নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগ বছ-১৪ৰ মজিয়ালৈ আহিল দুখৰ খবৰ, দুৰ্ঘটনাত মৃত্যু টেলেণ্ট মেনেজাৰৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ৰিয়েলিটী শ্ব’ বিগ বছ-১৪ৰ মজিয়ালৈ আহিল এক দুঃখবৰ। বিগ বছ-১৪ৰ টেলেণ্ট মেনেজাৰ ৰূপে কাম কৰি থকা পিস্তা ধাকড়ৰ কালি এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

ছলমান খানৰ সৈতে বিগ বছ ৰিয়েলিটী শ্ব’ৰ ‘উইকেণ্ড কা বাৰ’ খণ্ডটিৰ শ্বুটিং শেষ কৰি ঘৰলৈ ওভতাৰ পথত পথ দুৰ্ঘটনাত পতিত হয় মেনেজাৰগৰাকী। স্কুটীৰে তেওঁৰ এগৰাকী সহযোগীৰ সৈতে গৈ থাকোঁতে এন্ধাৰৰ বাবে গাঁতত পৰা স্কুটীৰ পৰা দুয়োগৰাকী ৰাস্তাত পৰি যায় আৰু তেনেতে পিছফালৰ পৰা আহি থকা এখন ভানৰ খুন্দাত পিস্তা ধাকড়ৰ মৃত্যু হয়।

২৪ বছৰীয়া পিস্তাৰ মৃত্যুত ভাগি পৰিছে বিগ বছ-১৪ৰ সকলো কৰ্মকৰ্তা। উল্লেখ্য, বিগ বছৰ উপৰি পিস্তাই ‘খতৰো কে খিলাড়ী’ৰ দৰে জনপ্ৰিয় ৰিয়েলিটী শ্ব’তো কাম কৰিছিল।

You might also like