নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ পিছত এইবাৰ অসম গণ পৰিষদলৈ কঠোৰ বার্তা বিজেপি নেতৃত্বৰ

অগপৰ পঞ্চায়ত নথকা সমষ্টিত বিজেপিৰ প্রার্থী

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ২০২১ৰ বিধানসভা নির্বাচনৰ প্রাকক্ষণত বি পি এফৰ সৈতে সম্পর্ক ছেদ কৰাৰ প্রস্তুতি আৰম্ভ কৰাৰ সমান্তৰালকৈ আনটো মিত্রদল অগপৰ প্রতিও কঠোৰ স্থিতি গ্রহণ কৰিছে৷ আগন্তুক নির্বাচনত এশখন আসনৰ লক্ষ্য বান্ধি লোৱা শাসকীয় দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্যৰে ইতিমধ্যে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ৷ এই কুচকাৱাজৰ অংশস্বৰূপে বিজেপিৰ লক্ষ্য মিত্রদল অগপৰ দখলত থকা ছটাকৈ সমষ্টি৷ এই সমষ্টিকেইটাত দলটোৱে আৰম্ভ কৰা ৰাজনৈতিক কার্যকলাপক লৈ অগপৰ একাংশ বিধায়ক সৰৱ হৈ পৰাৰ সময়তে বিজেপিৰ ৰাজ্যিক নেতৃত্বই কঠোৰ বার্তা প্রেৰণ কৰি স্পষ্ট কৰি দিলে যে নির্বাচনত অগপই এৰাধৰা কৰিবই লাগিব৷

উল্লেখ্য যে বিটিচি নির্বাচনৰ প্রাক্ক্ষণত মুকলিকৈ বি পি এফৰ সৈতে সম্পর্ক ছেদৰ ইংগিত দি হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিয়ে এইবাৰ অগপক লক্ষ্য কৰি লোৱাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ নতুন দিল্লীত দলটোৰ ৰাষ্ট্রীয় নেতৃত্বক অগপ আৰু বি পি এফৰ স্থিতি তথা জনসমর্থনৰ বিষয়ে স্পষ্ট তথ্য দাঙি ধৰাৰ পাছতেই আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই অগপক লক্ষ্য কৰি কৰা কেইবাটাও মন্তব্যই দল দুটাৰ মিত্রতাৰ ক্ষেত্রত আনি দিছে অনিশ্চয়তা৷

কালি দিছপুৰস্থিত লোকনির্মাণ প্রশিক্ষণ কেন্দ্রত দলৰ এখন সাংগঠনিক সভাত অংশগ্রহণৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অগপক উদ্দেশ্যি কয়– আঞ্চলিক দলটোৰ দখলত থকা কোনো সমষ্টিত যদি এখনো পঞ্চায়ত তেওঁলোকৰ হাতত নাই, তেনে সমষ্টিত বিজেপিৰ কার্যকর্তাই প্রার্থিত্ব দাবী কৰিবই৷ তেনে সমষ্টিত যদি অগপৰ বিপৰীতে বিজেপিয়েহে অধিকাংশ পঞ্চায়ত দখল কৰি আছে, তেন্তে নিশ্চিতভাৱে সেই সমষ্টিত আমি প্রার্থী প্রক্ষেপৰ বাবে চিন্তা কৰিব পাৰোঁ৷

ৰঞ্জিত দাসে এইবুলিও মন্তব্য কৰে– ২০১৬ চনত চৰকাৰ গঠনৰ বাবে মিত্রদলৰ বাবে সমষ্টি এৰি দিয়া হৈছিল৷ বিজেপিৰ দখলত থকা সমষ্টিও এৰি দিয়া হৈছিল৷ কিন্তু এইবাৰ সেই সমষ্টি পুনৰ আমাৰ দলৰ লগত সংযোগ হ’ব পাৰে৷ মন কৰিবলগীয়া যে অগপৰ দখলত থকা তেজপুৰ, পাটাছাৰকুছি, পশ্চিম গুৱাহাটী, বঢ়মপুৰ, লখিমপুৰ আৰু নাহৰকটীয়া সমষ্টিত এইবাৰ বিজেপিয়ে প্রার্থী প্রক্ষেপৰ বাবে প্রস্তুতি চলাইছে৷ বিজেপিৰ এনে আগ্রাসনক লৈয়ে শেহতীয়াকৈ সৰৱ হৈ পৰিছে অগপৰ কেইবাজনো বিধায়ক৷ আনকি অগপৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা আৰু সত্যব্রত কলিতাই মুকলিকৈ এইবুলিও মন্তব্য কৰিছে যে মিত্রতাৰ সম্পর্ক অগপই বিঘ্ণিত কৰা নাই৷

