নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি আছোঁ ৪–জিত: ৭–জি সেৱা উপলব্ধ দেশ

-যোগেশ কলিতা

সম্ভৱতঃ ভাৰততো ৫–জি নেটৱর্কৰ সম্পৰীক্ষা হ’ব৷ আধুনিক জীৱনশৈলী তথা কৃত্রিম সৃষ্টিৰ দ্রুত সম্প্রসাৰণে মানুহক অতি বেছি বেগী কৰি পেলাইছে৷ এটা ২–জি হেণ্ডছেট হাতত লৈ মাত্র ফোন বা এছ এম এছ কৰাটোও ম’বাইলৰ কাম বুলি চিন্তা কৰা জগতত আজি দ্রুত গোলকীকৰণ৷ ন ন চিন্তাচর্চাই নতুন ৰূপ পৰিগ্রহ কৰি ম’বাইলত ইণ্টাৰনেট সংযোগৰ ফলত মানুহ বহু আগুৱাই গ’ল৷ ফলত ইণ্টাৰনেট হৈ পৰিল মানুহৰ অবিচ্ছেদ্য অংগ৷ যি অবিহনে আজি কল্পনা কৰাই টান ইণ্টাৰনেটবিহীন এটা জীৱন৷ টেলিফোন, টেলিগ্রাফ, ডাকযোগে চিঠিৰ আদান–প্রদানৰ সেই দিন ইতিহাস হ’ল৷ আজি ম’বাইলে নতুন ৰূপ পৰিগ্রহ কৰিলে৷ ভাৰতত ইণ্টাৰনেট সেৱা ৩–জিতে প্রায় সীমাবদ্ধ আছিল৷ কিন্তু ৰিলায়েঞ্চ জি’ই আৰম্ভ কৰা ৪–জি সেৱাই এক নতুন মাত্রা দিলে৷ এক চমৎকৃত সেৱাৰে কোটি কোটি ভাৰতীয় গ্রাহক হিচাপে লোৱা জি’ৰ এই অৱদান ভাৰতীয় দ্রুত বিকাশৰ ক্ষেত্রত হয়তো এটা মাইলষ্টোন৷
বিশ্বৰ শীর্ষস্থানীয় দেশ হিচাপে ম’বাইল ব্যৱহাৰকাৰীৰ ক্ষেত্রত প্রায় সকলো দেশেই আগস্থান দখল কৰি আছে৷ তাৰ ভিতৰত প্রথম দহখন দেশৰ নাম হ’ল ক্রমে চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্র, ব্রাজিল, ৰাছিয়া, ইণ্ডোনেছিয়া, নাইজেৰিয়া, পাকিস্তান আৰু বাংলাদেশ৷ এই দেশসমূহৰ জনসংখ্যাৰ তুলনাত ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ৯০ শতাংশৰো অধিক৷ গতিকে এনে সমীক্ষাই প্রমাণ কৰে বিশ্বত ইণ্টাৰনেটৰ প্রয়োজন কিমান৷ মুঠ জনসংখ্যাৰ ইমান জনসংখ্যাই যদি ইণ্টাৰনেট ব্যৱহাৰ কৰে, তেন্তে স্বাভাৱিকভাৱে ব্রাউজিঙৰ গতি লেহেম বন্ধ হোৱা স্বাভাৱিক৷
আনহাতে বিশেষ এক সমীক্ষাৰ মতে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীৰ ক্ষেত্রতো এই দেশসমূহে বিশেষ স্থান দখল কৰি আছে৷ চলিত বছৰলৈ চলা সমীক্ষা মতে আজিৰ তাৰিখত প্রতিদিনে আনুমানিক ২.৪ বিলিয়ন ফেচবুক ব্যৱহাৰকাৰী আছে৷ এক সমীক্ষা মতে ভাৰতত ২৬০ মিলিয়ন, আমেৰিকা যুক্তৰাষ্ট্রত ১৮০ মিলিয়ন, ইণ্ডোনেছিয়াত ১৩০ মিলিয়ন, ব্রাজিলত ১২০ মিলিয়ন, মেক্সিকোত ৮৪ মিলিয়ন, ফিলিপাইনছত ৭০ মিলিয়ন, ভিয়েটনামত ৬১ মিলিয়ন, থাইলেণ্ডত ৪৭ মিলিয়ন ফেচবুক ব্যৱহাৰকাৰী আছে৷ আনহাতে টুইটাৰত আমেৰিকাত ৫৯.৩৫ মিলিয়ন, জাপানত ৪৫.৭৫ মিলিয়ন, ইংলেণ্ডত ১৬.৭ মিলিয়ন, আৰবত ১৪.৩৫ মিলিয়ন, ব্রাজিলত ১২.১৩ মিলিয়ন আৰু ভাৰতত ১১.৪৫ মিলিয়ন ব্যৱহাৰকাৰী আছে৷ ঠিক সেইদৰে ইনষ্টাগ্রাম, উইচাট, ইউ টিউব, গুগল, মেছেঞ্জাৰ আদি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীও কম নহয়৷ বর্তমান সময়ত ডিজিটেল যুগৰ বাবে পইচা–পাতি পঠিওৱাৰ ক্ষেত্রতো ইণ্টাৰনেটৰ ব্যৱহাৰ অস্বাভাৱিক৷
