নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ ‘কোকো’ত ঘাটি পাতি ভাৰতীয় সেনাৰ গতি–বিধিত নজৰ চীনৰ

নিউজ ডেস্ক, ৩ নৱেম্বৰ : ভাৰতভূমিত আগ্রাসন অব্যাহত ৰখা ৰঙা চীনৰ আন এক ভয়ংকৰ ষড়যন্ত্র শেহতীয়াকৈ পোহৰলৈ আহিছে৷ ম্যানমাৰৰ বুকুৱেদি বৈ যোৱা বংগোপ সাগৰৰ এটা সৰু দ্বীপত ড্রেগন বাহিনীয়ে ঘাটি পাতি অহৰহ নজৰত ৰাখিছে ভাৰতীয় সেনাৰ গতি–বিধি৷

কেন্দ্রীয়শাসিত অঞ্চল আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা প্রায় ১০০ কিলোমিটাৰ দূৰত অৱস্থিত কোকো নামৰ এই দ্বীপটো সম্প্রতি চীনৰ সৈন্য বাহিনী পিপুলছ লিবাৰেচন আর্মী (পিএলএ)ৰ চোৰাংচোৱাৰ ঘাটি হৈ পৰিছে৷ যাৰ অকাট্য তথ্য–প্রমাণ ইতিমধ্যে হাতত পৰিছে নতুন দিল্লীৰ৷ এই তথ্য গ্রহণৰ ভিত্তিতেই যোৱা ২৫–২৭ ছেপ্টেম্বৰত ম্যানমাৰৰ ৰাজধানী নেপিডত অনুষ্ঠিত দ্বিতীয় বার্ষিক ডিফেঞ্চ ডাইলগত কেন্দ্রীয় প্রতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে বিষয়টো জুণ্টা সামৰিক চৰকাৰক অৱগত কৰায়৷

তাৎপর্যপূর্ণভাৱে জুণ্টা সামৰিক চৰকাৰৰ সশস্ত্র বাহিনীৰ প্রশিক্ষণপ্রধান মেজৰ জেনেৰেল কিয়াও কো টিককে ড্রেগন বাহিনীয়ে ম্যানমাৰত ঘাটি পতাৰ কথা অস্বীকাৰ কৰিলেও নিজৰ তথ্য–প্রমাণৰ ওপৰত অটল আছে ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়৷ আনকি এই বিষয়ে অনুসন্ধানৰ বাবে ম্যানমাৰৰ সামৰিক চৰকাৰৰ ওচৰত ভাৰতীয় নৌবাহিনী প্রেৰণৰো আর্জি জনোৱা হৈছে৷

উল্লেখ্য যে ম্যানমাৰৰ ভূখণ্ডত থকা কোকো দ্বীপৰ কৌশলগত অৱস্থান অতি গুৰুত্বপূর্ণ৷ ইতিপূর্বে উল্লেখ কৰি অহা হৈছে যে এই দ্বীপটোলৈ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা দূৰত্ব প্রায় ১০০ কিলোমিটাৰ৷ সেইদৰে কলকাতাৰ পৰা ১,২৫৫ কিলোমিটাৰ, বিশাখাপট্টনমৰ পৰা ১,৩০০ কিলোমিটাৰ আৰু চেন্নাইৰ পৰা ৪,১২৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোকো৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, ভাৰতীয় সেনা বাহিনীৰ গতি–বিধিৰ লগতে ক্ষেপণাস্ত্র আদি উৎক্ষেপণৰ গতি–বিধিৰ ওপৰত নজৰ ৰখাৰ ক্ষেত্রত ড্রেগন বাহিনীয়ে কোকো দ্বীপক ব্যৱহাৰ কৰাৰ ক্ষেত্রত একাধিক কাৰণ আছে৷ বিশেষকৈ আন্দামান নিকোবৰ দ্বীপপুঞ্জত ঘাটি আছে ভাৰতীয় সেনা বাহিনীৰ তিনিটা বিভাগৰ৷ দ্বিতীয়তে, অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ উপকূলৰ পৰা প্রায় ভাৰতীয় প্রতিৰক্ষা গৱেষণা সংস্থা (ডিআৰডিঅ’)–ই বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্রৰ পৰীক্ষামূলক উৎক্ষেপণ কৰে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই কোকো দ্বীপত ঘাটি পাতি চীনা গুপ্তচৰ বাহিনীয়ে নজৰদাৰী চলোৱা বুলি মত প্রকাশ কৰিছে একাংশ সামৰিক বিশ্লেষকে৷

