নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ শিলিগুৰিত মঞ্চতে অসুস্থ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি

  • গ্রীন কৰিড’ৰেৰে অসুস্থ গাডকাৰিক চিকিৎসাৰ বাবে অনা হ’ল চিকিৎলয়লৈ
  • শর্কৰাৰ পৰিমাণ হ্রাস পোৱাৰ বাবে অসুস্থ গাডকাৰি

 

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ:  পশ্চিমবংগৰ শিলিগুৰিত মঞ্চতে অসুস্থ হ’ল কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি৷ উত্তৰ–বংগৰ শিলিগুৰিত এটা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ মঞ্চত বহি থকাৰ মাজতে অসুস্থ হৈ পৰে মন্ত্রী গাডকাৰি৷ শিলিগুৰিৰ শিৱ মন্দিৰৰ পৰা সেৱক কেণ্টেনমেণ্টলৈ দীর্ঘ দূৰত্বৰ পথটোৰ আধাৰশিলা স্থাপনৰ কার্যসূচীত মঞ্চতে অসুস্থ হৈ পৰা মন্ত্রী গাডকাৰিক ততাতৈয়াকৈ গ্রীন ৰুমলৈ লৈ যোৱা হয়৷ গ্রীন ৰুমত জিৰণি লোৱাৰ লগতে প্রাথমিত চিকিৎসা প্রদান কৰাৰ পাছতো মন্ত্রী গাডকাৰিৰ স্বাস্থ্য উন্নীত নোহোৱাত ততালিকে চিকিৎসকক মতাই অনা হয়৷ ইয়াৰ বাবে গ্রীন কৰিড’ৰেৰে চিকিৎসকক অনা হৈছে৷ চিকিৎসকৰ তত্ত্বাৱধানত মন্ত্রী গাডকাৰি সাময়িকভাৱে সুস্থ হৈ উঠাৰ পাছত দার্জিলিঙৰ বিজেপি সাংসদ ৰাজু বিষ্টাৰ সৈতে একেখন গাড়ীত তেওঁৰ বাসভৱনলৈ লৈ যোৱা হয়৷ সাংসদগৰাকীৰ মাটিগড়াৰ বাসগৃহত চিকিৎসকে গাডকাৰিক সূক্ষ্ম নিৰীক্ষণত ৰাখি চিকিৎসা চলাই আছে৷ চিকিৎসকে প্রকাশ কৰা মতে মন্ত্রী গাডকাৰিৰ শর্কৰা হ্রাস পোৱাৰ বাবেই অসুস্থ হৈ পৰে৷ চিকিৎসকে মন্ত্রীগৰাকীক চেলাইন দিছে৷ মঞ্চত গাডকাৰি অসুস্থ হোৱাৰ লগে লগে সমগ্র কার্যসূচী বাতিল কৰা হয়৷ ইপিনে, শিলিগুৰিৰ পৰা ডালখোলালৈ চৰকাৰী কার্যসূচীত অংশগ্রহণৰ বাবে গাডকাৰি যোৱাৰ কথা আছিল যদিও সেই কার্যসূচীও বাতিল কৰা হৈছে৷ শিলিগুৰিৰ পৰা দিল্লীলৈ উভতি যাব বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷

You might also like