নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটক বিদায় শ্রীলংকাৰ বেগী বলাৰ লাছিথ মালিংগাৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: শ্রীলংকাৰ তাৰকা বেগী বলাৰ লাছিথ মালিংগাক ক্রিকেটৰ পথাৰত পুনৰ খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা নাযাব৷ ৩৮ বছৰীয়া বেগী বলাৰগৰাকীয়ে মঙলবাৰে সকলোধৰণৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰে৷ শ্রীলংকাৰ হৈ ২২৬খন এদিনীয়া, ৮৪খন টি–২০ আৰু ৩০খন টেষ্ট মেচ খেলা মালিংগাই টুইটাৰত ক্রিকেটক বিদায় জনোৱাৰ কথা সদৰী কৰে৷

উল্লেখ্য যে ২০০৪ৰ ১ জুলাইত শ্রীলংকাৰ তাৰকা বেগী বলাৰগৰাকীয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাইছিল৷ তীব্র বেগী য়র্কাৰৰ বাবে বিশেষভাৱে পৰিচিত মালিংগাই ২০১১ৰ এদিনীয়া বিশ্বকাপত শ্রীলংকাই ফাইনেলত প্রৱেশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ ২০১৪ৰ টি–২০ বিশ্বকাপত তেওঁৰ নেতৃত্বত শ্রীলংকাই খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷

টেষ্টত ১০১টা, এদিনীয়াত ৩৩৮টা আৰু টি–২০ত ১০৭টা উইকেট দখল কৰা মালিংগাই আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ কেইবাবছৰ ধৰি একেলগে খেলি দলটোৰ চমকপ্রদ সাফল্যত অন্যতম ভূমিকা গ্রহণ কৰিছিল৷

You might also like