নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৈয়দ মুস্তাক আলী ট্ৰফি ২০২১: বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ানৰ

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ খেলপথাৰত সুন্দৰ প্ৰদৰ্শনেৰে পুনৰবাৰ উজলি উঠিছে অসম সন্তান ৰিয়ান পৰাগ। এইবাৰ বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে ৰাজস্থান ৰয়েলছৰ হৈ আইপিএল খেলা ৰিয়ান পৰাগে।

ৰিয়ান পৰাগৰ অধিনায়কৰ দায়িত্বৰ উপৰি সুন্দৰ অল-ৰাউণ্ডাৰ প্ৰদৰ্শনেৰে আজি চৈয়দ মুস্তাক আলী ট্রফিত বেংগলক ১৩ ৰানত পৰাজিত কৰে অসমে।

উল্লেখ্য যে চলিত ছিজনৰ মুস্তাক আলী ট্ৰফিত দুৰ্দান্ত ফর্মত আছে অসমসন্তান ৰিয়ান। হায়দৰাবাদৰ বিৰুদ্ধে তেওঁ অপৰাজিত ৫১ ৰান কৰাৰ বিপৰীতে ১টা উইকেট লাভ কৰিছিল তেওঁ। ইপিনে তামিলনাডুৰ বিৰুদ্ধে কৰে ২৪ ৰান। ঝাড়খণ্ডৰ বিৰুদ্ধে ৬৭ ৰানৰ ইনিংছ খেলে ৰিয়ানে। লগতে আজি বেংগলৰ বিৰুদ্ধে হাফ-সেঞ্চুৰি কৰাৰ লগেলগে ২৮ ৰানৰ বিনিময়ত ২ তাকৈ উইকেটো দখল কৰে তেওঁ।

লগতে পঢ়কঃ Bra Fence: আঁৰি থোৱা অন্তৰ্বাসৰ বাবে বিখ্যাত এক আজৱ পৰ্যটনস্থলী

ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এই খেলখনত প্ৰথমে টছত পৰাজিত হৈ বেটিং কৰাত নামে অসমে। নির্ধাৰিত ২০ অভাৰত অসমে ৫ উইকেটৰ বিনিময়ত ১৫৭ ৰান সংগ্ৰহ কৰে। অসম দলটোৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক ৭৭ ৰানৰ বৰঙণি যোগায় অপৰাজিত থাকে। ৰিয়ানে ৫টা চাৰি আৰু ৫টা ছয় কোবায়। লগতে দীনেশ দাসে ৩৪, পল্লৱকুমাৰ দাসে ২০ ৰানৰ যোগ দিয়ে।

আনহাতে বিপৰীতে বেটিং কৰিবলৈ খেলপথাৰত নামিয়ে বেংগলে ১৭ অভাৰত দলীয় স্কোৰ ১২৯ কৰি জয়ৰ আশা সজিৱ কৰিছিল। কিন্তু বাকী ৩ অভাৰত বেংগলে ৮ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত অভাৰত ১৪৪ ৰানতে ইনিংছ শেষ কৰে। যাৰফলত ১৩ ৰানত বিজয় সাব্যস্ত কৰে ৰিয়ান পৰাগৰ নেতৃত্বাধীন অসম দলে।

You might also like