নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ সভ্যতাৰ বাবে অতি বিপজ্জনক জৈৱিক অস্ত্ৰ

দীপক কুমাৰ দাস

মানৱসৃষ্ট উপাদানেই কেতিয়াবা মানৱ জাতিৰ বাবে অতি বিপজ্জনক হৈ পৰে৷ জীৱশ্রেষ্ঠ মানুহে নিজৰ স্বজ্ঞাতিৰ আত্মহননৰ পথ মুকলি কৰে৷ পৃথিৱীত মানৱসৃষ্ট সংসাধনৰ বাবে মানৱ সভ্যতাৰ বিলুপ্তি ঘটাৰ অনেক উদাহৰণ আছে৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত উন্নয়নেৰে মানৱ জাতিয়ে নিজৰ উপভোগৰ বাবে বিভিন্ন সামগ্রী উৎপাদন কৰি থকাৰ সমান্তৰালকৈ নিজক শক্তিশালী কৰি তুলিবলৈ শত্রুজ্ঞান কৰা আন দেশক বিধ্বস্ত কৰিবলৈও মাৰণাস্ত্র সাজে৷ কিছুমান মাৰণাস্ত্র দেখাদেখিকৈ সাজি উলিয়াই প্রয়োগ কৰে৷ আনহাতে এনে একাংশ অস্ত্র আছে, যিবোৰ গোপনে গৱেষণাগাৰত প্রস্তুত কৰে৷ গৱেষণাগাৰত উৎপাদিত এই অস্ত্রই মানৱ জাতিৰ বাবে শংকা নমাই আনে৷ যুদ্ধৰ সময়ত কিম্বা ছায়াযুদ্ধৰ জৰিয়তে শত্রু ৰাষ্ট্রক পৰাভূত কৰাৰ বাবেই গৱেষণাগাৰত প্রস্তুত কৰা অস্ত্রবিধ প্রয়োগ কৰাৰ অনেক উদাহৰণ আছে৷ এই অস্ত্রবিধ ইমানেই ভয়াৱহ যে ই নিমিষতে সংহাৰী ৰূপ লৈ অসংখ্যজনৰ প্রাণ কাঢ়ি লয়৷ মানৱ দেহত ৰোগ বিয়পাই নিমিষতে মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই অস্ত্রবিধ হৈছে জৈৱিক অস্ত্র (বায়’লজিকেল ৱ’পেন)৷ জৈৱিক অস্ত্র ইমানেই ভয়াৱহ যে পাৰমাণৱিক বোমা আৰু আন শক্তিশালী বিস্ফোৰক অস্ত্রতকৈও বিনাশকাৰী আৰু বিপজ্জনক৷ শেহতীয়াভাৱে চীনত ঘাতক ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপক লৈয়েই এই জৈৱিক অস্ত্র চর্চালৈ আহিছে৷ চীনৰ ৱুহান প্রদেশত সৃষ্ট ঘাতক ক’ৰোনা ভাইৰাছক একাংশ বিশেষজ্ঞই দেশখনৰ গৱেষণাগাৰত প্রস্তুত কৰা জৈৱিক অস্ত্র বুলি সন্দেহ প্রকাশ কৰিছে৷ অৱশ্যে চীনে ক’ৰোনা ভাইৰাছ জৈৱিক অস্ত্র নহয় বুলি দাবী কৰিছে৷ মানৱ জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই অনা এই জৈৱিক অস্ত্রনো কি? ই কিয় ইমান ভয়াৱহ? ইয়াক কেনেকৈ প্রস্তুত কৰা হয়, তাক বিশ্লেষণৰ প্রয়োজন আছে৷