সকলোধৰণৰ ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশৰ হিচাপত আমেৰিকা যুক্তৰাষ্ট্রৰ ২১১,০০০,০০০, চীনত ১৩৭,০০০,০০০, জাপানত ৮৬,০০০,০০০, জার্মানীত ৫১,০০০,০০০, ভাৰতত ৪০,০০০,০০০, ইংলেণ্ডত ৩৭,০০০,০০০, কোৰিয়াত ৩৪,০০০,০০০, ব্রাজিলত ৩২,০০০,০০০, ফ্রান্সত ৩১,০০০,০০০ আৰু ইটালীত ৩১,০০০,০০০ ব্যৱহাৰকাৰী আছে যিটো ২০০৭ চনত চলোৱা সমীক্ষাৰ তথ্যহে৷ গতিকে আজিৰ তাৰিখত তাৰ সংখ্য বহু বেছি হোৱাটো স্বাভাৱিক৷ উক্ত সমীক্ষা ইণ্টাৰনেটৰ উৎসহে৷
কিন্তু অস্বাভাৱিক তথা আজিৰ তাৰিখত আকষর্ণীয় এপ হিচাপে চর্চিত টিকটক ব্যৱহাৰীৰ সংখ্যা সর্বোচ্চ৷ আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত প্রায় ৫০০ মিলিয়ন সক্রিয় ব্যৱহাৰকাৰী আছে৷ আন্তঃৰাষ্ট্রীয় ব্যৱহাৰকাৰীৰ প্রায় এক তৃতীয়াংশ ভাৰতেই ব্যৱহাৰ কৰে, যি সংখ্যা প্রায় ৪৬৭ মিলিয়ন৷ সমীক্ষা মতে প্রতিদিনে এজন টিকটক ব্যৱহাৰকাৰীয়ে গড়ে প্রতিদিনে ৫২ মিনিট খৰচ কৰে৷ বিশ্বৰ প্রায় ১৫৫খন দেশত এতিয়া টিকটক সক্রিয় হৈ আছে য’ত ৭৫টা ভাষা সক্রিয় হৈ আছে৷ সংখ্যাৰ হিচাপত ভাৰতত ১১৯.৩ মিলিয়ন, আমেৰিকাত ৩৯.৬ মিলিয়ন, টুর্কীত ২৮.৪ মিলিয়ন, ৰাছিয়াত ২৪.৩ মিলিয়ন, মেক্সিকোত ১৯.৭ মিলিয়ন, ব্রাজিল ১৮.৪ মিলিয়ন, পাকিস্তানত ১১.৮ মিলিয়ন ব্যৱহাৰকাৰী আছে৷
বিশ্বৰ শীর্ষস্থানীয় উন্নত দেশসমূহৰ তুলনাত ভাৰত আজি উন্নয়নশীল দেশ৷ গতিকে বহুক্ষেত্রত ই বহু পিছপৰি আছে৷ উন্নয়নশীল দেশ হিচাপে ভাৰতে ৪–জি সেৱা প্রয়োগ কৰি এটা নতুন অধ্যায়ৰ সূচনা কৰিছে৷ আজিৰ তাৰিখত ভাৰতৰ সকলো ঠাইতে জি’ ৪–জি, এয়াৰটেল ৪–জি, আইডিয়া ৪–জি, ভোডাফোন ৪–জি বা অন্য তেনে কোনো ম’বাইল ছার্ভিচ অপাৰেটৰ ৪–জি সেৱা অতি উচ্চমানৰ বুলি কোৱা টান যদিও এই সেৱাই সকাহ দিছে বহুক্ষেত্রত৷
ভাৰতবর্ষত ৪–জি সেৱা আৰম্ভ হোৱাৰ আগতেই বিশ্বৰ বহুকেইখন উন্নত দেশত আৰম্ভ হৈছিল ৫–জি সেৱা৷ ব্রাউজিঙৰ দ্রুতগতি তথা তাৎক্ষণিকভাৱে যিকোনো ইণ্টাৰনেটৰ কাম কৰিব পৰা ৫–জি সেৱা ব্যৱহাৰ কৰা তালিকা বহু দেশ আছে৷ তাৰ ভিতৰত চীন, দক্ষিণ কোৰিয়া, ইংলেণ্ড, জার্মানী অন্যতম৷
