নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীক হৰুৱাই প্লে-অফৰ দিশে কলকাতা নাইট ৰাইডাৰ্ছ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ ক’ৰোনাৰ আতংকৰ মাজতে সংযুক্ত আৰব আমিৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ শনিবাৰে দিল্লীক কেপিটেলছক ৫৯ ৰানত হৰুৱাই প্লে–ফত স্থান লাভ কৰাৰ দিশে অগ্ৰসৰ হ’ল কলকাতা নাইট ৰাইডাৰ্ছ।

টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় দিল্লী কেপিটেলছে। আৰম্ভণিতেই শুভমন গিল আৰু দিনেশ কাৰ্তিকৰ উইকেট পৰাৰ পাছত নিৰাশ হৈ পৰিছিল কেকেআৰ। কিন্তু খেলপথাৰত নীতীশ ৰানা আৰু সুনীল নাৰিন নমাৰ পাছতে পুনৰ ৰানৰ সমাহাৰ দেখিবলৈ পোৱা যায়।

দুজনে মিলি ৫৬ বলত ১১৫ ৰান যোগ কৰে কেকেআৰৰ পক্ষত। শেষপর্যন্ত ৩২ বলত ৬৪ ৰান কৰি সুন্দৰ প্ৰদৰ্শনেৰে পেভিলিয়নলৈ উভতে নাৰিন।

আনহাতে ২০ অভাৰত ১৯৫ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা দিল্লী কেপিটেলছে প্ৰথম বলতেই অপেনাৰ ৰাহানেক হেৰুৱায়। দলটোৰ হৈ সৰ্বোচ্চ ৰান অধিনায়ক শ্রেয়ছে ৩৮ বলত ৪৭ ৰান কৰে। ইপিনে কেকেআৰৰ বৰুণ চক্ৰৱৰ্তীয়ে ৫ টা উইকেট লৈ দলটোক জয়ৰ মুখ দেখুৱাই।

You might also like