নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ছিজনৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ পদত অসম সন্তান ৰিয়ান পৰাগ

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : অসম সন্তান ৰিয়ান পৰাগক আসন্ন আই পি এল ছিজনৰ বাবে ৰাজস্থান ৰয়েলছে পুনৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে আজি এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰি ৰিয়ানক অধিনায়কৰূপে নিৰ্বাচন কৰাৰ কথা ব্যক্ত কৰে৷

উল্লেখ্য যে দুমাহ পূৰ্বে হৈ যোৱা আই পি এলৰ নিলামৰ পাছৰে পৰাই ৰাজস্থান ৰয়েলছে নতুন ছিজনৰ অধিনায়ক নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল৷ দলৰ আভ্যন্তৰীণ ৰণনীতিত খেলুৱৈ, প্ৰশিক্ষক তথা মেনেজমেণ্ট জড়িত হৈ একত্ৰিত সিদ্ধান্ত গ্ৰহণ কৰি ৰিয়ানক ২০২৬ ছিজনৰ বাবে অধিনায়ক বাছনি কৰা হয়৷

স্মৰ্তব্য যে ২০১৯ চনৰ পৰাই ৰাজস্থান ৰয়েলছত চুক্তিবদ্ধ হৈ থকা ৰিয়ান এতিয়া দলটোৰ অন্যতম অভিজ্ঞ সদস্য৷ আৰ আৰৰ ভাৰতীয় সদস্যসকলৰ ভিতৰত দীৰ্ঘদিন দলত থকা ৰিয়ানে যুৱ ক্ৰিকেটাৰৰূপে দলত প্ৰৱেশ কৰি আজি ড্ৰেছিং ৰূমৰ জ্যেষ্ঠ সদস্য হিচাপে দৃঢ় প্ৰতিষ্ঠা লাভ কৰিছে৷

ইফালে, অধিনায়কৰ দায়িত্ব লাভ কৰি ৰিয়ানে কয়- ‘আই পি এলত মোৰ প্ৰথম দিনটোৰ পৰাই আজিলৈকে ৰাজস্থান ৰয়েলছ মোৰ আপোন ঘৰ৷ দলে মোক সদায়ে পিছত থিয় হৈ থাকি আগুৱাই যোৱাৰ সাহস আৰু অনুপ্ৰেৰণা দি আহিছে৷ মোৰ উত্তৰণত পদে পদে সহায় কৰাৰ লগতে উচ্চতালৈ আৰোহণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ এতিয়া দলটোক নেতৃত্ব দিয়াটো এটা বিশেষ অনুভূতি তথা দলে অৰ্পণ কৰা এক গুৰু দায়িত্ব৷ মই আত্মবিশ্বাসী আৰু দৃঢ় যে প্ৰশিক্ষক, সতীৰ্থ খেলুৱৈসকল আৰু টীম মেনেজমেণ্টৰ সহায়ত দলক সাফল্যৰ গৌৰৱ দিব পাৰিম৷ দলৰ প্ৰদৰ্শন আৰু সাফল্যই আমাৰ অনুৰাগীকো গৌৰৱান্বিত কৰিব৷’

You might also like