নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপাৰ লীলা বুদ্ধেশ্বৰৰ, দুই পত্নী থকাৰ পিছতো স্বামীত্যাগী মহিলাৰে প্ৰেমলীলা

কমলপুৰ থানাৰ অন্তৰ্গত দ্বিগুণপাৰ (লেজা)ত নিশা এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। দুগৰাকী পত্নী থকাৰ পিছতো আন এগৰাকী মহিলাক বিয়াৰ প্ৰলোভনেৰে প্ৰেম কৰি আহিছিল বঙাইগাঁৱত ভাৰতীয় সেনাত কৰ্মৰত বুদ্ধেশ্বৰ বসুমতাৰীয়ে।

দ্বিগুণপাৰৰ এই মহিলাগৰাকীয়ে কেইবাবছৰ পূৰ্বে স্বামীক ত্যাগ কৰি মাতৃ গৃহতে আছিল। মহিলাগৰাকীৰে গভীৰ প্ৰেম আছিল বুদ্ধেশ্বৰৰ। দুগৰাকী পত্নী থকাৰ কথা নাজানিছিল শেহতীয়াকৈ বিয়াৰ প্ৰস্তাৱ দিয়া মহিলাগৰাকীয়ে। নৱেম্বৰত দুয়োৰে বিয়া হোৱাৰ কথা।

কিন্তু বুদ্ধেশ্বৰৰ দিন কালি বেয়া আছিল। কিয়নো বঙাইগাঁৱৰ পৰা দুয়োগৰাকী পত্নীয়ে ম’বাইলৰ লোকেচন চাই-চাই হবলগীয়া তৃতীয়গৰাকী পত্নীৰ গৃহত উপস্হিত হয় আৰু তাতে দুয়োটা পক্ষৰে মাৰপিটৰ ঘটনা সংঘটিত হয়।

পিছত স্থানীয় ৰাইজ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কমলপুৰ আৰক্ষীক খবৰ দিয়ে। কমলপুৰ আৰক্ষী উপস্থিত হৈ তিনিওগৰাকী পত্নীকে থানালৈ আনে যদিও লম্পট বুদ্ধেশ্বৰ পলাই যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সমগ্ৰ ঘটনাটোৰ বাবে দ্বিগুণপাৰত নিশাও উত্তেজনা অব্যাহত থাকে।

Niyomiya Barta Desk, 25 August

You might also like