নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতকালত হ’ব পৰা এবিধ ৰোগ

ডাঃ বন্দনা শর্মা

ৰেনোড্ছ ৰোগ (Raynaud’s Disease)

শীতৰ আগমনৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে৷ তাৰ ভিতৰত অন্যতম হৈছে ৰেনোড্ছ ৰোগ নামৰ এবিধ ৰোগ৷ ই এবিধ ৰক্তবাহী নলিকাৰ ৰোগ৷ মহিলাসকল এই ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়৷ ঘৰৰ যাৱতীয় কামবোৰ কৰোঁতে যেনে– বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰ মচা আদি কামবোৰ কৰোঁতে মহিলাসকলে ঠাণ্ডা পানী চুই থাকিব লগা হয়৷ বহুতো মহিলাই মোজা নিপিন্ধে বা খালী ভৰিৰে কাম কৰে৷ ফলত অতিপাত ঠাণ্ডাৰ সংস্পর্শলৈ আহি শীতকালত বহুতো মহিলা এই ৰোগত ভোগা দেখা যায়৷

ৰেনোড্ছ ৰোগ কি?

ৰেনোড্ছ ৰোগৰ সঠিক কাৰণ জনা নাযায়৷ ই এবিধ ৰক্তবাহী নলিকাৰ ৰোগ৷ অতিপাত ঠাণ্ডাত উন্মুক্ত হৈ থকা হাত আৰু ভৰিৰ আঙুলিবোৰ সাধাৰণতে আক্রান্ত হোৱা দেখা যায়৷ বেছি ঠাণ্ডাত ৰক্তবাহী নলিকাবোৰৰ সংকোচন ঘটে৷ ফলত সেই অংগত তেজ চলাচল বাধাপ্রাপ্ত হয়৷ সাধাৰণতে হাত–ভৰিৰ আঙুলি আক্রান্ত হোৱা দেখা যায় যদিও কেতিয়াবা ওঁঠ, নাক, কাণ আদিও প্রভাৱিত হ’ব পাৰে ৷
এই ৰোগৰ লক্ষণসমূহ–

১. শৰীৰৰ যিখিনি ঠাই খুব বেছি ঠাণ্ডাত মুকলি হৈ থাকে, সেই ঠাইৰ ছালৰ ৰং সলনি হোৱা, প্রথমে বগা আৰু পিছলৈ নীলা হয়৷ সাধাৰণতে হাত আৰু ভৰিৰ আঙুলি সহজে আক্রান্ত হয় ৷
২. আক্রান্ত হোৱা ঠাইত তত্ নোহোৱা হোৱা ৷
৩. কিহবাই বিন্ধিলে যেনেকুৱা বিষ হয়, ঠিক তেনেকুৱা বিষ অনুভৱ কৰা৷
৪. আক্রান্ত হোৱা ঠাইডোখৰ শেঁতা পৰি যোৱা৷
কোন কোন ৰেনোড্ছ ৰোগত সহজে আক্রান্ত হয়
১. সকলো বয়সৰ লোকেই এই ৰোগত আক্রান্ত হ’ব পাৰে যদিও ১৫ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰৰ লোক বেছিকৈ আক্রান্ত হয় ৷
২. পুৰুষতকৈ মহিলাসকল বেছিকৈ এই ৰোগত ভোগা দেখা যায়৷
৩. খুব ঠাণ্ডা ঠাইত বসবাস কৰা লোকৰ এই ৰোগ হ’ব পাৰে ৷
৪. কেতিয়াবা অন্য কিছুমান ৰোগৰ বাবেও ৰেনোড্ছ ৰোগৰ লক্ষণসমূহ দেখা যায় ৷ তেতিয়া তাক ৰেনোড্ছ ছিনড্রম বুলি কোৱা হয় ৷ যেনে– কার্পেল টানেল ছিনড্রম(Carpel Tunnel Syndrome) নামৰ ৰোগ, ৰক্তবাহী নলিকাৰ কোনো ৰোগ, উচ্চ ৰক্তচা, মাইগ্রেন বা কেঞ্চাৰ ইত্যাদি ৷
ৰেনোড্ছ ৰোগ(Raynaud’s Disease)ত কি কি সাৱধানতা ল’ব লাগে
১. শৰীৰটো গৰম কৰি ৰখা৷ ঠাণ্ডাৰ দিনত গৰম কাপোৰেৰে শৰীৰ ঢ়াকি ৰাখিব লাগে৷ গৰম হাতমোজা ব্যৱহাৰ কৰিব লাগে৷
২. বেছি ঠাণ্ডা পৰিলে ৰুম হিটাৰ ব্যৱহাৰ কৰিব পাৰে৷
৩. মহিলাসকলে বাচন–বর্তন আৰু কাপোৰ ধোৱা বা বেছি সময় পানী চুই থাকিব লগা কামত ৰাবাৰ গ্লোভছ পিন্ধিব পাৰে৷
৪. শীতকালত কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে, ভৰি দুখন উন্মুক্ত হৈ থকা চেণ্ডেলো পৰিহাৰ কৰিব লাগে৷ কাৰণ ভৰি দুখন মুকলি হৈ থাকিলে এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি৷ সেইবাবে ভৰিত জোতা–মোজা পিন্ধি থকা উচিত৷
৫. হাত আৰু ভৰি যাতে কোনো কাৰণতে আঘাতপ্রাপ্ত নহয় তাৰ প্রতি লক্ষ্য ৰাখিব লাগে৷
৬. ধূম্রপান কৰাৰ পৰা বিৰত থাকিব লাগে৷ আনকি ধূম্রপান কৰা লোকৰ ওচৰতো থাকিব নালাগে৷
৭. ধোঁৱা, কুঁৱলী, যিকোনো ৰাসায়নিক দ্রব্য আদিৰ পৰা দূৰত থকা উচিত৷
৮. ৰক্তবাহী নলিকা সংকুচিত কৰিব পৰা ঔষধ বর্জন কৰিব লাগে৷

