নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপঃ ২৪ অক্টোবৰত ভাৰত–পাকিস্তানৰ মহাৰণ; মাত্র ১ ঘণ্টাৰ ভিতৰতে শেষ হ’ল টিকট

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ টি–২০ বিশ্বকাপত অহা ২৪ অক্টোবৰত সন্মুখ সমৰত নামিব দুই চিৰবৈৰী ভাৰত–পাকিস্তান৷ বিশ্ব ক্রিকেটৰ অন্যতম শিহৰণকাৰী মেচ হিচাপে পৰিচিত ভাৰত পাকিস্তানৰ মেচক লৈ ক্রিকেটপ্রেমীৰ মাজত বিৰাজ কৰিছে তীব্র উৎকণ্ঠা৷

আই চি চিয়ে কালিৰে পৰা বিশ্বকাপৰ মেচসমূহৰ টিকট বিক্রী মুকলি কৰি দিয়াৰ পিছত ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচক লৈ ক্রিকেটপ্রেমীৰ মাজত ব্যাপক চাহিদা দেখিবলৈ পোৱা গৈছে৷

ডুবাইত ২৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত টিকট মাত্র কেইটামান ঘণ্টাৰ ভিতৰতে শেষ হৈ যোৱা বুলি আই চি চিয়ে সদৰী কৰিছে৷

ইউ এ ইত সাধাৰণতে ৬০০ টকাত সবাতোকৈ কম মূল্যৰ টিকট পোৱা যায় যদিও ভাৰত–পাকিস্তানৰ বহু প্রত্যাশিত মেচখনৰ টিকটৰ মূল্য ৩৩৩ গুণ বৃদ্ধি পাইছে৷ ক্রিকেট অনুৰাগীয়ে ২৪ অক্টোবৰৰ মেচখন উপভোগ কৰিবলৈ সর্বাধিক ২ লাখ টকা ব্যয় কৰিব লাগিব৷ সবাতোকৈ কম দামৰ টিকটৰ মূল্য হ’ল ১২,৫০০ টকা৷

তদুপৰি দর্শকে ৩১,২০০ টকা আৰু ৫৪,১০০ টকাতো মেচখনৰ টিকট ক্রয় কৰিছে৷

ইফালে ৩১ অক্টোবৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ টিকটৰ সর্বাধিক আৰু সর্বনিম্ন মূল্য হ’ল ক্রমে ১ লাখ ৯৬ হাজাৰ টকা আৰু ১০,৪০০টকা৷

ইফালে বিশ্বকাপৰ সময়ছোৱাত ৭০ শতাংশ দর্শকে ষ্টেডিয়ামত প্রৱেশ কৰিব পাৰিব বুলি আই চি চিয়ে এক বিবৃতিত প্রকাশ কৰিছে৷

আই চি চিয়ে সদৰী কৰা অনুসৰি ১৬টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেগা ইভেণ্টখনৰ বাবে তেওঁলোক সম্পূর্ণৰূপে সাজু হৈছে৷ বিশেষকৈ মহামাৰীৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপ খেলুৱৈ, বিষয়ববীয়া আৰু দর্শকৰ বাবে সুৰক্ষিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছে৷ ক’ভিড নীতি পালন কৰি ষ্টেডিয়ামত ৭০ শতাংশ দর্শকে বিশ্বকাপৰ মেচ উপভোগ কৰিব পাৰিব৷

You might also like