নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্দিক পাণ্ডিয়াৰ পিতৃবিয়োগঃ মুস্তাক আলী ট্ৰফিৰ মাজতেই ঘৰলৈ উভতিল ক্রুণাল

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ টিম ইণ্ডিয়াৰ তাৰকা অল-ৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া আৰু ক্রুণাল পাণ্ডিয়াৰ পিতৃৰ আজি মৃত্যু ঘটে। ফলত চৈয়দ মুস্তাক আলী টি-২০ টুর্নামেন্টৰ মাজতেই ঘৰলৈ উভতি আহে বৰোদাৰ অধিনায়ক ক্রুণাল।

লগতে পঢ়কঃ চৈয়দ মুস্তাক আলী ট্ৰফি ২০২১: বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ানৰ

বৰোদা ক্রিকেট সংস্থাৰ চিইঅ’ চিচিৰ হাতাংগাদিয়ে সংবাদ সংস্থা এএনআইক জনাইছে পাণ্ডিয়া ভাতৃৰ পিতৃ বিয়োগৰ খবৰ। তেওঁ কয়, ‘হয়, ক্রুণাল পাণ্ডিয়াই খেলপথাৰ এৰি ঘৰলৈ উভতিছে। বৰোদা ক্রিকেট সংস্থাই পিতৃৰ বিয়োগৰ বাবে পাণ্ডিয়া ভাতৃদ্বয়ক সমবেদনা জ্ঞাপন কৰিছে।’

ইপিনে পাণ্ডিয়াৰ ভাতৃদ্বয়ৰ পিতৃ বিয়োগৰ খবৰত ছ’চিয়েল মিডিয়াযোগে শোক প্রকাশ কৰিছে অধিনায়ক বিৰাট কোহলিয়েও।

 

You might also like