নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱকালীন বিক্ৰীঃ ২২ হেজাৰ কোটি টকাৰ সামগ্ৰী বিক্ৰী এমাজন, ফ্লিপকাৰ্টৰ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ আগশাৰীৰ অনলাইন বিক্ৰী প্ৰতিষ্ঠান এমাজন, ফ্লিপকাৰ্ট আৰু স্নেপডীলে উৎসৱকালীন বিক্ৰীৰ অধীনত প্ৰদান কৰা ৰেহাইত যথেষ্ট বিক্ৰী কৰিবলৈ সক্ষম হৈছে। লগতে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে গ্ৰাহকেও।

উল্লেখ্য যে এক খবৰ অনুসৰি, মাত্ৰ ৫ দিনৰ এই বিশেষ ৰেহাইৰ ভিতৰতে প্ৰতিষ্ঠানকেইটাই ২২ হাজাৰ কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিছে।

মন কৰিবলগীয়া যে প্ৰতিষ্ঠান কেইটাই সদৰী কৰা মতে, এইবাৰ অধিক সংখ্যক গ্ৰাহক ক্ষুদ্ৰ চহৰ আৰু গ্ৰামাঞ্চলৰ আছিল।

You might also like