জীৱশ্রেষ্ঠ মানৱে গৱেষণাগাৰত প্রস্তুত কৰা জৈৱিক অস্ত্র আধুনিক যুগৰ উদ্ভাৱন বুলি ভবা হয় যদিও ই সম্পূর্ণ শুদ্ধ নহয়৷ আধুনিক যুগ আৰম্ভ হোৱাৰ পূর্বে এই জৈৱিক অস্ত্রৰ প্রচলন আছিল৷ ইতিহাসৰ তথ্য মতে খ্রীষ্টপূর্ব ৪০০তেই জৈৱিক অস্ত্রৰ প্রচলন হৈছিল৷ অৱশ্যে সেয়া আছিল আজিতকৈ কিছু পৃথক৷ জৈৱিক অস্ত্র হৈছে ক্ষুদ্র জীৱ৷ জীৱিত প্রাণী–উদ্ভিদৰ পৰা গৱেষণাগাৰত উৎপাদন কৰা এবিধ অস্ত্র জৈৱিক অস্ত্র৷ বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ অথবা অন্যান্য বিষাক্ত ৰাসায়নিক পদার্থৰ দ্বাৰা এই জৈৱিক অস্ত্র সৃষ্টি কৰা হয়৷ যাৰ জৰিয়তে জীৱ–জন্তু, গছ–গছনিৰ মাজত বেমাৰ বিয়পাই সেইবোৰ বিনাশ কৰা হয়৷ তদুপৰি গৱেষণাগাৰত উৎপাদন কৰা এই জৈৱিক অস্ত্রৰ দ্বাৰা মানুহৰ মাজত ৰোগ বিয়পাই দি মানুহৰ প্রাণ কাঢ়ি লোৱা হয়৷ এই জৈৱিক অস্ত্রৰ এজেণ্টসমূহৰ ভিতৰত এনথ্রাক্স, বটুলিনাম টক্সিন আৰু প্লেগক মানুহৰ মাজত বিয়পাই দি মানৱ স্বাস্থ্যৰ বাবে অশনি সংকেত কঢ়িয়াই অনাই নহয়, সংহাৰী ৰূপ ধাৰণ কৰি শত শতজনৰ মৃত্যুৰ কাৰণ হৈ পৰে৷ এই অস্ত্রৰ আক্রমণক জৈৱ সন্ত্রাসবাদ বুলিও কোৱা হয়৷ উল্লেখ্য যে গণবিধ্বংসীকাৰী এই জৈৱিক অস্ত্রৰ ভয়াৱহতা ৰাসায়নিক, পাৰমাণৱিক আৰু তেজষ্ক্রিয় অস্ত্রতকৈও অধিক৷ জৈৱিক অস্ত্রৰ প্রয়োগ মানৱ জাতিৰ বাবে অতিকৈ বিপজ্জনক৷ এই অস্ত্র উৎপাদন আৰু প্রয়োগৰ ক্ষেত্রত নিষেধাজ্ঞা আছে যদিও সকলো নিয়ম উলংঘা কৰি আধুনিক যুগত এই জৈৱিক অস্ত্রৰ ব্যৱহাৰ বৃদ্ধি পাইছে৷
আধুনিক যুগতেই যে জৈৱিক অস্ত্র সৃষ্টি কৰি ব্যৱহাৰ কৰি থকা হৈছে এনে নহয়, পুৰাতন সময়তে এই অস্ত্রৰ ব্যৱহাৰৰ তথ্য আছে৷ খ্রীষ্টপূর্ব ৪০০তেই ছিথিয়ান ধনুর্ধৰসকলে তেওঁলোকৰ ধনুত বিহ মিহলাই হত্যা কৰা শত্রু পক্ষৰ মৃতদেহ তথা শত্রুৰ তেজত বিহ মিহলাই পানী বিষাক্ত কৰি যুদ্ধ জয়ৰ আনন্দ লভিছিল৷ পার্চী, গ্রীক আৰু ৰোমান সাহিত্যত খ্রীষ্টপূর্ব ৩০০তেই মৃত জন্তুৰ শৰীৰত বিষাক্ত পদার্থ মিহলাই পানীৰ কুঁৱা আৰু অন্যান্য প্রাণীৰ উৎসত পেলাই দি শত্রু পক্ষক বিপদলৈ ঠেলি দিছিল৷ খ্রীষ্টপূর্ব ১৯০ত ইউৰীমেডন যুঁজত হানিবালসকলে পার্গাম’নৰ ৰজা য়ুমনিছ দ্বিতীয়ৰ বিৰুদ্ধে যুদ্ধ জয় কৰিবলৈ সক্ষম হৈছিল৷ মাটিৰ নাও সাজি তাত বিষাক্ত সাপৰ ভঁৰাল তুলি দি সেই নাৱেৰে শত্রুৰ জাহাজত আক্রমণ কৰি যুদ্ধত জয়লাভ কৰিছিল৷ ইপিনে দ্বাদশ শতিকাত ট’ৰটোনা যুঁজত মৃত সৈনিকৰ দেহত বার্বৰোছা ব্যৱহাৰ কৰি সেইবোৰ কুঁৱাত পেলাই পানী বিষাক্ত কৰিছিল৷ আনপিনে চতুর্দশ শতিকাত কাফাত টাটাৰ বাহিনীয়ে মৃতদেহত প্লেগৰ বীজাণু মিহলি কৰি সেইবোৰ শত্রু বাহিনী থকা অঞ্চলত পেলাই দিছিল৷ তেনেদৰে যুদ্ধক্ষেত্রত শত্রু বাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল টাটাৰ বাহিনীয়ে৷ ১৭১০ চনত একেই ঘটনাৰ পুনৰাবৃত্তি ঘটাইছিল ৰাছিয়াই৷ এষ্ট’নিয়াৰ ৰেভেলত ছুইডিছ বাহিনীক পৰাভূত কৰিবলৈ মৃতদেহত প্লেগৰ বীজাণু মিহলি কৰি সেইবোৰ বিয়পাই দিছিল৷ আনপিনে ১৮০০ শতিকাত ফ্রান্স আৰু ভাৰতীয় যুদ্ধৰ সময়ত ব্রিটিছ বাহিনীয়ে ছাৰ জেফ্রী আমহার্ষ্টৰ নির্দেশত সৰু আইৰ বীজাণু থকা ব্লেংকেট হাস্পতালত সেনাৰ মাজত বিতৰণ কৰিছিল৷ আনপিনে আমেৰিকাৰ গৃহযুদ্ধৰ সময়তো সকলো পক্ষই জৈৱিক অস্ত্র ব্যৱহাৰ কৰাৰ অভিযোগ আছে৷ প্রথম বিশ্বযুদ্ধৰ সময়ত জার্মান সেনাই জৈৱিক অস্ত্র হিচাপে এনথ্রাক্স, গ্লেণ্ডার্ছ, কলেৰা আৰু বগা ভেঁকুৰৰ বিষাক্ত বীজাণু ব্যৱহাৰ কৰিছিল৷ এই জৈৱিক অস্ত্রৰ প্রয়োগৰ বাবে ৰাছিয়াৰ ছেইণ্ট পীটার্ছবার্গত প্লেগে, মেছোপ’টামিয়াত গ্লেণ্ডাৰে সংহাৰী ৰূপ ধাৰণ কৰিছিল৷ আনকি ফৰাচী সৈন্যৰ ঘোঁৰাকো জৈৱিক অস্ত্রৰে আক্রমণ কৰাৰ অভিযোগ আছে৷ প্রথম বিশ্বযুদ্ধৰ সময়ত জৈৱিক অস্ত্রৰ প্রয়োগে মানৱ জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই অনাৰ বাবে ১৯২৫ চনত বিশ্বৰ ১০৮খন দেশে একত্রিত হৈ জেনেভা প্রট’কল স্বাক্ষৰ কৰিছিল৷ এই প্রট’কল অনুসৰি কোনো দেশেই জৈৱিক এজেণ্ট যুদ্ধত ব্যৱহাৰ কৰিব নোৱাৰিব৷ অর্থাৎ জৈৱিক অস্ত্রৰ পৰা ৰাসায়নিক অস্ত্রলৈকে কোনো এবিধেই যুদ্ধত জয়ী হোৱাৰ বাবে শত্রু পক্ষক লক্ষ্য কৰি ব্যৱহাৰ কৰিব নোৱাৰিব৷ ইয়াৰ পাছতো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী বাহিনীয়ে মাঞ্চুৰিয়াত ইউনিট ৭৩১ত গোপনে জৈৱিক যুদ্ধৰ গৱেষণা কেন্দ্র স্থাপন কৰিছিল৷ ইয়াৰ জৰিয়তে জাপানী সেনাই কাৰাবন্দীৰ দেহত জৈৱিক অস্ত্র বিশেষকৈ প্লেগ, এনথ্রাক্স, ছিফিলিছ আৰু আন বিষাক্ত বীজাণু সুমুৱাই দিছিল৷ যাৰ ফলত ৩,০০০তকৈ অধিক লোক আক্রান্ত হৈছিল৷ ইয়াৰে কিছুসংখ্যকক হত্যা কৰাৰ বিপৰীতে আন কিছুসংখ্যকৰ মৃত্যু ঘটিছিল৷ ১৯৪২ চনত আমেৰিকা যুক্তৰাষ্ট্রই যুদ্ধ গৱেষণা সেৱা গঠন কৰি