ঊৰ্ধ্বমুখী বায়ু প্ৰদূষণ : দিল্লীত BS-6 বাহনৰহে প্ৰৱেশৰ অনুমতি
নতুন নিয়ম অনুসৰি, ১ নৱেম্বৰ ২০২৫ৰ পৰা কেৱল BS-6 মানদণ্ডৰ বাণিজ্যিক বাহনেহে দিল্লীত প্ৰৱেশ কৰিব পাৰিব
বায়ু প্ৰদূষণৰ বৰ্ধিত মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত চৰকাৰে ঘোষণা কৰিছে যে ১ নৱেম্বৰ ২০২৫ৰ পৰা দিল্লীৰ সীমান্তত কেৱল BS-6 মানদণ্ডৰ বাণিজ্যিক বাহনহে প্ৰৱেশৰ অনুমতি পাব। BS-4 আৰু BS-5সহ অন্যান্য সকলো বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
সূত্ৰ মতে, দিল্লী চৰকাৰে স্পষ্টকৈ জনাইছে যে এই নিয়ম এক নৱেম্বৰ পৰা কঠোৰভাৱে কাৰ্যকৰী হ’ব আৰু যিকোনো উলংঘনৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা হ’ব।
বায়ু গুণমান ব্যৱস্থাপনা আয়োগ (CAQM)ৰ নিৰ্দেশ অনুসৰি এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। দিল্লীৰ বাহিৰত পঞ্জীয়ন হোৱা যিসকল মালবাহী বাহনে BS-VI নিঃসৰণ মান পূৰণ নকৰে, তেওঁলোকক দিল্লীত প্ৰৱেশৰ অনুমতি ১ নৱেম্বৰ পৰা নাথাকিব।
নতুন নিয়ম অনুসৰি, ১ নৱেম্বৰ ২০২৫ৰ পৰা কেৱল BS-6 মানদণ্ডৰ বাণিজ্যিক বাহনেহে দিল্লীত প্ৰৱেশ কৰিব পাৰিব।
BS-VI (Bharat Stage-VI) ইঞ্জিন হৈছে এক আধুনিক প্ৰযুক্তি যি পূৰ্বৰ ইঞ্জিনবোৰতকৈ বহু গুণ ধোঁৱা কম কৰে। ইয়াৰ ফলত বতাহত PM (particulate matter) আৰু NOx (nitrogen oxides) নামৰ ক্ষতিকৰ গেছৰ মাত্ৰা উল্লেখযোগ্যভাৱে কমে। এই পদক্ষেপে দিল্লীৰ বায়ু গুণমান উন্নত কৰিবলৈ এক ডাঙৰ ভূমিকা পালন কৰিব বুলি বিশেষজ্ঞসকলে কৈছে।
প্ৰতিবছৰ অক্টোবৰ পৰা ফেব্ৰুৱাৰীলৈ দিল্লীৰ বায়ুত প্ৰদূষণৰ পৰিমাণ অত্যন্ত বৃদ্ধি পায়। এই সময়ছোৱাত ফটকা জ্বলোৱা, বাহনৰ ধোঁৱা আৰু স্থিৰ বায়ুৰ একেলগে প্ৰদূষণ বৃদ্ধি হয়। সেয়ে চৰকাৰে ধোঁৱা কম উৎপন্ন কৰা বাহনৰ প্ৰৱেশতহে অনুমোদন দিছে।
দিল্লী চৰকাৰৰ নিয়মত কিছু বাহনক অস্থায়ীভাৱে বাদ দিয়া হৈছে —
- BS-IV ডিজেল বাহন (৩১ অক্টোবৰ ২০২৬লৈ)
- BS-VI ডিজেল বাহন
- CNG, LNG আৰু ইলেক্ট্ৰিক বাহন
- দিল্লীত পঞ্জীয়ন হোৱা বাণিজ্যিক মালবাহী বাহন
এই পদক্ষেপে দিল্লীৰ বায়ু গুণমান উন্নত কৰিবলৈ এক সাহসী আৰু প্রয়োজনীয় পদক্ষেপ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