নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ শতাংশলৈ হ্রাস ৰেপ’ ৰেট পুনৰ তিনি মাহলৈ ইএমআই ৰেহাই

নিয়মীয়া বাৰ্তা, ২৩ মেঃ  মহামৰী ক’ভিড–১৯ৰ বাবে দেশৰ অর্থনীতিত পৰা চাপ নিয়ন্ত্রণৰ লক্ষ্যৰে আজি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপৰ বিষয়ে ঘোষণা কৰে আৰবিআইৰ গৱর্নৰ শক্তিকান্ত দাসে৷ লকডাউনৰ চাৰিটা পর্যায়ৰ মাজত তিনি নম্বৰ সংবাদ মেল সম্বোধন কৰি আৰবিআইৰ গৱর্নৰ শক্তিকান্ত দাসে ৰেপ’ৰেট ৪০ বেছিছ পইণ্ট কর্তন কৰি ৰেপ’ৰেট ৪ শতাংশলৈ হ্রাস কৰে৷ তেনেদৰে ৰিভার্ছ ৰেপ’ৰেট ৩.৩৫ শতাংশলৈ হ্রাস কৰে৷ পাঁচজনীয়া সদস্যৰ মুদ্রানীতি কমিটীয়ে ভোটৰ জৰিয়তে ৰেপ’ৰেট হ্রাসৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি গৱর্নৰগৰাকীয়ে কয় যে পুনৰ তিনি মাহলৈ ঋণৰ মৰাট’ৰিয়াম পিৰিয়ড তথা তিনি মাহৰ ইএমআই সম্প্রসাৰণ কৰা হৈছে৷

ইয়াকে লৈ ক’ভিড–১৯ লকডাউনৰ প্রথম পর্যায়ত ঘোষিত পিছুৱাই দিয়া তিনি মাহৰ ইএমআইক লৈ মুঠ ৬ মাহ পিছুৱাই দিয়া হ’ল৷ গৱর্নৰগৰাকীয়ে ঘোষণা কৰা মতে, ১ জুনৰ পৰা ৩১ আগষ্টলৈ তিনি মাহৰ বাবে ঋণৰ কিস্তি তথা ইএমআই তিনি মাহলৈ পিছুৱাই দিয়া হৈছে৷

উল্লেখ্য যে ২০২০ চনৰ পিছত ৰেপ’ৰেট ৪ শতাংশলৈ হ্রাস কৰা হৈছে৷ ৰেপ’ৰেট হ্রাস কৰাৰ ফলত বেংকৰ ঋণৰ সুদ হ্রাস পাব৷ কার্যতঃ বেংকৰ পৰা ঋণ লোৱা গ্রাহকসকলে ঋণৰ সুদৰ ক্ষেত্রত সামান্য ৰেহাই পাব৷ লক্ষণীয় যে ইয়াৰ পূর্বে আৰবিআইৰ গৱর্নৰগৰাকীয়ে যোৱা ২৭ মার্চ আৰু ১৭ এপ্রিলত সংবাদ মেল সম্বোধন কৰিছিল৷

You might also like