এনথ্রাক্স আৰু বটুলিনাম টক্সিন ব্যৱহাৰেৰে জৈৱিক অস্ত্র উৎপাদন কৰি ব্যৱহাৰৰ বাবে প্রস্তুতি চলাইছিল৷ কিন্তু এয়া প্রয়োগ কৰাৰ পূর্বেই যুদ্ধৰ সামৰণি ঘটিছিল৷ কিয়নো আমেৰিকা যুক্তৰাষ্ট্রই সিদ্ধান্ত লৈছিল যে যদি প্রথমে জার্মান বাহিনীয়ে জৈৱিক অস্ত্র প্রয়োগ কৰে, তেতিয়াহে দেশখনে তেনেধৰণৰ অস্ত্র ব্যৱহাৰ কৰিব৷ লক্ষণীয়ভাৱে জার্মানীয়ে জৈৱিক অস্ত্র ব্যৱহাৰ নকৰাৰ বাবেই আমেৰিকায়ো তাৰ পৰা বিৰত আছিল৷ জাপানী বায়ুসেনা বাহিনীয়ে চীনৰ নিংবোত প্লেগ চিৰামিক বোমা পেলাইছিল৷ তদুপৰি চীনৰ বিভিন্ন গাঁৱৰ এহাজাৰতকৈও অধিক কুঁৱাৰ পানী জাপানী সেনাই বিষাক্ত কৰি তুলিছিল৷ ফলত বিষাক্ত পানীৰ প্রভাৱত ১৯৪৭ চনৰ ভিতৰতে ৩০ হাজাৰতকৈও অধিক লোকে প্রাণ হেৰুৱাইছিল৷ গুৰুত্বপূর্ণ যে ১৯৪২–১৯৪৩ চনৰ ভিতৰত স্কটলেণ্ডৰ উত্তৰ–পূব উপকূলৰ গ্রুইনার্ড দ্বীপপুঞ্জত ব্রিটিছে এনথ্রাক্স বোমা পৰীক্ষণ কৰিছিল৷ যুদ্ধত প্রয়োগ নকৰিলেও আমেৰিকা যুক্তৰাষ্ট্রই ১৯৫০ৰ পৰা ১৯৬০ চনলৈকে কেইবাবিধো ঘাতক জৈৱিক অস্ত্র প্রস্তুত কৰি উলিয়াইছে৷ আনপিনে ভিয়েটনাম যুদ্ধৰ সময়ত ভিয়েটনাম গেৰিলা বাহিনীয়ে চোকা অস্ত্রত বিষাক্ত দ্রব্য ব্যৱহাৰ কৰিছিল৷ এই বিষাক্ত দ্রব্য থকা চোকা অস্ত্রৰে আঘাত কৰিলে শত্রু পক্ষৰ সেনাৰ শৰীৰত বিষ আৰম্ভ হয় আৰু তাৰ দেহ অকামিলা হৈ পৰে৷ আমেৰিকা যুক্তৰাষ্ট্রয়ো ভিয়েটনামত এজেণ্ট অ’ৰেঞ্জ ৰাসায়নিক অস্ত্র ব্যৱহাৰ কৰিছিল৷ আনপিনে ৰাছিয়ায়ো গোপনে জৈৱিক অস্ত্র উৎপাদন কৰি উলিওৱাৰ তথ্য ১৯৭৯ চনত পোহৰলৈ আহে৷ ভার্ডল’ভস্কত জৈৱিক অস্ত্র উৎপাদন কৰা গৱেষণাগাৰৰ পৰা এনথ্রাক্সৰ বীজাণু বিয়পি পৰাত অতিকমেও ৬৬ লোকৰ প্রাণহানি হৈছিল৷ ১৯৯২ চনলৈকে ৰাছিয়াই জৈৱিক অস্ত্রৰ পৰা তেনে ঘটনা হোৱা নাই বুলি দাবী কৰিছিল যদিও পাছলৈ ৰাছিয়াৰ ৰাষ্ট্রপতি বৰিছ য়েল্টছিনে সেই দুর্ঘটনাটো এনথ্রাক্সৰ বাবে হোৱা বুলি স্বীকাৰ কৰিছিল৷
