নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমৰ দিনত প্ৰযোগ কৰক এইসমুহ স্কীণ কেয়াৰ টিপছ্

নিয়মীয়া বাৰ্তা, ৩জুলাই: গ্ৰীষ্মকালত ছালৰ জ্বলা-পোৰা আৰু টেনিং হয় । ইয়াৰ চিকিৎসাৰ বাবে মানুহে প্ৰাকৃতিক সামগ্ৰী যেনে এলোভেৰা, পুদিনা, মেৰিগোল্ড, ৰ’জ ৱাটাৰ, দৈ আৰু চন্দন কাঠ ব্যৱহাৰ কৰা উচিত। এই উপাদানবোৰৰ প্ৰয়োগে ছালক শীতল কৰি ৰখাত সহায় কৰে আৰু ভিতৰৰ পৰা ছালখনক পুনৰুজ্জীৱিত কৰে । মুখত দৈ প্ৰয়োগ কৰিলে ই এক্সফলিয়েটৰৰ দৰে কাম কৰে আৰু মৃত কোষবোৰ পৰিষ্কাৰ কৰে ।

গ্ৰীষ্মকালৰ ছালৰ যত্নৰ বাবে মানুহে ঘৰতে পোৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। উদাহৰণ স্বৰূপে, টেন আঁতৰাবলৈ আলুৰ ৰস ব্যৱহাৰ কৰিব পাৰি । আলুৰ দৰে বিলাহীও ছালত প্ৰয়োগ কৰি উপকাৰিতা লাভ কৰিব পাৰি ৷

ছালখনক সুস্থ কৰি ৰাখিবলৈ মানুহে দিনত দুবাৰকৈ মুখ পৰিষ্কাৰ কৰি ময়েশ্চৰাইজৰ সনা উচিত । দিনৰ ভাগত মৃদু ময়েশ্চৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে আৰু ৰাতি ছালত অলপ গধুৰ ময়েশ্চৰাইজৰ সানিব পাৰে । আপোনাৰ ছালক সকলো ধৰণৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰিবলৈ ঘৰৰ বাহিৰে ভিতৰে সকলোতে দৈনিক চান স্ক্ৰীণ ব্যৱহাৰ কৰক ৷

You might also like