নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম বয়সত হোৱা হার্ট এটেক

- ডাঃ বিপ্লৱ পল

এটা সময়ত ৪০ বছৰৰ তলৰ বয়সৰ মানুহৰ হার্ট এটেকৰ সংখ্যা নগণ্য আছিল৷ কিন্তু আজিকালি প্রতি ৫জন হার্ট এটেক হোৱা ৰোগীৰ ভিতৰত এজনৰ বয়স ৪০ বছৰৰ কম হয়৷ আনকি ২০–৩০ বয়সৰ বহুত যুৱক হার্ট এটেকৰ চিকাৰ হয়৷ কেইদিনমান আগতে টিভি আৰু বোলছবি জগতৰ দুজন বিখ্যাত অভিনেতা ক্রমে সিদ্ধার্থ শুক্লা আৰু পুনিত ৰাজকুমাৰ হার্ট এটেকত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷
প্রশ্ন: কম বয়সীয়া লোকৰ হার্ট এটেকৰ কাৰণ কি?
উত্তৰঃ ভাৰতবর্ষত ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে আৰু বহুত কম বয়সীয়া লোকো ডায়েবেটিছত আক্রান্ত হৈছে৷ ডায়েবেটিছ থকা ব্যক্তিৰ হার্ট এটেকৰ সম্ভাৱনা ২–৪ গুণ বেছি৷ আনহাতে, উচ্চ ৰক্তচাপ থকা ব্যক্তিৰো হার্ট এটেকৰ সম্ভাৱনা বেছি থাকে৷ বিডি, চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্রীৰ ব্যৱহাৰে যুৱ প্রজন্মৰ মাজত হার্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷ কোকেইন, গাঞ্জা আদি নিচাজাতীয় দ্রব্য ব্যৱহাৰৰ ফলত হার্ট এটেকৰ সম্ভাৱনা বৃদ্ধি হয়৷
প্রশ্ন: মেদবহুলতা আৰু মানসিক চাপৰ লগত হার্ট এটেকৰ সম্পর্ক কি?
উত্তৰঃ মেদবহুলতাৰ ফলত মানুহৰ কোৰোনাৰী ধমনীত কম বয়সতে চর্বি জমা হৈ ব্লকেজৰ সৃষ্টি হয়৷ আনহাতে, যিসকল ব্যক্তিয়ে শাৰীৰিক পৰিশ্রম নকৰে তেওঁলোকৰ ধমনীত চর্বি জমা হোৱাৰ প্রৱণতা বৃদ্ধি পায়৷ ঠিক একেদৰে মানসিক চাপৰ ফলত কম বয়সীয়া ব্যক্তিৰো কোৰোনাৰী ধমনীত ব্লকেজৰ সৃষ্টি হৈ মানুহজনৰ হার্ট এটেক হ’ব পাৰে৷
প্রশ্ন: আহাৰ আৰু হার্ট এটেকৰ মাজত সম্পর্ক কি?
উত্তৰঃ নগৰীকৰণৰ লগে লগে মানুহৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস যথেষ্ট পৰিমাণে সলনি হৈছে৷ প্রাকৃতিক খাদ্যৰ সলনি বেছিভাগ মানুহে পেকেটত থকা খাদ্য বা ফাষ্ট ফুড বেছিকৈ ব্যৱহাৰ কৰিবলৈ লৈছে৷ এনেকুৱা ধৰণৰ উচ্চ চর্বিজাতীয় আৰু নিমখজাতীয় খাদ্য হার্টৰ বাবে যথেষ্ট অপকাৰী৷ আনহাতে, সেউজীয়া শাক–পাচলি, ফল–মূল ইত্যাদি হার্টৰ বাবে উপকাৰী৷
প্রশ্ন: হার্ট এটেকৰ লক্ষণ কি কি?
