নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰ বিপক্ষে জয় দিল্লী কেপিটেলছৰ

 নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ঋষভ পণ্ট নেতৃত্বাধীন দিল্লী কেপিটেলছে চলিত আই পি এলত দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰিছে৷ দেওবাৰে মুম্বাইত অনুষ্ঠিত মেচখনত দিল্লীয়ে লোকেশ ৰাহুল নেতৃত্বাধীন পঞ্জাব কিংছক ৬ উইকেটত পৰাস্ত কৰে৷ মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ১৯৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ শিখৰ ধাৱনৰ দুর্দান্ত ৯২ ৰানৰ সহায়ত দিল্লীয়ে ১৮.২ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই বিজয়ী হয়৷

ধাৱনৰ ৪৯টা বলৰ ইনিংছটোত আছিল ১৩টা চাৰি আৰু দুটা ছয়৷ ইপিনে পৃথ্বি শ্বই ৩২ আৰু মার্কাছ ষ্টইনিছে অপৰাজিতভাৱে ২৭ ৰান কৰে৷ স্মিথে ৯ আৰু অধিনায়ক পণ্টে ১৫ ৰান কৰে৷ পঞ্জাবৰ হৈ ৰিচার্ডছনে দুটা উইকেট লয়৷

ইয়াৰ পূর্বে দিল্লী কেপিটেলছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় লোকেশ ৰাহুল আৰু মায়ংক আগৰৱালাৰ দুর্দান্ত অর্ধশতকৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ৰাহুল আৰু মায়ংকে প্রথম উইকেটৰ যুটিত ১২২ ৰান সংগ্রহ কৰি পঞ্জাবক চমকপ্রদ আৰম্ভণি দিয়ে৷ ৰাহুলে ৫১ বলত ৭টা চাৰি আৰু দুটা ছয়ৰে ৬১ ৰান কৰাৰ বিপৰীতে মায়ংকে ৩৬টা বলত ৭টা চাৰি আৰু ৪টা ছয়ৰে ৬৯ ৰান কৰে৷ গেইলে ১১, দীপক হুদাই ২২ আৰু নিকোলাছ পুৰাণে ৯ ৰান কৰি বিদায় লয়

You might also like