আইপিএলৰ প্লে’অফ–ফাইনেলৰ সূচী ঘোষণা, বেংগালুৰুৰ পৰা স্থানান্তৰিত ফাইনেল
ডিজিটেল ডেস্ক, ৭ মে’ : বেংগালুৰুৰ পৰা স্থানান্তৰিত হ’ল চলিত আইপিএলৰ ফাইনেল৷ অহা ৩১ মে’ত চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত নহ’ব প্রতিযোগিতাখনৰ মেগা ফাইনেল মেচখন৷ বুধবাৰে বিচিচিআয়ে ঘোষণা কৰিলে নতুন স্থান৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এইবাৰৰ আইপিএলৰ ফাইনেল মেচ৷
ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বুধবাৰে আইপিএলৰ প্লে’অফৰ সূচী ঘোষণা কৰে৷ কোটিপতি লীগখনৰ নিয়ম অনুসৰি ডিফেণ্ডিং চেম্পিয়ন দলৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হয় আইপিএলৰ ফাইনেল৷ যোৱা বছৰ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু চেম্পিয়ন হোৱাৰ বাবে চিন্নাস্বামী ষ্টেডিয়ামত এইবাৰৰ আইপিএলৰ ফাইনেল মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু বুধবাৰে ঘোষণা কৰা হ’ল যে বেংগালুৰুত ফাইনেল মেচখন অনুষ্ঠিত নহ’ব৷ এইবাৰ দ্বিতীয়বাৰৰ বাবে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খিতাপ যুঁজৰ মেচখন৷
ব’র্ডে ঘোষণা কৰা সূচী অনুসৰি, ২৬ মে’ত ধৰমশালাত অনুষ্ঠিত হ’ব প্রথমখন কোৱালিফায়াৰ৷ এলিমিনেটৰ আৰু দ্বিতীয়খন কোৱালিফায়াৰ ক্রমে ২৭ আৰু ২৯ মে’ত মুলনপুৰত অনুষ্ঠিত হ’ব৷ ব’ৰ্ডৰ বিবৃতিত কয় যে বিচিচিআয়ে আইপিএলৰ প্লে’অফৰ সময়সূচী ঘোষণা কৰিছে৷ ৭০খন ৰোমাঞ্চকৰ লীগ মেচৰ অন্তত এতিয়া আমি প্রতিযোগিতাখনৰ মূল পর্যায়লৈ আগবাঢ়িছোঁ৷ প্রথম কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীর্ষ স্থানপ্রাপ্ত দল দুটা মুখামুখি হ’ব৷ ২৬ মে’ত ধৰমশালাত অনুষ্ঠিত হ’ব এই মেচখন৷ ২৭ মে’ত চণ্ডীগড়ৰ নিউ ইণ্টাৰনেচনেল ক্রিকেট ষ্টেডিয়ামত এলিমিনেটৰ মেচখন অনুষ্ঠিত হ’ব৷ তৃতীয় আৰু চতুর্থ স্থানপ্রাপ্ত দল দুটা মুখামুখি হ’ব৷ ২৯ মে’ত একেটা স্থানতে অনুষ্ঠিত হ’ব দ্বিতীয়খন কোৱালিফায়াৰ৷
ইপিনে, ৩১ মে’ত আহমেদাবাদত অনুষ্ঠিত হ’ব আইপিএলৰ মেগা ফাইনেল৷ উল্লেখ্য যে বেংগালুৰুৰ ৰাজনৈতিক সমস্যা, বিশেষকৈ বিধায়কৰ টিকটৰ দাবীয়ে ফাইনেল মেচখন আয়োজনত সমস্যাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ বাবেই ফাইনেল মেচখন আহমেদাবাদলৈ স্থানান্তৰ কৰা হয়৷