নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২০৬ দিনৰ অন্তত টেষ্টত শতক কোহলিৰ

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: টি–২০, এদিনীয়া ক্রিকেটৰ পিছত এইবাৰ টেষ্টতো শতৰান কৰিলে বিৰাট কোহলিয়ে৷ অষ্ট্রেলিয়াৰ বিপক্ষে আহমেদাবাদত অনুষ্ঠিত চতুর্থ টেষ্টৰ চতুর্থ দিনা শতৰান অর্জন কৰে প্রাক্তন অধিনায়কগৰাকীয়ে৷ ইয়াৰ লগে লগে টেষ্টত ২৮সংখ্যক শতৰানেৰে বিৰাটে আন্তর্জাতিক ক্রিকেটত ৭৫সংখ্যক শতৰান অর্জন কৰে৷ তদুপৰি ঘৰুৱা খেলপথাৰত ৫০সংখ্যক টেষ্ট শতৰান অর্জন কৰিলে তেওঁ৷ বিৰাটৰ অন্তিম শতৰান আহিছিল ২০১৯ চনৰ ২২ নৱেম্বৰত৷ ইডেনত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শতৰান কৰিছিল তেওঁ৷ সেইবাৰ বিৰাটে সংগ্রহ কৰিছিল ১৩৯ ৰান৷ ইয়াৰ পিছত টেষ্ট ক্রিকেটত কেৱল নোপোৱাৰ বেদনা৷

অৱশেষত ১২০৬ দিনৰ পিছত সেই অভিশাপৰ অন্ত পৰিল৷ শতৰান আহিল আধুনিক ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটাৰগৰাকীলৈ৷ এবছৰৰো অধিক সময় পূর্বে কেপটাউনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অন্তিমটো অর্ধশতৰান কৰিছিল বিৰাটে৷ ইয়াৰ পিছত টেষ্টত ১৫টা ইনিংছত কোনো অর্ধশতৰান নাছিল তেওঁৰ৷ কিন্তু আহমেদাবাদত কেৱল অর্ধশতৰানেই নহয়, দ্বি–শতৰানৰো ওচৰ চাপিছিল কোহলি৷ অৱশ্যে আজিও ভাগ্যৰ বলত তেওঁ এই বিৰাট ইনিংছটো খেলিবলৈ সক্ষম হয়৷ টড মাৰফিৰ বলত শূন্য ৰানত ষ্টাম্প আউট হোৱাৰ সুযোগ আহিছিল যদিও অষ্ট্রেলিয়াই ডিআৰএছ নল’লে৷ ফলত কোহলিয়ে ১৮৬ ৰানৰ এটা মহাকাব্যিক ইনিংছ উপহাৰ দিয়ে৷

You might also like