ইয়াৰ মাজতে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ এক সূত্রই দাবী কৰা অনুসৰি নজৰদাৰীৰ উদ্দেশ্যে ড্রেগন বাহিনীয়ে ম্যানমাৰৰ দ্বীপটোত ইতিমধ্যে স্থাপন কৰিছে এটা ‘লিছেনিং পোষ্ট’৷ য’ৰ পৰা প্রতি মুহূর্ততে ৰাডাৰ–ৰেডিঅ’ বেতাঁৰ তৰংগ–ছাবমেৰিন–জাহাজৰ গতি–বিধিৰ লগতে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা ক্ষেপণাস্ত্রৰ টেলিমেট্রিৰ তথ্য সংগ্রহ কৰে পিএলএই৷ অকল সেয়াই নহয়, এই ‘লিছেনিং পোষ্ট’ৰ জৰিয়তে ওড়িশাৰ বালেশ্বৰত কৰা ক্ষেপণাস্ত্র পৰীক্ষামূলক উৎক্ষেপণৰ তথ্য সংগ্রহ কৰাতো ব্রতী হৈ পৰিছে ড্রেগন বাহিনী৷

প্রতিৰক্ষা বিশ্লেষকসকলৰ মতে, মূলতঃ ভাৰতৰ দুটা মাৰণাস্ত্রক লৈ শংকিত ৰঙা চীন৷ সেয়া হ’ল অগ্ণি আৰু কে–৪ ছিৰিজৰ ক্ষেপণাস্ত্র৷ ইয়াৰে অগ্ণি ৫ হাজাৰ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ লক্ষ্যভেদক্ষম৷ এক কথাত ক’বলৈ গ’লে অগ্ণি এটা আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র৷ যুদ্ধকালীন প্রস্তুতিত ইয়াৰ সাহায্যত ড্রেগনভূমিৰ যিকোনো এলেকাক ভাৰতে লক্ষ্য কৰি ল’ব পাৰে বুলি চীনা সৈন্য বাহিনী শংকিত হৈ আছে৷ সেয়েহে অগ্ণি আৰু কে–৪ ছিৰিজৰ ক্ষেপণাস্ত্রৰ ক্ষমতাৰ তথ্য টেলিমেট্রিৰ জৰিয়তে ‘লিছেনিং পোষ্ট’ৰ পৰা সংগ্রহত নামি পৰিছে পিএলএ৷ বিশেষকৈ এই ক্ষেপণাস্ত্রসমূহৰ সক্ষমতা গতি বিস্ফোৰকৰ বহন আৰু ধ্বংস ক্ষমতা কিমান হ’ব পাৰে সেয়া ইয়াৰ জৰিয়তে ড্রেগন বাহিনীয়ে অনুমান কৰাত নামি পৰিছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ’৯০ দশকৰ পৰাই ম্যানমাৰৰ কোকো দ্বীপত নিজৰ অৱস্থান মজবুত কৰিবলৈ আৰম্ভ কৰিছিল চীনে৷ সেই সময়ত ড্রেগন বাহিনীয়ে বংগোপ সাগৰৰ সৰু দ্বীপটোত এটা ৰাডাৰ ষ্টেচনৰ পৰিকল্পনাৰ চেষ্টা কৰিছিল৷ কিন্তু নতুন দিল্লীৰ তীব্র আপত্তিত সেই সিদ্ধান্ত বাতিল কৰিবলৈ বেইজিং প্রশাসন বাধ্য হয়৷ পৰৱর্তী সময়ত ২০২৩ চনত কোকোত পিএলএৰ দ্বাৰা নির্মাণ কৰা বিমান ঘাটিৰ ছবি উপগ্রহীয় ছবিত স্পষ্ট হৈ পৰে৷ আনকি দীঘল ৰানৱে’–যুদ্ধ বিমানৰ হাংগাৰো উপগ্রহীয় ছবিত ধৰা পৰিছিল৷ ইমানৰ পিছতো কিন্তু জুণ্টা সামৰিক চৰকাৰে ম্যানমাৰত ড্রেগন বাহিনীৰ অস্তিত্ব নস্যাৎ কৰি আহিছে৷ জুণ্টা সামৰিক চৰকাৰে দাবী কৰা মতে, এনেধৰণৰ পৰিকাঠামো বেইজিঙৰ নহয়, বৰং জাতীয় নিৰাপত্তাৰ স্বার্থত ড্রেগনৰ দেশৰ সাহায্যতহে এয়া নির্মাণ কৰিছে নেপিডোৱে৷ ইয়াৰ বিপৰীতে কোকোত পিএলএ তথা চীনা চোৰাংচোৱা বাহিনীয়ে ঘাটি পতা সন্দর্ভত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে লাভ কৰা অকাট্য তথ্য–প্রমাণ যথেষ্ট গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷ ইফালে, চীনৰ সীমা সংলগ্ণ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশক লৈও ড্রেগন বাহিনীয়ে অব্যাহত ৰাখিছে আগ্রাসন৷ শেহতীয়াকৈ সংবাদ প্রতিষ্ঠানত প্রকাশিত এক বাতৰি অনুসৰি অৰুণাচল প্রদেশৰ টাৱাঙৰ পৰা মাত্র ১০০ কিলোমিটাৰ দূৰত্বত এলঅ’চিৰ সিপাৰে হুন্জে এয়াৰ বেছত পিএলএৰ বায়ুসেনা বাহিনীয়ে যুদ্ধ বিমানৰ ৩৬টা সুৰক্ষিত আশ্রয়স্থল নির্মাণ কৰিছে৷

You might also like