নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এ ইত চমক দিবলৈ সাজু ধোনী

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা মহেন্দ্র সিং ধোনী আগন্তুক আই পি এললৈ সাজু হৈ উঠিছে৷ অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছত আৰম্ভ হ’বলগীয়া ঐশ্বর্যশালী টি–২০ লীগত ধোনীয়ে এইবাৰ সম্পূর্ণৰূপে চাপমুক্ত হৈ খেলিব পাৰিব৷ চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দি তিনিবাৰকৈ আই পি এলৰ খিতাপ জয় কৰা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ অধিনায়ক তথা উইকেটৰক্ষক বেটছমেনগৰাকীয়ে এইবাৰো দলটোক সন্মুখৰ পৰা নেতৃত্ব দি সফলতাৰ শিখৰলৈ লৈ যাব বুলি ক্রিকেট অনুৰাগীয়ে আশাৰে বাট চাইছে৷ বিশেষকৈ বিগত প্রায় এবছৰ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা ধোনীৰ ওপৰত এইবাৰ সমগ্র বিশ্বৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব৷

উল্লেখ্য যে ২০১৯ৰ আই চি চি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ সময়তে ধোনীক অন্তিমবাৰৰ বাবে খেলপথাৰত দেখা গৈছিল৷ ইয়াৰ পিছতে তেওঁ ইটোৰ পিছত সিটো শৃংখলাৰ পৰা নাম প্রত্যাহাৰ কৰি ক্রিকেট অনুৰাগীৰ মনত উৎকণ্ঠাৰ সৃষ্টি কৰে৷ বিগত প্রায় এবছৰ এইদৰে ক্রিকেটৰ পৰা স্ব–ইচ্ছাই আঁতৰি থকা ক্রিকেটাৰগৰাকীয়ে অৱশেষত যোৱা স্বাধীনতা দিৱসৰ সন্ধিয়া দেশবাসীক হতচকিত কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱাৰ কথা ঘোষণা কৰে৷ বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ ফিনিছাৰগৰাকী এতিয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ চাপৰ পৰা মুক্ত হৈ আই পি এলত অনুৰাগীৰ মন জয় কৰিবলৈ সাজু হৈছে৷

চেন্নাই ছুপাৰ কিংছৰ হৈ ১৯০খন মেচ খেলা ধোনীয়ে আই পি এলত ২৩টা অর্ধশতকসহ ৪,৪৩২ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক আই পি এলৰ উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীক খেলপথাৰত দেখিবলৈ পোৱা যাব৷

You might also like