নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৮ ৰানত পৰাস্ত শ্রেয়াছ বাহিনী, দিল্লীৰ বিপক্ষে জয়লাভ ছানৰাইজার্ছৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ ছানৰাইজার্ছ হায়দৰাবাদে গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি চলিত আই পি এলৰ প্লে’ অফত প্রৱেশৰ কিঞ্চিৎ আশা সজীৱ কৰি তুলিছে৷ কালি ডুবাইত অনুষ্ঠিত মেচখনত হায়দৰাবাদে দিল্লী কেপিটেলছক ৮৮ ৰানত পৰাস্ত কৰে৷ মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ২২০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ দিল্লীয়ে ১৯ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩১ ৰান কৰে৷ দলটোৰ হৈ ঋষভ পণ্টে সর্বাধিক ৩৬, ৰাহানেই ২৬ আৰু হেটমায়েৰে ১৬ ৰান কৰে৷

হায়দৰাবাদৰ হৈ ৰশ্বিদ খানে তিনিটা, সন্দীপ শর্মা আৰু নটৰাজন উভয়ে দুটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে দিল্লী কেপিটেলছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় ডেভিদ ৱার্নাৰ আৰু ঋদ্ধিমান সাহাৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অ’ভাৰত দুটা উইকেট হেৰুৱাই ২১৯ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি ৱার্নাৰ আৰু ঋদ্ধিমানে প্রথম উইকেটৰ যুটিত ১০৭ ৰান সংগ্রহ কৰি দলটোক বিস্ফোৰক আৰম্ভণি দিয়ে৷

অধিনায়ক ৱার্নাৰে ৬৬ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে ঋদ্ধিমানে ৮৭ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ ৱার্নাৰৰ ৩৪টা বলৰ ইনিংছটোত আছিল আঠটা চাৰি আৰু দুটা ছয়৷ ইফালে, ঋদ্ধিমানে ৪৫টা বলত ১২টা চাৰি আৰু দুটা ছয়েৰে ইনিংছটো সজাইছিল৷ আউট হোৱাৰ পূর্বে ঋদ্ধিমানে মনীষ পাণ্ডেৰ সৈতে দ্বিতীয় উইকেটত ৬৩ ৰান সংগ্রহ কৰে৷ মনীষ পাণ্ডে ৩১টা বলত চাৰিটা চাৰি আৰু এটা ছয়েৰে ৪৪ ৰানত অপৰাজিত হৈ থাকে৷ উইলিয়ামছনে ১০টা বলত এটা চাৰিৰে ১১ ৰান কৰি অপৰাজিত হৈ থাকে৷

You might also like