নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন তাৰকাৰ জন্ম : আইপিএলত ৰিয়ানৰ বিস্ফোৰক ৮৪

বিশেষ বাৰ্তা, ২৯ মার্চ : ‘এ ষ্টাৰ ইজ বর্ন’৷ টিভিৰ পর্দাত উজলি উঠিল এই বাক্যশাৰী৷ ‘এজন নতুন তাৰকাৰ জন্ম হ’ল’ বাক্যশাৰী আইপিএল সম্প্রচাৰৰ সময়ত জিলিকি উঠি সমগ্র ক্রিকেটপ্রেমীৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰে৷ সমগ্র ক্রিকেট বিশ্বৰ কেন্দ্রবিন্দু হৈ পৰা এই নতুন তাৰকাজন হ’ল ৰিয়ান পৰাগ৷ অসম সন্তান ৰিয়ান পৰাগে কালি দিল্লী কেপিটেলছৰ বিপক্ষে খেলা আইপিএলৰ মেচখনত বিস্ফোৰক ইনিংছ খেলি বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰে৷ মাত্র ৩৪টা বলতে অর্ধশতক অর্জন কৰা অসম সন্তান ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰাত গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে৷ মেচখনত ৪৫টা বলত বিস্ফোৰক অপৰাজিত ৮৪ ৰান কৰে ৰিয়ানে৷ আইপিএলত অসম সন্তানৰ এয়া আছিল শ্রেষ্ঠ প্রদর্শন৷ দলীয় স্ক’ৰ ৩৬ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই বিপদত পৰিছিল ৰাজস্থান ৰয়েলছ৷ চতুর্থ স্থানত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগে মাৰমুখী বেটিঙেৰে দলীয় স্ক’ৰ বৃদ্ধি কৰাই নহয়, ৰাজস্থানক বিপদৰ পৰাও উদ্ধাৰ কৰে৷ ৪৫টা বলত ৭টা বাউণ্ডেৰী আৰু ছটা সুবিশাল অভাৰ বাউণ্ডেৰীৰে ৮৪ ৰান কৰি অপৰাজিত হৈ থকা ৰিয়ান পৰাগে ৰবিচন্দ্রন অশ্বিনৰ সৈতে চতুর্থ উইকেটত ৫৪, ধ্রুৱ জুৰেলৰ সৈতে পঞ্চম উইকেটত ৫২ আৰু ছিমৰন হেটমায়েৰৰ সৈতে ষষ্ঠ উইকেটত অপৰাজিত ৪৩ ৰান সংগ্রহ কৰে৷ আইপিএলত এতিয়ালৈকে পাঁচটাকৈ অর্ধশতক অর্জন কৰা অসম সন্তান ৰিয়ান পৰাগে চলিত আইপিএলৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলা প্রথমখন মেচতো ৪৩ ৰানৰ দুর্দান্ত ইনিংছ খেলি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰিছিল৷ উক্ত মেচখনত ৰিয়ানৰ ২৯টা বলৰ ইনিংছটোত আছিল এটা চাৰি আৰু তিনিটাকৈ ছয়৷ ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৫ ৰান সংগ্রহ কৰে৷

You might also like