ঘৰত বা কামৰ স্থানত আপোনাৰ ব্যৱহাৰ কেনে হোৱা উচিত, তাৰ ভেটি তৈয়াৰ হয় সৰুতে৷ সেইবাবে সৰুৰে পৰাই শিশুক সঠিক আচৰণ শিকাব লাগিব৷ তাৰ বিশেষ পৰামর্শ–
ঘৰলৈ আলহী আহিলে…
–ঘৰলৈ আলহী আহিলে বহিবলৈ ক’বলৈ শিকাওক৷ জ্যেষ্ঠ হ’লে সেৱা কৰিবলৈ শিকাওক৷ সৰুৰে পৰাই শিশুক বুজাব লাগিব যে আলহীৰ লগত কেনেকুৱা আচৰণ কৰা উচিত৷ বন্ধুক ‘হাই’ ক’লেও ডাঙৰক সেৱা কৰাই ৰীতি৷ হাতযোৰ কৰি নমস্কাৰ কৰিবলৈ শিকাওক৷
–আলহীক পানী দিবলৈ শিকাওক৷ আপোনাৰ লগতে শিশুটোকো সৰু–সুৰা খোৱা বস্তু বনাবলৈ শিকাব পাৰে৷ ফলত শিশুৱে ঘৰৰ কাম শিকিব, লগতে সৰুৰে পৰাই আলহীক কিদৰে আপ্যায়ন কৰিব লাগে বুজি পাব৷
–কেতিয়াবা দেখা যায় আলহী আহিলে শিশুৱে কোনো কথা নোকোৱাকৈ আঁতৰি যায়৷ সেয়া একেবাৰেই ভাল অভ্যাস নহয়৷ আলহীয়ে আপোনাৰ শিশুটিয়ে আচৰণ নাজানে বুলি ভাবিব৷ সেয়ে শিশুক আলহীৰ লগত কথা ক’বলৈ শিকাওক৷ তাৰ ভাল নালাগিলেও ধৈর্য ধৰি বেলেগৰ কথা শুনিবলৈ অভ্যাস কৰাওক৷ আলহীৰ লগত কিছু সময় কথা পতাৰ পিছতহে যেন আঁতৰি যায়, সেইফালে মন কৰিব৷
–আলহীয়ে শিশুৰ বাবে কোনো উপহাৰ আনিলে ধন্যবাদ জনাবলৈ শিকাব৷ শিশুৱে বহু সময়ত হাঁহি উপহাৰ গ্রহণ কৰি লয়, কিন্তু ধন্যবাদ জনাবলৈ পাহৰি যায়৷ যদি সৰুৰে পৰাই ধন্যবাদ জনোৱাৰ অভ্যাস কৰাব পাৰে, তেতিয়াহ’লে ভৱিষ্যতেও তাৰ কোনো অসুবিধা নহ’ব৷ মনত ৰাখিব শিশুৱে যি দেখে সেয়াই শিকে৷ ফলত আপুনিও কোনোবাই কিবা দিলে বা আপোনাৰ কথা শুনিলে ধন্যবাদ জনাবলৈ পাহৰি নাযাব৷ আলহীয়ে বিদায় লোৱাৰ সময়ত শিশুক পুনৰ আহিবলৈ ক’বলৈ শিকাওক৷ আপুনি যদি কাৰোবাৰ ঘৰত ফুৰিবলৈ যায় তেতিয়া শিশুক জোতা খুলি ঘৰত সোমোৱাৰ অভ্যাস কৰাওক৷ ঘৰৰ জ্যেষ্ঠসকলে ‘কেনে আছে’ বুলি সুধিলে যেন ভালদৰে উত্তৰ দিয়ে৷ প্রত্যুত্তৰত সৰুৱেও কুশ সংবাদ ল’বলৈ শিকিব৷ উভতি অহাৰ সময়ত আলহী আপ্যায়নৰ বাবে ধন্যবাদ জনাবলৈও শিকাওক৷
খোৱা–লোৱাৰ সময়ত…
