নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোষ্ট ক’ভিড যত্ন আৰু সতর্কতা

-ডাঃ কৰবী হাজৰিকা চৌধুৰী

সাম্প্রতিক জটিল সময়ছোৱাত আমি সকলোৱে আতংকময় জীৱন এটা যাপন কৰি আছোঁ৷ চাৰিওফালে মৃত্যুৰ বিভীষিকাই আমাক সকলোকে মানসিকভাৱে আগুৰি ধৰিছে৷ বহুতে নিজৰ আপোন মানুহবোৰক ক’ভিড–১৯ত আক্রান্ত হোৱাত হেৰুৱাইছেও৷ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হোৱা সেই পৰিয়ালৰ ব্যক্তি বা আপোনজন খুব শংকাত ভুগিছে৷ যিসকলে ক’ভিড–১৯ত নিজেই আক্রান্ত হৈছে সেইসকলে এই ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌ কিমান ভয়াৱহ, সেই কথা অনুমান কৰিব পাৰিছে৷ যিসকলে আইচিইউ বা মেকানিকেল ছাপ’ট ল’ব লগা হৈছে, তেওঁলোকে অনুভৱ কৰিছে যে ক’ভিড–১৯ক কেতিয়াও অৱহেলা কৰিব নালাগে৷ যদিও ক’ভিড–১৯ৰ ৰোগী সুস্থ হৈ পুনৰ ঘৰলৈ উভতি গৈছে, তথাপি তেওঁলোক যে সম্পূর্ণ সুস্থ হৈছে, সেইটো ভবা অনুচিত৷ তথ্য অনুসৰি ক’ভিড–১৯ক জয় কৰি ঘৰলৈ উভতি গৈছে যদিও ইয়াৰে বহুতে পোষ্ট ক’ভিড জটিলতাত আক্রান্ত হৈছে৷ আনকি মৃত্যুকো আঁকোৱালি ল’ব লগা হৈছে৷ কেৱল ব্যক্তিজনে এইটো ভাবিব নালাগিব যে তেওঁ ক’ভিড–১৯ৰ পৰা উপশম পাইছে৷ গতিকে তেওঁৰ কোনো ধৰণৰ ক্ষতি নহয়৷ হয়তো বহুতে ক’ভিড–১৯ৰ পৰা সুস্থিৰ হৈ ততাতৈয়াকৈ পুনৰ নিজৰ কর্মব্যস্ততাৰ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে৷ পুনৰ কষ্টবাৰ কামসমূহ কৰিবলৈ আৰম্ভ কৰিছে৷ আচলতে তেনে কৰাটো নিতান্তই ভুল৷ পোষ্ট ক’ভিডৰ ব্যক্তিজনে অতিকমেও ২১–৩০ দিন সাৱধানতা অৱলম্বন কৰিব লাগে৷ পুনৰ অসুবিধা অনুভৱ কৰিলে চিকিৎসকৰ পৰামর্শ লোৱাটো অত্যন্ত আৱশ্যক৷ তলত উল্লেখ কৰা নিয়মসমূহ সকলো ক’ভিডত আক্রান্ত হোৱা ব্যক্তিয়ে নিতৌ মানি চলা প্রয়োজন৷
১৷ চৰকাৰে বান্ধি দিয়া নিয়মসমূহ যেনে– মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, বাৰে বাৰে পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত ধোৱা বা ৭০ শতাংশ এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি নিয়ম পালন কৰি থকা আৱশ্যক৷
২৷ অত্যন্ত প্রটিনযুক্ত আহাৰ যেনে– গাখীৰ, কণী, মাছ, মাংস, যিসকল আমিষভোজী কাজু, বাদাম, পিষ্টা, গজালি ওলোৱা মগু, অ’টছ আদি খোৱাটো খুব আৱশ্যক৷
৩৷ প্রচুৰ পৰিমাণে সেউজীয়া শাক–পাচলি যেনে– ব্রাহ্মী শাক, পালেং, মেথিশাক আৰু ফল যেনে– লেতেকু, লিচু, আম, জামু, কঁঠাল, আঙুৰ, মৌচুমী, কল, আনাৰস, মধুৰীআম, ডালিম আদি খাব লাগে৷ মধুমেহত আক্রান্ত ব্যক্তিসকলে চিকিৎসকৰ পৰামর্শ অনুসৰি ফল খাব লাগে৷
৪৷ পুৱা প্রাণায়াম আৰু ধ্যান কৰিব লাগে, অন্ততঃ ৩০–৪৫ মিনিট৷ শৰীৰে সহন কৰিব পৰা আসন কৰিব লাগে৷
৫৷ পুৱা বা আবেলি খোজ কাঢ়িব লাগে৷ যদি পাৰে চাইকেল চলাব লাগে৷
৬৷ মানসিকভাৱে নিজকে সুস্থ ৰাখিবলৈ মিউজিক থেৰাপী, ডেন্স থেৰাপী কৰিব লাগে৷ লগতে নিজৰ ৰুচি অনুসৰি চিত্রাংকন কৰা, চিনেমা উপভোগ কৰা, খেলাধূলা কৰা, কিতাপ পঢ়া আদি কৰিব লাগে৷
৭৷ প্রচুৰ পৰিমাণে জিংক, ভিটামিন বি, চি, ডি৩ আদি খোৱাটো আৱশ্যক৷
৮৷ পুৱা এক গিলাচ কুহুমীয়া পানীত বা গাখীৰত ১ চামুচ হালধিৰ গুড়ি বা ২ চামুচ হালধিৰ ৰস মিহলাই খাব লাগে৷ যিসকলে পানীত বা গাখীৰত হালধি মিহলাই খাই বেয়া পায়, সেইসকলে নিতৌ কেপছুল হালধি দুবাৰকৈ খাব লাগে৷ লগতে এক গিলাচ গৰম পানীত ওপৰত উল্লেখ কৰা হালধি পৰিমাণত দি কুলিকুলি কৰিব লাগে৷
৯৷ নিতৌ টেবলেট বা কেপছুল অশ্বগন্ধা দুবাৰকৈ খাব লাগে৷
১০৷ নিতৌ অপৰাজিতাৰ চাহ/সেউজীয়া চাহ সেৱন কৰিব লাগে৷
১১৷ ক’ভিড–১৯ত আক্রান্ত হোৱা যিসকলৰ স্মৃতিশক্তি লোপ পোৱা লক্ষণে দেখা দিয়ে, তেওঁলোকে নিতৌ দুটাকৈ টেবলেট ব্রাহ্মীৰ খাব লাগে৷ যদি পাৰে ৭–১০ দিন পঞ্চকর্ম চিকিৎসাত শিৰোধাৰা কৰিব লাগে৷
১২৷ নিতৌ গিলৈ টেবলেট দুবাৰকৈ খাওক৷
১৩৷ নিতৌ টেবলেট আয়ুস কৱাথ বা পানীয় আয়ুস কৱাথ দুবাৰকৈ সেৱন কৰিব লাগে৷
বিশেষ কিবা অসুবিধা বা লক্ষণ অনুভৱ কৰিলে চিকিৎসকৰ পৰামর্শ লোৱাটো বাধ্যতামূলক৷

You might also like