নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতৰ পৰা প্রত্যাৱর্তনৰ পিছত ভয়ংকৰ হৈ উঠিছে ৰবীন্দ্র জাদেজা

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী:  আঁঠুৰ অস্ত্রোপচাৰৰ পিছত খেলপথাৰলৈ প্রত্যাৱর্তন ঘটোৱা স্পিনাৰ ৰবীন্দ্র জাদেজা অধিক ভয়ংকৰ হৈ উঠিছে৷ প্রায় পাঁচ মাহৰ পিছত সুস্থ হৈ উভতি অহা জাদেজাই নাগপুৰত খেলা প্রথম টেষ্টত সাতটা উইকেট দখল কৰিছিল৷ দিল্লীৰ দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত তেওঁ অকলে দখল কৰে ৭টা উইকেট৷ মেচখনত তেওঁ মুঠ ১০টা উইকেটৰ পতন ঘটায়৷ দিল্লী টেষ্টতেই নিজৰ শ্রেষ্ঠ বলিং উপহাৰ দিয়া জাদেজাই ৪২ ৰানত দখল কৰে ৭টা উইকেট৷ ইয়াৰ পূর্বে তেওঁৰ শ্রেষ্ঠ বলিং আছিল ৪৮ ৰানত ৭ উইকেট৷ ক্রিকেট জীৱনৰ শ্রেষ্ঠ বলিং কৰাৰ লগতে জাদেজাই আন এক নজিৰ গঢ়িলে৷ ব’ডাৰ–গাভাস্কাৰ ট্রফীত তেওঁ ক্রমাগত দুখন টেষ্টত এটা ইনিংছত সাতটা উইকেট দখলৰ অভিলেখ গঢ়ে৷ টেষ্টত ইয়াকে লৈ বাঁওহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে ১২বাৰ ইনিংছত পাঁচ উইকেট লাভ কৰে৷ অৱশ্যে আনগৰাকী স্পিনাৰ আৰ অশ্বিনেও দর্শনীয় বলিঙেৰে অষ্ট্রেলিয়ান বেটাৰসকলক ত্রাসিত কৰি তোলে৷

You might also like