নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণপহু নিধন গোচৰত ১৬বাৰলৈ আদালতত হাজিৰ নহ’ল ছলমান খান

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ কৃষ্ণপহু নিধনৰ গোচৰত অভিযুক্ত অভিনেতা ছলমান খানক ১৬বাৰলৈ আদালতত হাজিৰ নোহোৱাৰ বাবে আদালতে ক্ষমা কৰি আহিছে। অভিনেতাগৰাকীয়ে আজিও যোধপুৰ আদালতত হাজিৰ হ’বলগীয়া আছিল যদিও তেওঁ হাজিৰ নহ’ল আৰু আদালতে ক্ষমা কৰি দিয়ে এইক্ষেত্ৰত।

গোচৰটোৰ পৰৱৰ্তী শুনানি ৬ ফেব্ৰুৱাৰীত শুনোৱা হ’ব বুলি জানিব পৰা গৈছে। কিন্তু উক্ত দিনটোতো অভিনেতাগৰাকী আদালতত হাজিৰ হ’ব নে নহয় সেয়া সন্দেহৰ আৱৰ্তত।

২০১৮ চনত ট্ৰায়েল ক’ৰ্টৰ পৰা লাভ কৰা ৫ বছৰৰ শাস্তিৰ ৰায়দানৰ বিৰুদ্ধে খানে জিলা সত্ৰ আদালতৰ ওচৰ চাপিছিল আৰু তেতিয়াৰ পৰা এই গোচৰ চলি আছে। আনহাতে, ২০১৮ৰ এপ্ৰিলত কৃষ্ণপহু নিধন গোচৰত ছেইফ আলী খান, টাবু আৰু সোণালী বেন্দ্ৰেক অভিযোগ মুক্ত কৰা হৈছিল যদিও ছলমান খানে জে’ললৈ যাব লগা হৈছিল। অৱশ্যে মাত্ৰ ৩ দিনৰ পিছতে তেওঁ জামিন লাভ কৰে।

You might also like