নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ইতিহাস ৰচিলে ৰছিদ খানে

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ত কালি অৰ্থাৎ ১১ ফেব্ৰুৱাৰীত আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ৰছিদ খানে ২টা উইকেট লৈ ইতিহাস ৰচিলে। ৰছিদ এতিয়া ভাৰতীয় মাটিত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০টা উইকেট লোৱা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় উইকেটটো লাভ কৰাৰ লগে লগে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। ৫০টা উইকেটসহ তেওঁ এতিয়া ভাৰতত সৰ্বাধিক উইকেট লোৱা ব’লাৰ হিচাপে শীৰ্ষস্থান দখল কৰিছে। ৰছিদে এইক্ষেত্ৰত যুজবেন্দ্ৰ চাহাল আৰু অক্ষৰ পেটেলক অতিক্ৰম কৰিছে।

ভাৰতীয় মাটিত নম্বৰ-১ ব’লাৰ ৰছিদ খান

ভাৰতীয় মাটিত ৰছিদ খানে এতিয়ালৈকে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত মুঠ ২৪টা ইনিংছ খেলি ৫০টা উইকেট লাভ কৰিছে। এই সময়ছোৱাত তেওঁৰ ইকনমি ৰেট আৰু গড় অত্যন্ত উৎকৃষ্ট। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আটাইতকৈ সৰু ফৰ্মেটত ভাৰতীয় মাটিত সৰ্বাধিক উইকেট লোৱা বলাৰসকলৰ তালিকাত ভাৰতীয় লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল দ্বিতীয় স্থানত আছে। তেওঁ ৩৮টা ইনিংছত ৪৯টা উইকেট লাভ কৰিছে। তৃতীয় স্থানত আছে স্পিন অলৰাউণ্ডাৰ অক্ষৰ পেটেল, যিয়ে ৩৭টা ইনিংছত ৪৮টা উইকেট লাভ কৰিছে।

ভাৰতত টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক উইকেট লোৱা বলাৰসকল

  • ৰছিদ খান — ৫০টা উইকেট (২৪ ইনিংছ)
  • যুজবেন্দ্ৰ চাহাল — ৪৯টা উইকেট (৩৮ ইনিংছ)
  • অক্ষৰ পেটেল — ৪৮টা উইকেট (৩৭ ইনিংছ)
  • অৰ্শদীপ সিং — ৪৩টা উইকেট (২৭ ইনিংছ)
  • হাৰ্দিক পাণ্ডিয়া — ৩৮টা উইকেট (৫৩ ইনিংছ)
  • যশপ্ৰীত বুমৰাহ — ৩৬টা উইকেট (৩৫ ইনিংছ)
  • ভুবনেশ্বৰ কুমাৰ — ৩৪টা উইকেট (৩৩ ইনিংছ)
  • বৰুণ চক্ৰৱৰ্তী — ৩৩টা উইকেট (১৬ ইনিংছ)
  • কুলদীপ যাদৱ — ২৭টা উইকেট (১৯ ইনিংছ)
  • ৰবি বিষ্ণই — ২৬টা উইকেট (২০ ইনিংছ)

এই পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে ভাৰতীয় বলাৰসকলতকৈও ভাৰতীয় মাটি ৰছিদ খানৰ বাবে অধিক অনুকূল। সেয়েহে তেওঁ চমৎকাৰ প্ৰদৰ্শনেৰে ভাৰতীয় মাটিত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত ভাৰতীয় বলাৰসকলকো পিছ পেলাবলৈ সক্ষম হৈছে। ভাৰতীয় পৰিস্থিতিৰ সৈতে ৰছিদ খান সম্পূৰ্ণভাৱে পৰিচিত, আৰু ক’ব পাৰি যে এই পৰিস্থিতিত তেওঁ বহুতো ভাৰতীয় বলাৰতকৈ অধিক প্ৰভাৱশালী — যিটো তেওঁৰ পৰিসংখ্যাই স্পষ্টকৈ প্ৰমাণ কৰে।

ডিজিটেল ডেস্ক, ১২ ফেব্ৰুৱাৰী

You might also like