বিশ্বৰ সর্বোত্তম শ্রেষ্ঠ ৫–জি সেৱা ২০১৯ চনত আৰম্ভ কৰে চীনে যাক আগবঢ়াইছিল ষ্টেট ৰান নিউজ এজেন্সী জিনহুৱাই৷ চীনা ম’বাইল, চীনা ইউনিকম, চীনা টেলিকমে ইয়াৰ নেটৱর্ক ব্যৱহাৰ কৰিছিল৷ এই ৫–জি সেৱা প্রদানকাৰী সংস্থাটোৱে এটা প্রতিষ্ঠানক মাহেকত ১৮ ডলাৰ আমেৰিকান ডলাৰৰ বিনিময়ত এই সেৱা দিয়ে৷ দক্ষিণ কোৰিয়াৰ ৫–জি বজাৰত এছ কে টেলিকম আৰু কোৰিয়া টেলিকম হ’ল মূল ব্যৱসায়িক প্রতিদ্বন্দ্বী৷ বিভিন্ন ক্ষেত্রত ৫–জি সেৱা উপলব্ধ দক্ষিণ কোৰিয়াত এই সেৱা ৬৯ দিনৰ ভিতৰত কার্যকৰী হৈছিল৷ আজিৰ তাৰিখত মিলিয়নৰো অধিক উপভোক্তা আছে ৫–জিৰ৷ গ্রেট ব্রিটেইনো ৫–জি ব্যৱহাৰকাৰী অন্যতম দেশ৷ ২০১৯ চনত আৰম্ভ হোৱা এই সেৱাVodafone O K,Three UK আৰু02 UKকেই এই সেৱা আৰম্ভ কৰে৷ এই অপাৰেটৰসকলেErricssion, Nokia আৰুHauweiৰ পদ্ধতি অৱলম্বন কৰে৷ গ্রেট ব্রিটেইনত ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচ বহন কৰিব নালাগে, যি কথা ব্রিটেইনে ঘোষণা কৰি থৈছে৷Vodafone UKৰ লগত এনে এটা চুক্তিত স্বাক্ষৰ কৰিছে যে দুয়োটা ইণ্টাৰনেট সেৱা প্রদানকাৰী সংস্থাই একেলগে কাম কৰিব৷ উন্নত আন্তঃগাঁথনি তথা সুপৰিচালনা হ’ব ইয়াৰ অন্যতম লক্ষ্য৷ সেই একেই চুক্তিৰে ভোডাফোন ইটালী আৰু স্পেইনতো চুক্তিবদ্ধ হৈছে৷Vodafone Germeny আৰুDeutshe Telecom-এ জার্মানীত ৫–জি সেৱা মুকলি কৰে ২০১৯ চনত৷Vodafone Germeny-এ ২০খন মহানগৰ আৰু পৌৰ এলেকাত এই সেৱা আৰম্ভ কৰে৷ আৰুDeutshe Telecom-এ এই সেৱা আৰম্ভ কৰে, সেই ঠাইত য’ত অন্তর্ভুক্ত আছে বার্লিন আৰু মিউনিখ৷Deutshe TelecomতকৈVodafone Germeny-এ ৫.৬১ আমেৰিকান ডলাৰ কমত এই সেৱা আগবঢ়ায়৷
উন্নত দেশসমূহৰ ৫–জি সেৱাই বিভিন্ন দিশত পৰিৱর্তন অনাৰ সময়ত বিশ্বৰ কেইখনমান দেশে ইতিমধ্যে আৰম্ভ কৰিছে ৭–জি সেৱা৷ যিটো সময়ত ৪–জি ব্রাউজিং সেৱাই সকলোকে সুবিধা দিছে, তেনে সময়তে সম্পৰীক্ষা চলি আছে ৫–জিৰ, পিছে এইখন বিশ্বতে আছে ৭–জি ব্যৱহাৰকাৰী দেশ৷ তেনে কেইখনমান দেশ হ’ল– নৰৱে, ছুইডেন, হংকং, ছুইজাৰলেণ্ড, ফিনলেণ্ড, ছিংগাপুৰ, জাপান৷ সন্দেহ নাই যে ৪–জি সেৱাই উপযুক্ত সেৱা আগবঢ়োৱা নাই৷ যিহেতু আজিৰ তাৰিখত ছ’চিয়েল মিডিয়াৰ প্রভাৱ বেছি, গতিকে ভিডি’ কলিং, চাটিং, শ্বেয়াৰিং আদিত আৰু দ্রুত সেৱা দিয়াৰ বাবে নতুন পৰীক্ষা চলি আছে৷ সকলো ক্ষেত্রতে আজি ডিজিটেল হোৱাৰ যুগ৷ গতিকে ইয়াৰ গতি বৃদ্ধি কৰাটো গুৰুত্বপূর্ণ৷ ৪–জি নেটৱর্কৰ গতি সাধাৰণতে কেবিএছৰ ওচৰত থাকে প্রতি মিনিটত য’ত ব্রাউজিং কৰাত অলপ অসুবিধা হয়৷ কিন্তু আগশাৰীৰ দেশসমূহত ৭–জি নেটৱর্কৰ ব্রাউজিং গতি এনেধৰণৰ– নৰৱে’ত প্রতি ছেকেণ্ডত ২৩.৫ এম বি, ছুইডেনত ২২.৫ এম বি, হংকঙত ২১.৯ এম বি, ছুইজাৰলেণ্ডত ২১.৭ এম বি, ফিনলেণ্ডত ২০.৫ এম বি, ছিংগাপুৰত ২০.৩ এম বি আৰু জাপানত ২০.২০ এম বি৷

You might also like