নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তঃসত্ত্বা মহিলাক নিযুক্তি দিবলৈ অস্বীকাৰ ইণ্ডিয়ান বেংকৰ

বিশেষ বাৰ্তা, ২১ জুনঃ অন্তঃসত্ত্বা মহিলাক কামত নিয়োগ কৰা নহ’ব৷ এই নির্দেশ দিছিল ইণ্ডিয়ান বেংকৰ তৰফৰ পৰা৷ ইয়াৰ পিছতেই তীব্র প্রতিবাদৰ সৃষ্টি হৈছে দেশৰ বিভিন্ন ৰাজ্যত৷ শেহতীয়াকৈ এই নির্দেশৰ প্রতিবাদ কৰিছে দিল্লীৰ মহিলা আয়োগে৷ অবিলম্বে এই জাননী প্রত্যাহাৰ কৰাৰ দাবী জনোৱা হৈছে মহিলা আয়োগৰ তৰফৰ পৰা৷ সমগ্র ঘটনা সন্দর্ভত ৰিজার্ভ বেংক অৱ গৱর্নৰৰ হস্তক্ষেপো দাবী কৰিছে দিল্লী মহিলা আয়োগে৷ স্মর্তব্য যে তিনি বা চাৰি মাহৰ অন্তঃসত্ত্বা মহিলাসকলক সাময়িকভাৱে আনফিট ঘোষণা কৰা হ’ব বুলি বেংকৰ তৰফৰ পৰা জাননী জাৰি কৰিছে৷ সেই যুক্তিৰেই তেওঁলোকক চাকৰিত নিযুক্তি দিয়া নহ’ব বুলিও ঘোষণা কৰিছিল ইণ্ডিয়ান বেংকে৷ দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে উল্লেখ কৰা অনুসৰি বেংকৰ এনে নির্দেশ নাৰীবিদ্বেষী কার্য বুলি গণ্য কৰা হ’ব৷

You might also like