অগপৰ দখলত থকা সমষ্টি কোনো কাৰণতে বিজেপিক এৰি দিয়া নহয়৷ যদি বিজেপিক অগপৰ সমষ্টি এৰি দিব লাগে, তেন্তে পূর্বে অগপই জয়লাভ কৰা ৪০টা সমষ্টি বিজেপিয়ে অগপক এৰি দিব লাগিব৷ অগপৰ বিধায়কদ্বয়ৰ এনে মন্তব্যৰ পাছতে আজি আঞ্চলিক দলটোৰ প্রতি অধিক কঠোৰ স্থিতি গ্রহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– অগপই আমাৰ কেন্দ্রীয় কমিটীৰ সৈতেহে মিত্রতা কৰিছে৷ গতিকে মিত্রতা ছেদ কৰাৰ ক্ষেত্রত ৰাষ্ট্রীয় নেতৃত্বই নিশ্চিতভাৱে সিদ্ধান্ত ল’ব৷ কিন্তু নির্বাচনত আসন বুজাবুজিৰ ক্ষেত্রত ৰাষ্ট্রীয় কমিটীয়ে ৰাজ্যিক কমিটীৰ মতামত গ্রহণ কৰিব৷

ইতিমধ্যে ৰাষ্ট্রীয় নেতৃত্বক বি পি এফ আৰু অগপৰ সাংগঠনিক স্থিতি আৰু জনসমর্থন কি ভিত্তিত আছে, সেয়া জনাই দিয়া হৈছে৷ ৰাইজৰ আশীর্বাদ যে বি পি এফৰ লগত নাই, সেয়াও বুজাই দিয়া হৈছে৷ দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা ২.৪০ ঘণ্টাজোৰা বৈঠকত মিত্রদলৰ ক্ষেত্রত কি ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰিছে, সেয়া বিস্তৃতভাৱে উল্লেখ কৰা হৈছে৷ আমাৰ মনৰ কথা ৰাষ্ট্রীয় নেতৃত্বক জনাইছোঁ৷ ইয়াৰ পাছত ৰাষ্ট্রীয় নেতৃত্বই অগপক ৪০খন আসন দিয়ে নে ১০খন আসন দিয়ে, সেয়া ৰাজ্যিক কমিটীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’ব৷ সভাপতি ৰঞ্জিত দাসৰ লগতে কালি ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়ায়ো মিত্রদল অগপৰ প্রতি সৰৱ হৈ পৰা পৰিলক্ষিত হ’ল৷

আসন বুজাবুজিক কেন্দ্র কৰি অগপই কৰা মন্তব্যৰ প্রত্যুত্তৰ দি দিলীপ শইকীয়াৰ ভাষ্য– অগপই উচ্চবাচ্য কৰি লাভ নাই৷ সকলো নির্ভৰ কৰিব ৰাজনৈতিক পৰিৱেশৰ ওপৰত৷ এটা কথা নিশ্চিত যে মিত্রতাৰ ৰাজনীতিৰে ২০২১ চনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব৷ কোন থাকে, কোন নাথাকে, সেয়া নির্ভৰ কৰিব পৰিস্থিতিৰ ওপৰত৷ উল্লেখ্য যে অহা ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীলৈ আহিবলগীয়া দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ সৈতে ১২খনকৈ বৈঠকত ভাগ ল’ব৷

এই বৈঠকতে বি পি এফ আৰু অগপ সম্পর্কেও বিস্তৃত তথ্য ল’ব নাড্ডাই৷ সমান্তৰালভাৱে মিত্রদলৰ সৈতেও আন এক বৈঠকত বহিব৷ মিত্রতাৰ প্রসংগৰ মাজতে জে পি নাড্ডাই ৰাজ্যৰ সমষ্টিসমূহৰ প্রভাৰীসকলৰ সৈতেও এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ব৷ এই বৈঠকতে বর্তমান বিজেপিৰ দখলত থকা সমষ্টিত দলৰ বিধায়কৰ স্থিতি কি, সেই সম্পর্কে তথ্য সংগ্রহ কৰিব৷ এই তথ্যৰ ভিত্তিতে আগন্তুক নির্বাচনত বিধায়কজনে প্রার্থিত্ব লাভ কৰিব নে নাই, সেয়া নির্ভৰ কৰিব৷ ইফালে, কংগ্রেছৰ কেইবাজনো বিধায়কে বিজেপিত যোগদানৰ বাবে চলোৱা প্রস্তুতি সন্দর্ভত সভাপতি ৰঞ্জিত দাসে কয় যে কংগ্রেছৰ বিধায়কে বিজেপিত যোগদানৰ পূর্বে দলৰ স্ক্রীনিং কমিটীয়ে এইক্ষেত্রত অনুমোদন দিব লাগিব৷

শেহতীয়াকৈ চর্চাত থকা গোলাঘাটৰ কংগ্রেছী বিধায়িকা অজন্তা নেওগে বিজেপি নেতৃত্বৰ সৈতে যোগাযোগ কৰা নাই বুলি আজি সভাপতি দাসে স্পষ্ট কৰি দিয়ে৷ ইয়াৰ বিপৰীতে লক্ষীপুৰ সমষ্টিৰ কংগ্রেছী বিধায়ক ৰাজদীপ গোৱালাই অতি সোনকালে দলত যোগ দিব বুলি জানিবলৈ দিয়ে তেওঁ৷ একেদৰে বৰখলা সমষ্টিৰ প্রাক্তন কংগ্রেছী বিধায়িকা ৰুমী নাথৰ বিজেপিত যোগদানৰ ক্ষেত্রত ৰঞ্জিত দাসৰ মন্তব্য– মই সভাপতি হৈ থকালৈ ৰুমী নাথ বিজেপিলৈ আহিব নোৱাৰে৷

You might also like