নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ আৰক্ষীৰ গুলিত নিহত ২ ডকাইতক

নিয়মীয়া বাৰ্তা, ৩জুলাই: এইবাৰ দুই ডকাইতক এনকাউন্টাৰ । শিলচৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে ২ ডকাইতক। দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল তিনি গৰাকী ডকাইত । কাছাৰৰ বিভিন্ন ডকাইতিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰৰ মতে, শেহতীয়াকৈ কাছাৰত সংঘটিত হোৱা বানপানীৰ সময়ত যিমানবোৰ চুৰি-ডকাইতি সংঘটিত হৈছিল সেই সকলোবোৰ ঘটনাত জড়িত আছিল। যোৱা শুকুৰবাৰে যোৰাবাট আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।শনিবাৰে যোৰাবাটৰ পৰা শিলচৰলৈ গৈ থকা অৱস্থাত সোণাপুৰত যান-জঁটৰ বাবে গাড়ীখন লগাইছিল কাছাৰ আৰক্ষীয়ে।সেই সময়ত দুয়ো পলাই যোৱাৰ চেষ্টা কৰিছিল। তেতিয়া আৰক্ষীয়ে তেওঁলোকক গুলীয়াই হত্যা কৰিবলৈ বাধ্য হৈছিল।
ইয়াৰ পিছতে শিলচৰ আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।দেওবাৰে আৰক্ষী অধীক্ষক ৰমানদীপ কৌৰে সদৰ থানাত এখন সংবাদমেল আহ্বান কৰি সাংবাদিকসকলক এই সন্দৰ্ভত সবিশেষ জনায়। ৰমনদীপে কয়
নিহত লোকজনৰ নাম কমৰুল ইছলাম ওৰফে লেকাই,বয়স ৩৫ বছৰ । ঘৰ সোণাইৰ ছৈয়দ পুৰ চতুৰ্থ খন্ড । আন জন হ’ল আবুল হুছেইন বৰভূঞা ওৰফে আবু।বয়স ২৬ বছৰ। ঘৰ উত্তৰ কৃষ্ণপুৰ দ্বিতীয় খন্ড।আন গৰাকী ধৃতৰ নাম আনোৱাৰা হুছেইন লস্কৰ ওৰফে অপু,বয়স ২৩ বছৰ । ঘৰ সোণাইৰ সোনাবাড়িঘাট দ্বিতীয় খন্ডত।

You might also like