নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰমাগত দ্বিতীয় বিজয় মুম্বাই ইণ্ডিয়ানছৰ : পৰাস্ত আৰচিবি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ চলিত আইপিএলত প্লে–ফৰ আশা সজীৱ কৰি ৰাখিলে মুম্বাই ইণ্ডিয়ানছে৷ কালি নিশা অনুষ্ঠিত এখন গুৰুত্বপূর্ণ মেচত মুম্বায়ে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক ৭ উইকেটত পৰাজিত কৰে৷ ১৯৭ ৰানৰ বৃহৎ লক্ষ্য সন্মুখত লৈ মুম্বায়ে অ’পেনাৰ ঈশান কিশন আৰু সূর্যকুমাৰ যাদৱৰ বিধ্বংসী বলিঙৰ সহায়ত তিনি উইকেট হেৰুৱাই সহজ বিজয় সাব্যস্ত কৰে৷ ঈশানে মাত্র ৩৪টা বলত সাতটা চাৰি আৰু পাঁচটা ছয়ৰ সহায়ত ৬৯ ৰান সংগ্রহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ আনহাতে ৰোহিত শর্মাই তিনিটাকৈ ছয় আৰু চাৰিৰ সহায়ত ২৪টা বলত ৩৮ ৰান কৰে৷ ইয়াৰ পিছতে সূর্যকুমাৰে ধুমুহাৰ গতিত বেটিং কৰি ১৯টা বলত সংগ্রহ কৰে ৫২ ৰান৷ তেওঁৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু ৪টা ছয়৷ অধিনায়ক হার্দিক পাণ্ডিয়া (২১) আৰু তিলক বার্মাই (১৬) দলক বিজয় লক্ষ্যত উপনীত কৰায়৷ মুম্বায়ে ১৫.৩ অভাৰতে ১৯৯ ৰান কৰে৷ মেচখনত প্রথমে বেটিং কৰি বেংগালুৰুৱে আৰম্ভণিতে বিৰাট কোহলিৰ উইকেট হেৰুৱায়৷ বিৰাটৰ বেটৰ পৰা আহে মাত্র ৩ ৰান৷ অৱশ্যে আনগৰাকী অ’পেনাৰ ফাফ ডুপ্লেছিচে ৪০টা বলত ৬১ ৰান কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ ইয়াৰ পিছত ৰজত পাটিদাৰে ২৬টা বলত ৫০ ৰানৰ এটা বিধ্বংসী ইনিংছ খেলে৷ অৱশ্যে উইলি জেকছ (৮) আৰু গ্লেন মেক্সৱেল (৪) সম্পূর্ণৰূপে ব্যর্থ হয়৷ শেষৰফালে দীনেশ কার্তিকে দূৰন্ত অর্ধশতৰানেৰে দলৰ ৰান সংখ্যা প্রায় ২০০লৈ আগুৱাই নিয়ে৷ কার্তিকে মাত্র ২৩টা বলত ৫৩ ৰান কৰি অপৰাজিত হৈ ৰয়৷ মুম্বাইৰ হৈ জ’ছপ্রীত বুমৰাহে ৫টা উইকেট দখল কৰে৷

You might also like