নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বায়ু প্রদূষণঃ অগ্নিনির্বাপক বাহিনীৰ বাহনেৰে ছটিয়াব পানী

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী:  গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি পাইছে বায়ু প্রদূষণ৷ অলপতে বায়ুৰ গুণমান সূচাংকই বিপদসীমা অতিক্রম কৰাৰ পিছত পৰিস্থিতি কিছু পৰিমাণে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল যদিও পুনৰ দ্রুতগতিত মহানগৰীত বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি পাবলৈ ধৰাত শংকিত হৈ পৰিছে বাসিন্দাসকল৷ বায়ু প্রদূষণ নিয়ন্ত্রণৰ বাবে কেন্দ্রীয় বন মন্ত্রালয়ৰ সহযোগত প্রদূষণ নিয়ন্ত্রণ ব’র্ডে চেষ্টা চলাই থকাৰ লগতে ৰাজ্য চৰকাৰক বিহিত ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ বিশেষকৈ কামৰূপ (ম) জিলা আৰু গুৱাহাটী পৌৰ নিগমক প্রদূষণৰ উৎসসমূহ নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷

মহানাগৰিকৰ সুস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি পৌৰ নিগমে বায়ু প্রদূষণ ৰোধ কৰাৰ ক্ষেত্রত অন্যান্য বিভাগৰে মিলি কাম কৰি যোৱাত মনোনিৱেশ কৰিছে৷ আজি মেয়ৰ মৃগেন শৰণীয়াই বায়ু প্রদূষণৰ মাত্রা ৰোধ কৰাৰ ক্ষেত্রত অনাগত দিনত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে৷ মেয়ৰ শৰণীয়াই কয় যে গুৱাহাটীৰ বায়ু প্রদূষণৰ বিষয়টো পৌৰ নিগমে গুৰুত্বসহকাৰে লৈছে৷ প্রদূষণ নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে আঠখন গাড়ীৰে ৰাজপথত পানী ছটিয়াই থকা হৈছে৷ মহানগৰীৰ বাট–পথৰ ধূলিকণা সম্পূর্ণৰূপে নোহোৱা কৰিবলৈ জিএমচিয়ে উদ্যোগ গ্রহণ কৰি বাট–পথত পানী ছটিয়াই আছে যদিও বহু ঠাইত এতিয়াও বাকী আছে৷ সেয়ে মহানগৰীৰ প্রতিটো অঞ্চল তথা বাট–পথত পানী ছটিয়াবলৈ জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰিছে৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অগ্ণিনির্বাপক বাহিনীৰে ইতিমধ্যে যোগাযোগ কৰিছে আৰু অগ্নিনির্বাপক বাহিনীৰ বাহনৰ জৰিয়তে বাট–পথত পানী ছটিওৱা হ’ব বুলি মেয়ৰ শৰণীয়াই উল্লেখ কৰে৷

তদুপৰি, মহানগৰীত চলি থকা নির্মাণকার্যৰ পৰা যাতে বায়ু প্রদূষিত হ’ব নোৱাৰে, তাৰ বাবেও জিএমচিয়ে প্রচেষ্টা হাতত লোৱা বুলি মেয়ৰ শৰণীয়াই কয়৷ বিশেষকৈ নির্মীয়মাণ অট্টালিকাসমূহ ঢ়াকি কাম কৰাৰ বাবে পৌৰ নিগমে নির্দেশ দিছে৷ আনহাতে, গুৱাহাটীৰ পাহাৰত চলি থকা খনন কার্য বন্ধ কৰাৰ বাবে মেয়ৰ শৰণীয়াই জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি শীঘ্রে খনন কার্য বন্ধ কৰাৰ কথা সদৰী কৰে৷ গুৱাহাটীৰ বায়ু প্রদূষণ ৰোধৰ বাবে জিএমচিয়ে মুঠ ১৮ কোটি টকা ধার্য কৰিছে৷

You might also like