চিকিৎসা

আধুনিক চিকিৎসা বিজ্ঞানত এই ৰোগত ৰক্তবাহী নলিকা প্রসাৰিত কৰা ঔষধ ব্যৱহাৰ কৰা হয়৷ ৰোগ বেছি কঠিন হৈগ’লে শল্য কর্মৰ প্রয়োজনো হ’ব পাৰে৷

উপসর্গ(Complication)

প্রয়োজনীয় সাৱধানতাসমূহ মানি নচলিলে আৰু সময়ত উপযুক্ত চিকিৎসা গ্রহণ নকৰিলে এই ৰোগত আক্রান্ত হোৱা অংগত ঘা হ’ব পাৰে৷ পিছলৈ সেই অংগ পচি যাব পাৰে আৰু আক্রান্ত হোৱা অংগ কাটি পেলাব লগা হ’ব পাৰে ৷

ৰেনোড্ছ ৰোগৰ আয়ুর্বেদিক দৃষ্টিভংগী

লক্ষণৰ ফালৰ পৰা ৰেনোড্ছ ৰোগক আয়ুর্বেদত সিৰাগত বাত ৰোগৰ লগত তুলনা কৰিব পাৰি৷

আয়ুর্বেদিক চিকিৎসা

১. ৰক্তমোক্ষণ
২. জলোকা চিকিৎসা(Leech Therapy)

৩. উষ্ণ আৰু শীত উপচাৰ, অর্থাৎ আক্রান্ত অংশত এবাৰ গৰম আৰু এবাৰ ঠাণ্ডা স্পর্শ দিয়া৷ এনে কৰিলে ৰক্তবাহী নলিকাসমূহৰ ৰক্ত চলাচল বৃদ্ধি পায়৷
৪. সেক দিয়া
৫. ঔষধি তেলেৰে মালিচ কৰা
৬. বাত আৰু পিত্ত দোষৰ চিকিৎসা ৷
চিকিৎসাৰ বাবে কিছুমান আয়ুর্বেদিক ঔষধ ব্যৱহাৰ কৰা হয়, যেনে– কৈশোৰ গুগগল, চন্দ্রপ্রভা বটি, মহা মঞ্জিষ্ঠাদী কশায়, শিলাজতু বটি ইত্যাদি৷
তেলৰ ভিতৰত পিণ্ড তেল, প্রচাৰিন্যদি তেল আদি দিয়া হয়৷ কিন্তু এইবোৰ ঔষধ কেতিয়াও চিকিৎসকৰ পৰামর্শ অবিহনে গ্রহণ কৰা উচিত নহয়৷

ৰেনোড্ছ ৰোগৰ প্রতিকাৰৰ ঘৰুৱা বিধান

১. জিৰা আৰু সৰিয়হৰ গুটি সমান পৰিমাণত লৈ অলপ ক’লা হোৱাকৈ সেকি ল’ব লাগে৷ তাৰ পিছত মিশ্রণটো গুড়ি কৰি তাত তিল তেল মিহলি কৰি গৰম কৰিব লাগে৷ অলপ নিমখ দিব লাগে৷ এই মিশ্রণটো কাঁচৰ পাত্রত টানকৈ সাফৰ মাৰি থ’ব লাগে৷ এই তিল তেলৰ মিশ্রণটোৰে প্রতিদিনে প্রভাৱিত ঠাইত কিছু সময় মালিচ কৰিব লাগে৷ এক ঘণ্টামান পিছত তেল মালিচ কৰা ঠাইত পাঁচৰ পৰা দহ মিনিট কুহুমীয়া গৰম পানী ঢ়ালিব লাগে৷ এনে কৰাৰ ফলত উক্ত স্থানৰ তেজ চলাচল বৃদ্ধি পায় আৰু ৰোগীয়ে যথেষ্ট আৰাম পায়৷
২. তেঁতেলি টেঙাৰ পাত আৰু ছালকুঁৱৰীৰ বিজলুৱা অংশ ৪ঃ১ অনুপাতত লৈ খুব মিহিকৈ পিচি ল’ব লাগে আৰু প্রভাৱিত স্থানত লেপ লগাব লাগে৷ এইদৰে ১৫ৰ পৰা ২০ দিনমান লেপ লগালে সুফল পোৱা যায় ৷

You might also like