মন কৰিবলগীয়া যে মানৱ সভ্যতাৰ বাবে অতিকে বিপজ্জনক জৈৱিক অস্ত্র ব্যৱহাৰৰ ক্ষেত্রত নিষেধাজ্ঞা আছে যদিও গোপনে ১৬ খনতকৈও অধিক দেশে এই অস্ত্র উৎপাদন কৰা প্রক্রিয়া অব্যাহত ৰাখিছে৷ পৰিতাপৰ কথা যে দেশৰ চৰকাৰে এই জৈৱিক অস্ত্র ব্যৱহাৰৰ বাবে উৎপাদন কৰি থকাৰ সমান্তৰালকৈ বিশ্বৰ বাবে শংকাৰ সৃষ্টি কৰি থকা সন্ত্রাসবাদী সংগঠনসমূহেও এই অস্ত্র উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ ১৯৮০ চনৰ পাছত বিশ্বৰ কেইবাটাও সন্ত্রাসবাদী সংগঠনে জৈৱিক অস্ত্র ব্যৱহাৰ কৰাৰ ভয়াৱহ উদাহৰণ আছে৷ ১৯৮৫ চনত ইৰাকত নিষিদ্ধ জৈৱিক অস্ত্রৰ কার্যসূচী আৰম্ভ কৰি এনথ্রাক্স, বটুলিনাম টক্সিন আৰু এফ্লাটক্সিন উৎপাদন কৰিছে৷ আনকি আমেৰিকা যুক্তৰাষ্ট্রৰ মিত্র বাহিনীয়ে ইৰাক আক্রমণ কৰাৰ সময়ত ৰাসায়নিক আৰু জৈৱিক অস্ত্রৰ ভাবুকি দিছিল৷ উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকে বটুলিনাম টক্সিন, এনথ্রাক্স আৰু এফ্লাটক্সিনৰ বোমা ব্যৱহাৰ কৰাৰ অভিযোগ আছে৷ ১৯৮৪ চনৰ ছেপ্ঢেম্বৰ আৰু অক্টোবৰ মাহত চানমনেলাত আক্রান্ত হৈ ৭৫১গৰাকী লোকে প্রাণ হেৰুৱাইছিল৷ এই চানমনেলাত আক্রান্ত লোকসকলে খাদ্যত বিষক্রিয়াৰ লেখীয়া ৰোগত মৃত্যুবৰণ কৰিছিল৷ লক্ষণীয় যে অৰেগানৰ এখন ৰেষ্টুৰেণ্টত ভগৱান শ্রীৰজনীছৰ একাংশ অনুগামী এই ঘটনাৰ বলি হৈছিল৷ আনপিনে ১৯৯৪ চনত জাপানৰ আম চিনৰিকি’ নামৰ সম্প্রদায়টোৱে ট’কি’ৰ অট্টালিকাৰ শীর্ষৰ পৰা এনথ্রাক্সৰ বীজাণু বায়ুমণ্ডলত এৰি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছিল৷ তেনেদৰে ১৯৯৫ চনত মিনেচ’টা সন্ত্রাসবাদী গোটৰ দুজন সদস্যক ৰিছিন নামৰ জৈৱিক এজেণ্ট ব্যৱহাৰ কৰাৰ অপৰাধত চৰকাৰখনে দোষী সাব্যস্ত কৰিছিল৷ ইপিনে ১৯৯৬ চনত অহি’ৰ এগৰাকী ব্যক্তিয়ে ডাকযোগে প্লেগৰ বীজাণু বিয়পাই দিয়াৰ অপচেষ্টা চলোৱাৰ উদাহৰণ আছে৷ ২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ সংবাদ মাধ্যম আৰু চৰকাৰী কার্যালয়লৈ ডাকযোগে এনথ্রাক্সৰ বীজাণু বিয়পাইছিল সন্ত্রাসবাদীয়ে৷ এই ঘটনাত ৫জন লোকে প্রাণ হেৰুৱাইছিল৷ ২০০২ চনৰ ডিচেম্বৰত ইংলেণ্ডৰ মানচেষ্টাৰত জৈৱিক এজেণ্ট ব্যৱহাৰ কৰিবলৈ চেষ্টা চলোৱাৰ অপৰাধত ৬জন সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিছিল৷ এই গ্রেপ্তাৰ হোৱা ৬ সন্ত্রাসবাদীয়ে ৰিছিন গৱেষণাগাৰত কর্মৰত আছিল৷ ইয়াৰে ভিতৰত ২৭ বছৰীয়া এজন কেমিষ্টে টক্সিন উৎপাদন কৰিছিল৷ ২০০৩ চনৰ ৫ জানুৱাৰীত ব্রিটিছ আৰক্ষীয়ে লণ্ডনৰ কেইবাঠাইতো অভিযান চলাই ৰিছিন জৈৱিক এজেণ্টৰ সন্ধান লাভ কৰিছিল৷ ইয়াৰ পাছতে ২০০৪ চনৰ ৩ ফেব্রুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্রৰ ছিনেটৰ কার্যালয়ৰ অট্টালিকাৰ সমীপতে টক্সিন ৰিছিন উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷ এই টক্সিন ৰিছিন ডাকযোগে প্রেৰণ কৰিছিল অচিনাক্ত দুর্বৃত্তই৷ জৈৱিক অস্ত্রৰ সংহাৰী ৰূপ অকল সামৰিক বাহিনীৰ ওপৰতেই নপৰে, সাধাৰণ নাগৰিকৰ ওপৰতো প্রচণ্ড প্রভাৱ পৰে৷ এবাৰ জৈৱিক অস্ত্র ব্যৱহাৰ কৰাৰ পাছত সেই অস্ত্রৰ নেতিবাচক প্রভাৱ প্রজন্ম প্রজন্ম ধৰি অব্যাহত থাকে৷ পৰিণতিত মানৱ জাতিৰ বাবে ই ভয়ংকৰ হৈ উঠে৷
জৈৱিক অস্ত্র বিভিন্ন পথেৰে ব্যৱহাৰ কৰিব পাৰি৷ বায়ুমণ্ডলত বিয়পাই দিয়াৰ উপৰি যিকোনো বিস্ফোৰকৰ সৈতে সংপৃক্ত কৰি জৈৱিক এজেণ্টসমূহ মানৱ সমাজলৈ প্রসাৰিত কৰিব পাৰে৷ তদুপৰি খাদ্য তথা পানীত মিহলাই ইয়াক সহজতে প্রসাৰিত কৰি সমাজত সংহাৰী ৰূপ ধাৰণ কৰাত আগভাগ ল’ব পাৰে৷ এই জৈৱিক অস্ত্র প্রয়োগ কৰাৰ পাছত উন্নতমানৰ যন্ত্রৰ দ্বাৰা তাক চিনাক্ত কৰিব পৰা যায়৷ লক্ষণীয় যে মানুহতকৈ প্রাণীৰ শৰীৰত এই জৈৱিক অস্ত্রৰ প্রভাৱ বেছি যদিও ইয়াক অতি সহজতে প্রত্যক্ষ কৰা নাযায়৷
মানৱ সভ্যতাৰ বাবে পলে পলে অশনি সংকেত কঢ়িয়াই অনাৰ পাছতো বিশ্বৰ ১৬খন দেশে অতি গোপনে জৈৱিক অস্ত্র উৎপাদন কৰি আছে৷ নিষেধাজ্ঞাক একাষৰীয়া কৰি থৈ মানৱ জাতিক ভয়াৱহ বিপদৰ ফালে ঠেলি দি জৈৱিক অস্ত্র প্রস্তুত কৰা দেশসমূহৰ ভিতৰত আছে কানাডা, চীন, কিউবা, ফ্রান্স, জার্মানী, ইৰান, ইৰাক, ইজৰাইল, জাপান, লিবিয়া, উত্তৰ কোৰিয়া, ৰাছিয়া, দক্ষিণ আফ্রিকা, ছিৰিয়া, গ্রেট ব্রিটেইন, টাইৱান আৰু আমেৰিকা যুক্তৰাষ্ট্র৷ ভয়াৱহ জৈৱিক অস্ত্রৰ ভিতৰত প্লেগ, স্মলপক্স, এনথ্রাক্স, ৰিছিন, কিউ ফিভাৰ, তুলাৰেমিয়া, গ্লেণ্ডাৰ আদি উল্লেখযোগ্য৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দপদপনিৰ মাজত নিজকে জীৱশ্রেষ্ঠ বুলি দাবী কৰা মানৱে নিজৰ বিপদ নিজেই কঢ়িয়াই অনাৰ বাবে জৈৱিক অস্ত্র উৎপাদন কৰাটো কোনো কাৰণতে সমর্থনযোগ্য হ’ব নোৱাৰে৷ মানৱ জাতিৰ বাবে অভিশাপস্বৰূপ হ’ব পৰা এনে জৈৱিক অস্ত্র উৎপাদনৰ পৰা নিজকে বিৰত ৰখাৰ সময় সমাগত৷ অন্যথা একবিংশ শতিকাই মানৱ সভ্যতাৰ বাবে অন্তিম ক্ষণ হৈ উঠিব৷

You might also like