক্ত দিনা বিয়লি ২.৩০ বজাত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রৰ পৰা এই চন্দ্রযান–৩ৰ অভিযান আৰম্ভ হ’ব৷ ৬১৫ কোটি টকা ব্যয় সাপেক্ষে ইছৰোৰ এই অভিযানৰ বাবে ইতিমধ্যে কেইবাটাও কঠোৰ পৰীক্ষণ সমাপ্ত কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ইছৰোই ২০১৯ চনত চন্দ্রযান–২ অভিযানেৰে জোনবাইৰ পৃষ্ঠত বিক্রম লেণ্ডাৰ অৱতৰণ কৰিবলৈ মাজত কেইছেকেণ্ডমান থাকোতেই লেণ্ডাৰৰ সৈতে ইছৰোৰ সংযোগ বিচ্ছিন্ন হয়৷ অতি কম ব্যয়েৰে চন্দ্রযান–২ৰ অভিযান ইছৰোই সফলতাৰ বাবে কিছুক্ষণ থকাৰ সময়তে বিফল হ’লেও এই অভিযানে বিশ্বৰ মহাকাশ খণ্ডত ইতিহাস সৃষ্টি কৰে৷ ইছৰোৰ মতে চন্দ্রযান–৩য়েও ইতিহাস গঢ়িব৷

You might also like