নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তোমালোকক লৈ গৌৰৱান্বিত’ : বিশ্বজয়ী ভাৰতীয় মহিলা দলৰে সাক্ষাতত মিলিত হ’ব মোদী !

ডিজিটেল ডেস্ক, ৩ অক্টোবৰ : মহিলা বিশ্বকাপ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক পৰাজিত কৰি বিশ্বজয়ৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঐতিহাসিক জয়ে ভৱিষ্যতৰ খেলুৱৈক যে অনুপ্ৰেৰণা যোগাব, সেই কথা লিখিছিল প্ৰধানমন্ত্ৰীয়ে। সূত্ৰৰ খবৰ অনুসৰি, ৫ নৱেম্বৰত অধিনায়ক হৰমনপ্ৰীতৰ সৈতে সমগ্ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৱে সাক্ষাৎ কৰিব পাৰে প্ৰধানমন্ত্ৰীক।
উল্লেখ্য যে বুধবাৰে নতুন দিল্লীত বিশ্বকাপজয়ী দলৰ সদস্যসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীৰ। আজি এক অনুষ্ঠানত ভাৰতৰ বিশ্বকাপ জয়ৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়- “মই প্ৰথমতে ভাৰতৰ অসাধাৰণ জয়ৰ কথা ক’ম। এনে সাফল্যত উচ্ছ্বসিত সমগ্ৰ ভাৰত। এয়া ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ জয়। ভাৰতীয় দলটোক অভিনন্দন। তোমালোকক লৈ গৌৰৱান্বিত।”
দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে বিশ্বজয়ৰ সোৱাদ লৈছে ভাৰতীয় মহিলা দলটোৱে। গোটেই দলৰ বাবে ৫১ কোটি টকা পুৰস্কাৰ ঘোষণা কৰিছে বিচিচিআয়ে। কেইদিনমানৰ পিছত হয়তো এক বৰ্ণাঢ্য অনুষ্ঠানৰো আয়োজন কৰা হ’ব। তাৰ আগতে অৱশ্যে নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোৰ সৈতে সাক্ষাতত মিলিত হ’ব পাৰে।
উল্লেখ্য যে বিশ্বকাপ জয়ৰ পিছত এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে- ‘আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত অসাধাৰণ জয় লাভ কৰিলে ভাৰতীয় দলে। আত্মবিশ্বাস আৰু প্ৰতিভাৰ আদৰ্শ উদাহৰণ এই প্ৰদৰ্শন। গোটেই টুৰ্নামেণ্টজুৰি ধাৰাবাহিকতা আৰু দলগত সংহতি দেখুৱাইছে এই দলে। আমাৰ খেলুৱৈসকলক অভিনন্দন। ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়নসকলক উৎসাহিত কৰিব।’

You might also like