নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট কোহলিৰ ৰেকর্ড ভংগ শুভমন গিলৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ বুধবাৰে ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰে শুভমন গিলে৷ অ’পেনিং কৰি তেওঁ মাত্র ৪৪টা বলত সংগ্রহ কৰে ৭২ ৰান৷ এই ইনিংছটোৰ সহায়ত একাধিক অভিলেখো ভংগ কৰে গিলে৷ গুজৰাটৰ অধিনায়কগৰাকীৰ আইপিএলত আটাইতকৈ কম বয়সত ৩০০০ ৰান কৰাৰ নিৰিখত বিৰাট কোহলিৰ অভিলেখ ভংগ কৰে৷ গিলে ২৪ বছৰ আৰু ২১৫ দিন বয়সত এই অভিলেখ গঢ়ে৷ ইয়াৰ আগতে কোহলিয়ে এই অভিলেখ গঢ়িছিল ২৬ বছৰ আৰু ১৮৬ দিন বয়সত৷ ইমানদিনে সেয়াই আছিল আটাইতকৈ কম বয়সত তিনি হাজাৰ অভিলেখ৷ কেৱল সেয়াই নহয়৷ আটাইতকৈ কম ইনিংছত তিনি হাজাৰ ৰান কৰাৰ নিৰিখতো তিনি নম্বৰ স্থান লাভ কৰিলে শুভমনে৷ ভাৰতীয়সকলৰ ভিতৰত স্থান দ্বিতীয়৷ আইপিএলত আটাইতকৈ কম ইনিংছত তিনি হাজাৰ ৰান কৰাৰ ক্ষেত্রত সকলোৰে আগত আছে ক্রিছ গেইল৷ ৱেষ্ট ইণ্ডিজৰ বেটাৰগৰাকীয়ে ৭৫টা ইনিংছত এই অভিলেখ গঢ়িছিল৷ ইয়াৰ পিছত আছে কে এল ৰাহুল (৮০)৷ গিলে জ’ছ বাটলাৰৰ সৈতে ৯৪ টা ইনিংছত এই অভিলেখ গঢ়ে৷

You might also like