–শিশুৱে যাতে খোৱাৰ সময়ত ইটো নাখাওঁ, সিটো নাখাওঁ নকৰে, তাৰ বাবে সৰুৰে পৰাই সকলো ধৰণৰ খাদ্য খাবলৈ অভ্যাস কৰাওক৷ খোৱা বস্তু ধুনীয়াকৈ সজাই দিলে শিশুৱে খোৱাক লৈ বৰ বেছি সমস্যা নকৰে৷
–খোৱা টেবুলত পোন হৈ বহিবলৈ শিকাওক৷ প্লেটত খোৱা বস্তু দিয়াৰ লগে লগেই যাতে খাবলৈ আৰম্ভ নকৰে, সেইফালে মন কৰিব৷ সকলোৱে খাবলৈ আৰম্ভ কৰিলে খাবলৈ শিকাওক৷
–খোৱাৰ সময়ত যাতে শব্দ কৰি নাখায়, তাৰ বাবে শিশুক শিকাওক৷ একেলগে বহুত বস্তু মুখত লোৱাটো একেবাৰে অনুচিত৷ লাহে লাহে চোবাই খাবলৈ শিকাওক৷ মুখত খোৱা বস্তু লৈ কথা ক’বলৈ মানা কৰক৷
–প্লেটত প্রথমে অলপ আহাৰ ল’বলৈ ক’ব৷ খোৱা আহাৰ প্লেটত লৈ নষ্ট কৰা একেবাৰে উচিত নহয়, সেয়া ভালদৰে বুজাওক৷ মাজে সময়ে কাঁটা চামুচেৰে খাবলৈ অভ্যাস কৰাওক৷ খোৱা শেষ হ’লে সকলোকে কৈ তাৰ পিছত টেবুলৰ পৰা উঠিবলৈ শিকাওক৷
বজাৰ কৰাৰ সময়ত…
আপোনাৰ শিশুটিয়ে যাতে দোকানত গৈ বস্তু দেখিয়েই অযথা দাবী নকৰে, তাৰ বাবে আগৰ পৰাই বুজাই দিয়ক৷ সৰুৰে পৰাই শিশুক নিয়মানুৱর্তিতাৰ বিষয়ে শিকাওক৷ নিজেও সেই নিয়মসমূহ মানি চলাৰ চেষ্টা কৰক৷ ঘৰৰ বাহিৰত কিদৰে তাৰ ব্যৱহাৰ কৰা উচিত তাক নিজৰ ব্যৱহাৰৰ মাজেদি শিকাওক৷
–দোকান–বজাৰ কৰাৰ সময়ত শিশুৱে যাতে আপোনাক সহায় কৰে, তাৰ অভ্যাস গঢ়ি তোলক৷ ছেল্ফৰ পৰা প্রয়োজনীয় বস্তু লৈ শ্বপিং কার্টেত ৰাখিবলৈ শিকাওক৷
–শ্বপিং মলত শিশুক দৌৰাদৌৰি কৰিবলৈ মানা কৰক৷ চিৰিয়েদি বাৰে বাৰে উঠা–নমা কৰা বা বেলেগক আমনি কৰা একেবাৰেই উচিত নহয়৷
–আপোনাক নোসোধাকৈ বস্তু তুলি লোৱা একেবাৰে অনুচিত৷ বস্তুত হাত দিবলৈ মানা কৰিব৷ কোনো বস্তু ভাল লাগিলে আপোনাক যাতে কয়, সেই অভ্যাস গঢ়ি তোলক৷
সদৌ শেষত এটা কথা মন কৰিবলগীয়া যে সৰুৰে পৰাই পিতৃ–মাতৃ বা অভিভাৱকে যিদৰে নিজৰ শিশুটিক শিক্ষা বা ভাল অভ্যাস তথা সন্তানটোক পৰিচালনা কৰিব, সেইদৰেই ডাঙৰ হোৱাৰ লগে লগে সেই শিক্ষাৰে আগবাঢ়ি যাব৷ গতিকে শিশুৰ আচৰণ সকলোখিনি নির্ভৰ কৰে অভিভাৱকৰ ওপৰত৷