নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতকালত নাক আৰু কাণৰ সমস্যা

-ডাঃ বিশ্বনাথ শর্মা

ৰাজকুমাৰ বৰুৱাই শীতকালটো ভাল পায়৷ কাৰণ ধুনীয়া ঊলৰ ছুৱেটাৰ, কোট, জেকেট আদি পিন্ধি ফিটফাট হৈ থাকিব পাৰি৷ তেওঁ গৰম চাহ–কফী, পকোৰা, কাবাব আদি খাদ্য খাই ভাল পায়৷ পিছে শীতকালিৰ শীতল বতাহৰ সংস্পর্শলৈ আহিলেই তেওঁৰ নাকটোৱে বিৰক্তিকৰভাৱে আমনি কৰিবলৈ ধৰে৷ নাক বন্ধ হৈ থাকে, নাকেৰে পানী ব’বলৈ ধৰে৷ শুই উঠিয়েই কেইবাটাও হঁাচি মাৰিব লাগে৷ নাকৰ পানী ওলাই থকা বাবে ৰুমালেৰে মচি থাকিব লাগে৷ মানুহৰ আগত অস্বস্তিবোধ কৰে৷ নাক মচি থাকোঁতে নাকৰ পাহি ৰঙা হৈ সৰু সৰু ঘা লগাৰ নিচিনা হয়৷ সেয়েহে তেওঁ ই এন টি বিশেষজ্ঞৰ পৰামর্শ ল’ব লাগে৷ তেওঁৰ এই সমস্যা শীতল বায়ু আৰু ধূলিৰ সংস্পর্শত হোৱা নাকৰ এলার্জী ৰোগ বুলি ঠাৱৰ কৰি সেইমতে নাকৰ স্প্রে আৰু ঔষধ ব্যৱহাৰ কৰি সুফল পাইছে৷
সুমন দ্বিতীয় শ্রেণীৰ ছাত্র৷ শীতকালি সুমনৰ নাক প্রায়েবন্ধ হৈ থাকে৷ নাকেৰে পানী বৈ থাকে৷ কেইবাবাৰো তেজ ওলাইছে৷ নাকৰ তেজ ওলোৱা বাবে স্কুলৰ পৰা ঘৰলৈ পঠিয়াই দিছে দুবাৰমান৷ এই বিষয়ত মাক–দেউতাকৰ দুশ্চিন্তাৰ সীমা নাই৷ শীতকালি সুমনৰ নাকৰ ভিতৰৰ কোমল মিউকাছ আৱৰণিখন শুকাই যায়৷ তাৰ পৰাই ঠায়ে ঠায়ে সিৰা ফাটি তেজ ওলায়৷ ইও শীতকালিৰ এলার্জী ৰোগৰ এটা লক্ষণ৷ নাকত এলার্জীৰ বিৰুদ্ধে ঔষধ প্রয়োগ কৰি আৰু ঔষধ খাই এই ৰোগ নিৰাময় কৰিব পাৰি৷ এলার্জী সৃষ্টি কৰা খাদ্যসমূহ খাবলৈ মানা কৰা হয়৷
মদন বৰাৰ সমস্যাটো আকৌ বেলেগ ধৰণৰ৷ তেওঁ দিনটো ভালেই থাকে৷ কিন্তু ৰাতি শুলেই নাকৰ গর্জন আৰম্ভ হয়৷ শীতকালি এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰে৷ আক্ষৰিক অর্থতে তেওঁৰ নাকৰ গোজৰণিত ঘৰৰ আন মানুহৰ নিদ্রাহৰণ হয়৷ শীতকালি তেওঁৰ নাকৰ ভিতৰত এলার্জী হৈ উশাহ–নিশাহ লোৱা বাট প্রায় বন্ধ হৈ যায়৷ ফলত নাক বাজিবলৈ ধৰে৷ শিশুৰ ক্ষেত্রতো এনে সমস্যা হয়৷ শিশুৰ নাকৰ এলার্জী আৰু বাঢ়ি অহা এডিনইডৰ বাবে নাকেৰে উশাহ–নিশাহ লোৱাত কষ্ট হয়৷ ফলত শিশুৱে মুখেৰে উশাহ লোৱা অভ্যাস কৰিবলৈ বাধ্য হয়৷ মুখেৰে উশাহ লোৱাৰ ফলত ডিঙি, কণ্ঠনলী আৰু হাওফাঁওত নানা সমস্যাৰ সৃষ্টি হয়৷ এলার্জী আৰু সংক্রমণৰ বাবে ঔষধ প্রয়োগ কৰি নাকৰ এনে ৰোগৰ চিকিৎসা কৰা হয়৷ শিশুৰ ক্ষেত্রত স্বাস্থ্যত প্রতিকূল প্রভাৱ পৰিলে এডিনইড অস্ত্রোপচাৰ কৰি আঁতৰ কৰিবলগীয়া হয়৷
শীতকালি কাণৰ অসুখ সঘনাই হোৱা দেখা যায়৷ মিণ্টু গগৈৰ বয়স পাঁচ বছৰ৷ শীতকালি প্রায়ে তাৰ কাণ বিষায়৷ কেতিয়াবা কাণ পকি পূঁজ–পানীও ওলায়৷ আচলতে মিণ্টুৰ নাক প্রায়ে বন্ধ হৈ থাকে৷ শীতৰ চেঁচা বতাহৰ পৰশত তাৰ নাকৰ পানী বৈ থাকিবলৈ ধৰে৷ হঁাচি, কাহ, চর্দিৰ প্রভাৱত বৰ কষ্ট পায়৷ নাকৰ পৰা ৰস ইউষ্টেয়ান নলীৰে গৈ মধ্যকর্ণত পৰে৷ ফলত কাণ বিষায়৷ কাণ গধুৰ লাগে৷ শুনাতো অলপ অসুবিধা হয়৷ কেতিয়াবা জ্বৰ উঠে৷ এনে হ’লে সোনকালে সু–চিকিৎসা নল’লে কাণৰ পর্দাও ফুটি যাব পাৰে৷
শীতকালি মৌচুমীৰ প্রায়ে ডিঙি বিষায়৷ খোৱাতো অসুবিধা হয়৷ কেতিয়াবা জ্বৰ উঠে৷ শীতল বতাহৰ সংস্পর্শত টনচিল আৰু খাদ্যনলীত প্রদাহ হয়৷ তাকে টনচিলাইটিছ আৰু ফেৰিঞ্জাইটিছ বোলা হয়৷ ঔষধ প্রয়োগ কৰি এনে ৰোগ চিকিৎসা কৰিব পাৰি৷
শীতকালি য়াছমিনৰ মাত ভাঙে৷ বহুদিনলৈ মাত ভাঙি থাকে৷ কেতিয়াবা ডিঙি বিষায়৷ জ্বৰো উঠে৷ ডাক্তৰে তাইৰ লেৰিঞ্জাইটিছ হোৱা বুলি কয়৷ কণ্ঠনলীৰ প্রদাহ হোৱা বাবে এনেদৰে মাত ভাঙে৷ গৰম পানীৰ ভাপ ল’ব লাগে৷ শীতল পানীয় সেৱন কৰিব নালাগে৷
এনেদৰে শীতকালি নাক–কাণ আৰু ডিঙিৰ ৰোগ হোৱা দেখা যায়৷ অলপ সাৱধানতা অৱলম্বন কৰিলে এনে ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি৷ ৰাতি গৰম পানীৰে ভৰি ধুই মিঠাতেল সানি শোৱা, শুবৰ সময়ত গৰম পানীৰ ভাপ লোৱা, অত্যধিক টেঙা বা চেঁচা খাদ্য নোখোৱা আদি কিছুমান সাধাৰণ সাৱধানতা অৱলম্বন কৰি সুফল লাভ কৰিব পাৰি৷

You might also like