উত্তৰঃ কোনোবা ব্যক্তিৰ বুকুৰ ঠিক মাজতে বিষ হ’লে ই হার্ট এটেকৰ প্রাৰম্ভিক লক্ষণ হ’ব পাৰে৷ বিশেষকৈ এই বুকুৰ বিষ যদি দুই বাহুলৈ বিয়পি যায় বা ডিঙিত চেপা মাৰি ধৰে নতুবা মানুহজন ঘামি যায়, তেন্তে হার্ট এটেকৰ সম্ভাৱনা বৃদ্ধি হয়৷ হার্ট এটেকৰ ফলত মানুহৰ হূদস্পন্দন ক্ষিপ্র হ’ব পাৰে৷ শ্বাস–প্রশ্বাসত কষ্ট হ’ব পাৰে৷ মানুহজন অত্যন্ত ভাগৰুৱা অনুভৱ কৰিব পাৰে বা মানুহজন অচেতন হৈ পৰি যাব পাৰে৷
প্রশ্ন:  হার্ট এটেক হ’লে কেনেকৈ ধৰা পেলাব পাৰি?
উত্তৰঃ হার্ট এটেকৰ লক্ষণবোৰ দেখা দিলে তৎক্ষণাৎ মানুহজনৰ ই চি জি এখন কৰাব লাগে৷ কেতিয়াবা প্রথম ই চি জিখন ঠিকে আহিলেও আধাঘণ্টা মূৰে মূৰে পুনৰ ই চি জি কৰাব লাগে৷ প্রায়ভাগ ক্ষেত্রতে ই চি জি কৰিলে হার্ট এটেক ধৰা পৰে৷ কিন্তু কিছুমান ক্ষেত্রত ই চি জিত বিসংগতি নাথাকিবও পাৰে৷ তেনেকুৱা ক্ষেত্রত তেজৰ নমুনা সংগ্রহ কৰি ড্রপ’নিন নামৰ এবিধ বিশেষ টেষ্ট কৰা হয়৷ প্রায়ভাগ ক্ষেত্রতে উপলব্ধ থাকিলে ইক’ কার্ডি’গ্রাফী টেষ্ট কৰাব লাগে৷
প্রশ্ন: হার্ট এটেকৰ চিকিৎসা কি?
উত্তৰঃ এজন মানুহ হার্ট এটেকত আক্রান্ত হ’লে শীঘ্রে তেনেকুৱা ব্যক্তিৰ চিকিৎসা আৰম্ভ কৰিব লাগে৷ প্রতিটো মুহূর্ত বা প্রতিটো মিনিট মানুহজনৰ কাৰণে খুব প্রয়োজনীয়৷ হার্ট এটেকত আক্রান্ত হ’লে এছপিৰিন নামৰ এবিধ তেজ পনীয়া কৰা দৰব লগে লগে খুৱাই দিব লাগে৷ এছপিৰিনৰ লগতে ক্ল’পিডোগ্রেল নামৰ আন এবিধ তেজ পনীয়া কৰা টেবলেট উপলব্ধ হ’লে আৰু ভাল ফলাফল পোৱা যায়৷ যিমান পাৰি সোনকালে চিকিৎসালয়ত ভর্তি কৰাব লাগে৷ চিকিৎসালয়ত এঞ্জি’গ্রাফীৰ সুবিধা উপলব্ধ থাকিলে তৎক্ষণাৎ এঞ্জি’গ্রাফী কৰি ব্ল’কেজ আছে নে নাই তাক নির্ধাৰণ কৰিব পাৰি৷ ব্ল’কেজ থাকিলে এঞ্জি’প্লাষ্টি কৰি সেই ব্লকেজ খুলি দিলে ৰোগীজন সম্পূর্ণ সুস্থ হৈ যায়৷ আনহাতে, যিবোৰ চিকিৎসালয়ত এঞ্জি’গ্রাফীৰ সুবিধা নাথাকে তেনে ক্ষেত্রত গোট মৰা তেজ গলাই দিব পৰা এবিধ বিশেষ ইনজেকচনৰ দ্বাৰা ৰোগীৰ চিকিৎসা কৰা হয়৷
প্রশ্ন: বংশগত কাৰণত হার্ট এটেক হ’ব পাৰে নেকি?
