নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Durand Cup : ক্রমাগত দ্বিতীয়বাৰলৈ ডুৰাণ্ড কাপ জয় নর্থ–ইষ্ট হউনাহটেডৰ

Durand Cup : ডিফেণ্ডিং চেম্পিয়ন নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে ভাৰতীয় সেনাই আয়োজন কৰা ঐতিহাসিক ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি ক্রমাগত দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰিছে৷

কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীডাংগনত অনুষ্ঠিত ফাইনেলত আইএছএলৰ গুৱাহাটীৰ দলটোৱে ৬–১ গ’লত পৰাস্ত কৰে প্রতিযোগিতাত অভিষেক কৰা ডায়মণ্ড হাৰবাৰ এফচিক৷ অভিজ্ঞতা, দক্ষতা, দলীয় শক্তিৰে নর্থ–ইষ্ট ইউনাইটেড মেচৰ ফেভাৰিট দল আছিল৷ কিন্তু গ্রুপৰ লগতে দুখন নকআউট মেচত চমকপ্রদ খেলেৰে ফাইনেলত প্রৱেশ কৰা ডায়মণ্ড হাৰবাৰ যে বৃহৎ মেচত এইদৰে আত্মসমর্পণ কৰিব সেয়া ফুটবলপ্রেমীৰ বাবে স্বাভাৱিকতে অপ্রত্যাশিত আছিল৷

চাপ তথা ৰণনীতিৰ ভুলৰ বাবে ডায়মণ্ড দলে লজ্জাৰ পৰাজয়ৰ সন্মুুখীন হ’ল৷ বিপৰীতে ভাৰতীয় ফুটবলৰ মক্কাত উত্তৰ–পূবৰ বিজয় নিচান আকৌ এবাৰ গৌৰৱেৰে উৰিল৷ খেলৰ প্রথমার্ধতে নর্থ–ইষ্টে দুটা গ’ল দি বিপক্ষক চাপত আবৃত কৰাৰ লগতে মেচখন নিজৰ নিয়ন্ত্রণত ৰাখে৷ ৩০ মিনিটত গুৱাহাটীৰ দলটোৰ হৈ আছিৰে প্রথমটো গ’ল দিয়ে৷ আনহাতে, দলৰ যুৱ তাৰকা তথা অসম সন্তান পার্থিৱ গগৈয়ে ৪৫ মিনিটত দ্বিতীয়টো গ’ল দি বিৰতিলৈ নর্থ–ইষ্টক ২–০ত আগুৱাই ৰাখে৷ ৫০ মিনিটত থৈ সিঙে তৃতীয়টো গ’ল দি ডায়মণ্ড হাৰবাৰৰ প্রত্যাৱর্তনৰ আশাত চেঁচাপানী ঢ়ালে৷

পূর্বৰ মেচৰ ৰণনীতিৰ দৰেই কিবুভিকুনাহৰ দলটোৱে আক্রমণৰ পৰিৱর্তে ৰক্ষণ বিভাগ অধিক শক্তিশালী কৰি ৰখাৰ লগতে নর্থ–ইষ্ট দলৰ তাৰকা আজাৰাহক বান্ধি ৰখাৰ চেষ্টা কৰিছিল৷ এয়াই আছিল ডায়মণ্ড হাৰবাৰৰ ভুল ৰণনীতি৷ আজাৰায়ে গ’ল দিব নোৱাৰিলেও অন্য আছিৰ, পার্থিৱ আৰু থৈয়ে নর্থ–ইষ্ট ইউনাইটেডক ৩–০ৰ অগ্রগতি দিয়ে৷ পেড্রো বেনালীৰ এই ৰণনীতিয়ে দলক সফলতা দিয়ে৷

৬৮ মিনিটত বিপক্ষৰ গ’ল বস্কত খেলিমেলিৰ সুযোগত ডায়মণ্ডৰ মাজকেনে গ’ল দি ব্যৱধান ৩–১ কৰে৷ সেই সময়তে ডায়মণ্ডে অন্তিম ড্রিংছ ব্রেকৰ পাছত ৰক্ষণ বিভাগ খালী কৰি আক্রমণ কৰিবলৈ লয়৷ কিন্তু দলে গ’ল দিয়াৰ পৰিৱর্তে তিনিটা গ’ল হজমহে কৰিব লগা হয়৷ ৮১ মিনিটত জাহৰোহ, ৮৬ মিনিটত এণ্ডিয়ে তথা ইনজুৰী টাইমত আজাৰায়ে (৯৩ মিনিটৰ পেনাল্টী) জৰিয়তে গ’ল দিয়ে৷ প্রতিযোগিতাখনত ৮টা গ’ল দিয়া আজাৰায়ে গ’ল্ডেন বল আৰু গ’ল্ডেন বুট লাভ কৰে৷ ইফালে, নর্থ–ইষ্ট ইউনাইটেডৰ গুৰমীত প্রতিযোগিতাৰ শ্রেষ্ঠ গ’লৰক্ষক নির্বাচিত হয়৷

Niyomiya Barta Desk, 24 August

You might also like