নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত জিলাভিত্তিক কাৰাটে প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : জিলা কাৰাটে সন্থা, ধুবুৰীৰ উদ্যোগত আজি ধুবুৰী আৰক্ষী ছাউনীৰ কমিউনিটী হলত অনুষ্ঠিত হয় এখন জিলাভিত্তিক কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা মুঠ ১১২গৰাকী কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ৭গৰাকীকৈ বিচাৰকৰ পৰিচালনাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা কাৰাটে খেলুৱৈসকলক মুঠ ৪৮টা গোটত ভাগ কৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় বুলি জনাইছে জিলা কাৰাটে সন্থা, ধুবুৰীৰ সভাপতি ৰমাকান্ত সিঙে।

You might also like