নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা চীনক ৰঙা চকু দেখুৱালে আমেৰিকা, বাইডেনে দিলে মুকলিকৈ সতৰ্কবাণী, কিয়

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ ইউক্ৰেইন যুদ্ধৰ মাজতে টাইৱানক ভয় খুৱাবলৈ চেষ্টা কৰা চীনক প্ৰথমবাৰৰ বাবে মুকলি সতৰ্কবাণী দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। কোৱাড বৈঠকত অংশগ্ৰহণ কৰিবলৈ জাপানত উপস্থিত হোৱা বাইডেনে আমেৰিকাৰ বৈদেশিক নীতিত বৃহৎ পৰিৱৰ্তন সাধন কৰি কয় যে টাইৱানত চীনে আক্ৰমণ কৰিলে হস্তক্ষেপ কৰিবলৈ বাধ্য হ’ব আমেৰিকাই। টাইৱানৰ বিৰুদ্ধে চীনৰ আক্ৰমণ সন্দৰ্ভত বাইডেনে কয় যে তেওঁৰ মূল্যায়নত সেয়া নহ’ব। কিন্তু যদি এনে হয় তেন্তে আমেৰিকাই সামৰিক বাহিনীৰ সহায়ত টাইৱানক ৰক্ষা কৰিব। বাইডেনে কয় যে এয়া তেওঁলোকে কৰা প্ৰতিশ্ৰুতি। কোৱাড দেশৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বাইডেনে জাপানত উপস্থিত হৈছে। তাত চীনক ঘেৰাওৰ বাবে প্ৰধানমন্ত্ৰী মোদী, জাপানৰ প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ সৈতে বৈঠকত মিলিত হ’ব।

You might also like