নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ মার্চ,চ’ত মাহৰ ১৩ তাৰিখ বৃহস্পতিবাৰঃ তিথি– কৃষ্ণা চতুর্দশী, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ নাই মেষঃ কর্মস্থানত মধ্যম৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷…

পদূলিমুখত ৰঙালী, ৪০০ৰো অধিক ঢোল যোগান ধৰিবলৈ সাজু বাৰপূজীয়াৰ বিনোদ ডেকা

বিশেষ বাৰ্তা, ২৬ মাৰ্চ : সন্মুখত ৰঙালী বিহু সমাগত। নাচনী, ঢুলীয়াৰ ব্যস্ততাৰ অন্ত নাই। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। শিশুৰ পৰা আৰম্ভ কৰি জাক জাক ডেকা গাভৰুৰ  বিহুনৃত্যত মুখৰিত বিহু কৰ্মশালা। বসন্তৰ আগমনে হাত বাউলি মাতিছে অসমীয়া…

দীপাংকৰ ৰায়মেধিক অসম সাহিত্য সভাৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি 

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সদ্য বিদায়ী সম্পাদক দীপাংকৰ ৰায়মেধি (অংকুৰ)ক অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সাংবিধানিক পদ 'আভ্যন্তৰীণ হিচাপ পৰীক্ষক' দায়িত্ব অৰ্পণ কৰা হৈছে। এগৰাকী বিশিষ্ট সংগঠক ৰূপে…

হলৌ বান্দৰ–মানুহৰ সম্পর্ক দেখি অভিভূত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা

📌পর্যটন বিভাগে গুৰুত্ব দিলে বহু দূৰ আগুৱাই যাব বাৰেকুৰি অঞ্চল 📌‘নিয়মীয়া বার্তা’ৰ প্রকাশক ভৱেশ ডেকাকো সম্বর্ধনা বিশেষ বার্তা ২৬ মার্চঃ পর্যটনৰ ক্ষেত্রখনত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত উপস্থিত হৈ…

মানকাচৰত কেইবাকোটি টকাৰ হেৰোইন জব্দ, পলাতক নুৰ ইছলামক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। সোনাপুৰ, বেকৰদোবা গাঁৱৰ নুৰ ইছলামনামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰৰ পৰা কিছুদিন পুৰ্বে কেইবা কোটি টকাৰ হেৰাইন দক্ষিণ…

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সুন্দৰ-শান্তিপূৰ্ণ হৈছে অসম, লোহাৰঘাটত নিৰ্বাচনী সভাত টংকেশ্বৰ ৰাভা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন সুন্দৰ শান্তিপূৰ্ণ বিকশিত অসমৰ ছবি উজলি উঠিছে৷ এই মন্তব্য ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ৷ আজি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ ৩৩নং কুলচী…

উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত নাওবৈচাত পথাৰ দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত নাওবৈচাত পথাৰ দিৱস পালন। পথাৰ দিৱসত সৰিয়হ আৰু টৰীয়াৰ বৈজ্ঞানিক কৃষি প্ৰণালী বিষয়ক এখনি পুস্তিকা উন্মোচন। উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰই যোৱা ৰবি শস্য বতৰত অসম…

সুকন্যা : ৰুদ্রসিংহৰ চিৰিয়াখানা পহুগড় আৰু অসম ৰাজ্যিক চিৰিয়াখানা

প্ৰদীপ ঠাকুৰীয়া স্বর্গদেউ ৰুদ্রসিংহহ (১৬৯৬–১৭১৪ খ্রীঃ) নিজৰ ৰাজত্বকালত বহুতো ঐতিহাসিক ৰাজমহল, দৌল–দেৱালয়, বাট–পথ আদি বনোৱাৰ সময়তে পশু–পক্ষী, বন্য জীৱ–জন্তুৰ সুৰক্ষাৰ কথা চিন্তা কৰি এখন চিৰিয়াখানা বনোৱাৰ পৰিকল্পনা কৰিছিল৷ এই চিৰিয়াখানাক…

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ প্ৰবল হেঁচা-অপাৰেচনত সন্ত্ৰস্ত, ৯ নক্সালবাদীৰ আত্মসমর্পণ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ আজি ছত্তিশগড়ৰ চুকমা জিলাত আত্মসমৰ্পণ কৰে ৯গৰাকী নক্সালবাদীয়ে। এই নক্সালবাদীসকলৰ বাবে ২৬ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। আত্মসমৰ্পণ কৰা নক্সালবাদীৰ ভিতৰত ৬গৰাকী মহিলা অন্তৰ্ভুক্ত। চুকমাৰ আৰক্ষী অধীক্ষকে কয় যে…

অনুমতি নাই ৰাজপথত নামাজ আদায়ৰ, বন্ধ লাউডস্পীকাৰো, নিৰ্দেশ নামানিলেই কঠোৰ হব প্ৰশাসনৰ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ উত্তৰ প্ৰদেশৰ চম্বলত ঈদৰ নামাজৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰক্ষী আৰু প্ৰশাসনে। ঈদৰ নামাজৰ পূৰ্বে দুটা কথাত নিষেধাজ্ঞাৰ স্পষ্ট নিৰ্দেশ দিছে আৰক্ষীয়ে। সেই অনুসৰি ঈদৰ সময়ত চম্বলৰ ৰাজপথত নামাজ দিয়াৰ কোনো অনুমতি নাই। লগতে…