নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘হিৰো হ’বলৈ একেবাৰে চেষ্টা নকৰিবা’ : ছৰফৰাজক সতৰ্কবাণী অধিনায়ক ৰোহিতৰ

বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : ‘হিৰো হ’বলৈ একেবাৰে চেষ্টা নকৰিবা।’ ইংলেণ্ডৰ বিৰুদ্ধে ৰাঁচী টেষ্টত ছৰফৰাজক ধমক অধিনায়ক ৰোহিত শৰ্মাৰ। ছৰফৰাজ খানক টাৰ্গেট কৰি অধিনায়ক ৰোহিতে এই বাক্যবাণ নিক্ষেপ কৰি সতৰ্ক কৰি দিয়ে খেলুৱৈগৰাকীক। টীম ইণ্ডিয়াৰ হৈ দ্বিতীয়খন টেষ্ট খেলিবলৈ নামিয়েই ছৰফৰাজ অধিনায়কগৰাকীৰ এই কঠোৰ বাৰ্তাৰ সন্মুখীন হ’বলগীয়া হয়। ইংলেণ্ডৰ দ্বিতীয় ইনিংছত বেটিঙৰ সময়ত ক্ৰিজত আছিল ফকছৰ সৈতে শ্বোৱাইব বছিৰ। সেই সময়ত দুয়ো মূৰৰ পৰা বলিং কৰি আছিল ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন-কুলদীপ যাদৱে। ছিলি পইণ্টত ফিল্ডিং কৰি আছিল ছৰফৰাজে। তেওঁ কিন্তু হেলমেট পিন্ধা নাছিল। লগতে এবডোমেন গাৰ্ডো পিন্ধা নাছিল খেলুৱৈগৰাকীয়ে। ঘটনাটো চকুত পৰাৰ লগে লগে ছৰফৰাজৰ ফালে আগবাঢ়ে অধিনায়ক ৰোহিত । তাৰ পিছত- ‘এ ভাই হিৰো নেহি বননে কা।’ এইদৰে ছৰফৰাজক সতৰ্ক কৰি দিয়ে অধিনায়ক ৰোহিতে। তাৰ পিছতে হেলমেট, এবডোমেন গাৰ্ড লৈ লৰালৰিকৈ খেলপথাৰত সোমাই আহিল আন খেলুৱৈ। সেই ভিডিঅ’ ভাইৰেল হ’বলৈ অৱশ্যে বেছি সময় নালাগিল।

You might also like