উত্তৰঃ আমি আমাৰ পূর্বপুৰুষৰ পৰা বংশানুক্রমে ভাল–বেয়া সকলোবোৰ লক্ষণ জিনৰ মাধ্যমেৰে সংগ্রহ কৰোঁ৷ কিছুমান পৰিয়ালত বেয়া জিনৰ বাবে হার্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়৷ বিশেষকৈ জিনৰ বিসংগতিৰ বাবে এল ডি এল আৰু ড্রাই গ্লিছাৰাইড নামৰ দুবিধ বেয়া কলেষ্টৰেল বৃদ্ধি পোৱাৰ ফলত কোৰোনাৰী ধমনী সংকুচিত হৈ কম বয়সতে ব্লকেজৰ সৃষ্টি হয়৷ সেয়েহে কোনোবা পৰিয়ালত যদি এজন ব্যক্তি কম বয়সতে হূদৰোগত আক্রান্ত হয়, তেন্তে বাকী পৰিয়ালৰ অন্যান্য সদস্যসকলে লিপিড প্রফাইল অর্থাৎ তেজত চর্বিৰ পৰিমাণ জুখি চাব লাগে৷
প্রশ্ন: পুৰুষ আৰু মহিলাৰ ভিতৰত কাৰ হার্ট এটেকৰ সম্ভাৱনা বেছি৷
উত্তৰঃ মহিলাৰ শৰীৰত থকা ইষ্ট্র’জেন আৰু প্রজেষ্টেৰন হৰমনৰ ফলত হার্ট এটেকৰ সম্ভাৱনা কমি থাকে৷ মাহেকীয়া বন্ধ হোৱাৰ আগলৈকে মহিলাৰ হার্ট এটেকৰ সম্ভাৱনা প্রায় নগণ্য৷ অৱশ্যে মেনোপ’জ অর্থাৎ ৰজঃনিবৃত্তি হোৱাৰ পিছত পুৰুষ–মহিলা উভয়ৰে হার্ট এটেকৰ সম্ভাৱনা সমান থাকে৷
প্রশ্ন: মেদবহুলতাৰ পৰিমাণ কেনেকৈ নির্ধাৰণ কৰিব পাৰি?
উত্তৰঃ যিহেতু মেদবহুলতাৰ ফলত মধুমেহ, উচ্চ ৰক্তচাপ আৰু হূদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, গতিকে মেদবহুলতাৰ পৰিমাণ নির্ধাৰণ কৰাটো খুবেই প্রয়োজনীয়৷ ব’ডি মাছ ইনডেক্স নামৰ এক জোখৰ দ্বাৰা শৰীৰৰ মেদবহুলতা বা ওবেচিটিৰ পৰিমাণ জোখা হয়৷ মানুহ এজনৰ ওজনক (কিলোগ্রাম) উচ্চতাৰ (মিটাৰ) বর্গৰে হৰণ কৰিলে বি এম আই নামৰ মেদবহুলতাৰ জোখ পোৱা যায়৷ সাধাৰণ মানুহৰ বাবে এই মাপ ১৮.৫–২২.৯ ৰ ভিতৰত থাকিব লাগে৷ ৱেষ্ট চার্কামফাৰেন্স নামৰ আমাৰ কঁকালৰ পৰিধিৰ জোখৰ দ্বাৰাও মেদবহুলতা নির্ধাৰণ কৰিব পাৰি৷ পুৰুষৰ ক্ষেত্রত এই পৰিধিৰ পৰিমাণ ৯০ চে ঃ মিঃতকৈ কম আৰু মহিলাৰ ক্ষেত্রত ৮০ চেণ্টিমিটাৰতকৈ কম হ’ব লাগে৷
প্রশ্ন: হার্ট এটেকৰ পৰা কেনেকৈপৰিত্রাণ পাব পাৰি?
উত্তৰঃ পুষ্টিকৰ আহাৰ গ্রহণ কৰা আৰু নিয়মীয়া শাৰীৰিক পৰিশ্রম হৈছে হার্ট এটেকৰ পৰা দূৰত থকাৰ একমাত্র উপায়৷ মদ, বিডি, চিগাৰেট ইত্যাদি নিচাজাতীয় দ্রব্য বর্জন কৰিব পাৰিলে হার্ট এটেকৰ সম্ভাৱনা কমি থাকে৷ মানসিক প্রফুল্লতাই হার্ট এটেক প্রতিৰোধ কৰাত যথেষ্ট অৰিহণা যোগায়৷

You might also like